অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

মাদল খেদা

দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলত বসবাস কৰা বড়োসকলৰ মাজত প্ৰচলিত এটি ৰঙৰ নাচ হ'ল মাদল খেলা। বৈসাগী উৎসৱত মাদল-খেদা এসপ্তাহজুৰি চলে। গৃহস্থৰ চোতালে চোতালে গৈ নচা এই মাদল খেদাত মাদলৰ উপৰি চিফুং, জখা, থৰকা চেৰাজা প্ৰভৃতি বাদ্য-যন্ত্ৰও ব্যৱহাৰ কৰে।

হালনাগাদ: ২৫ জানুৱাৰী ২০২৫ ১৮৪ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলত বসবাস কৰা বড়োসকলৰ মাজত প্ৰচলিত এটি ৰঙৰ নাচ হ'ল মাদল খেলা। বৈসাগী উৎসৱত মাদল-খেদা এসপ্তাহজুৰি চলে। গৃহস্থৰ চোতালে চোতালে গৈ নচা এই মাদল খেদাত মাদলৰ উপৰি চিফুং, জখা, থৰকা চেৰাজা প্ৰভৃতি বাদ্য-যন্ত্ৰও ব্যৱহাৰ কৰে। মাদল বজাওঁতে হাতত কোনো মাৰি নাথাকে, দুই হাতেৰেই ছন্দোময়ভাৱে চপৰিয়াই শব্দ তোলে। গাঁৱৰ মুখিয়ালৰ ঘৰৰ পৰাই মাদল খেদাৰ আৰম্ভণি হয়। এই নাচত সাধাৰণতে ল'ৰাই সৰ্বেসৰ্বা। তেওঁলোকৰ কঁকালত চুটি গামোচা, টঙালি, গেঞ্জী আৰু মূৰত ৰঙীন গামোছা। বাটেৰে গৈ থাকোঁতে বাটফুৰা তাল আৰু মানুহৰ ঘৰত ঘৰফুৰা তাল বজোৱাটো মাদল খেদা দলৰ সাধাৰণ ৰীতি। গৃহস্থই আলোচিত মাদল খেদা দলটিক স- ভক্তিৰে নঙলামুখৰপৰা আদৰি লৈ যায়। চোতালত তেওঁলোকে গৃহস্থৰ কুশল কামনা আৰু খেতি-বাতিৰ শ্ৰীবৃদ্ধিৰ বাবে আৰ্শীবাদ যাচি হৰিধ্বনি দিয়াৰ পাছত চক্ৰকাৰে নাচিবলৈ আৰম্ভ কৰে।১ নাচৰ চেৱে চেৱে তেওঁলোকে গীতো গায় -

তোৰো বাৰীত আদা ঐ মোৰো বাৰীত আদা। তোৰ পুতাৰে আদা খায় মোক বুলিব দাদা॥ লাউৰ পাত ঢেপা ঢেপা মিঠা নালাগে এনেহেন বেটীটোক জোঁৱাই নালাগে॥

মাদল খেদা শেষ হ'লে গৃহস্থই দলটিলৈ শ্ৰদ্ধাৰে মাননি আগবঢ়ায়। সেই মাননি লৈ তেওঁলোকে হৰিধ্বনি দি গুচি যায়। ড°অনিল বড়োৱে মাদল খেদা নাচৰ সৈতে বড়োসকলৰ প্ৰখ্যাত খেৰাই নৃত্যৰ বিশেষ ভংগী খামাও বাৰ মৌনায়ৰ সাদৃশ্য বিচাৰি পাইছে।২

তথ্যসূত্ৰ

  1. ↑ অসমৰ সংস্কৃতি -কোষ,ড° নাৰায়ণ দাস আৰু পৰমানন্দ ৰাজবংশী; পৃ:৫১১
  2. ↑ সূৰ্য্যকুমাৰ মজুমদাৰ; বড়ো সংস্কৃতিত দৃষ্টিপাত

সম্পৰ্কিত শ্ৰেণী

অসমৰ উৎসৱসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাদল খেদা” প্ৰবন্ধৰ সংশোধন ৪৬৫৭৭০ (২৫ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।