অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

মায়ং পবিতৰা মহোৎসৱ

মায়ং পবিতৰা মহোৎসৱ অসমৰ মৰিগাঁও জিলাৰ প্ৰসিদ্ধ পৰ্যটনস্থলী মায়ং আৰু পবিতৰা সংৰক্ষিত বনাঞ্চলৰ আকৰ্ষণ আৰু পৰ্যটনৰ অধিক প্ৰচাৰ আৰু উৎকৰ্ষ (promote) সাধনৰ উদেশ্যেৰে পবিতৰাত অনুষ্ঠিত হোৱা এক অনুষ্ঠান।

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ১৮৩ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

মায়ং পবিতৰা মহোৎসৱ অসমৰ মৰিগাঁও জিলাৰ প্ৰসিদ্ধ পৰ্যটনস্থলী মায়ং আৰু পবিতৰা অভয়াৰণ্যৰ আকৰ্ষণ আৰু পৰ্যটনৰ অধিক প্ৰচাৰ আৰু উৎকৰ্ষ (promote) সাধনৰ উদেশ্যেৰে পবিতৰাত অনুষ্ঠিত হোৱা এক অনুষ্ঠান।১ এই অনুষ্ঠানটো মৰিগাওঁ জিলা প্ৰশাসন তথা অসম ট্যুৰিজিম ডেভেলপমেন্ট কৰপৰেশ্যনৰ উদ্যোগত ২০১১ চনৰ ২৫-২৭ নৱেম্বৰলৈ তিনিদিনীয়াকৈ পোণপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হৈছিল। ২৩৪

উল্লেখযোগ্য অনুষ্ঠানসমূহ

প্ৰথমদিনা এক আকৰ্ষণীয় সাংস্কৃতিক শোভাযাত্ৰাৰে এই মহোৎসৱৰ শুভাৰম্ভণি হয়। মূখ্যমন্ত্ৰী তৰুণ গগৈয়ে মহোৎসৱৰ প্ৰদৰ্শণীৰ মুকলি কৰে। মহোৎসৱত আত্মসহায়ক গোটসমূহে অঞ্চলটোৰ কলা-সংস্কৃতিৰ এক প্ৰদৰ্শনীত অংশগ্ৰহণ কৰে। তাৰোপৰি স্থানীয় খাদ্যৰো এক প্ৰদৰ্শনীৰ আয়োজন কৰা হয়।

প্ৰথম দিনাৰ সন্ধিয়া এখন নাটক আৰু যাদুৰ প্ৰদৰ্শন (magic show) ৰ আয়োজন কৰা হয়।

দ্বিতীয়দিনা বৃক্ষৰোপণ, কুইজ, চিত্ৰাংকণ প্ৰতিযোগিতা আৰু কৰ্মশালা অনুষ্ঠিত হয়। সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানেৰে দিনটোৰ সামৰণী মৰা হয়।

মহোৎসৱৰ তৃতীয়দিনা জনগোষ্ঠীয় খেল-ধেমালি আৰু সাংস্কৃতিক অনুষ্ঠান আয়োজিত হয়। ৫

মূখ্য আকৰ্ষণ

এই মহোৎসৱৰ মূখ্য আকৰ্ষণ আছিল, মায়ঙৰ বৰ্তমানৰ আলংকাৰিক মহাৰজা তৰণী কান্ত কোঁৱৰৰ সৈতে বাৰজন সভাষদৰ শোভাযাত্ৰাত অংশগ্ৰহণ। তাৰোপৰি এই শোভাযাত্ৰাত ১০১ জন পৰম্পৰাগত বেজ তথা যাদুবিদ্যাৰ পণ্ডিতে অংশ লৈ তেওঁলোকৰ যাদু প্ৰদৰ্শন কৰে। মহোৎসৱত মায়ঙৰ ইতিহাস প্ৰসিদ্ধ ধ্বংসাবশেষ সমূহৰো প্ৰদৰ্শন হয়। ৬

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (২৫ অক্টোবৰ, ২০১১). Asaam Tribune কাকতত প্ৰকাশিত বাতৰি
  2. ↑ (২৬ নৱেম্বৰ, ২০১১). Times of India ত প্ৰকাশিত বাতৰি
  3. ↑ traveltechie.com ত প্ৰকাশিত বাতৰি
  4. ↑ আৰ্কাইভ কপি
  5. ↑ (২৬ নৱেম্বৰ, ২০১১). Assam Tribune ত প্ৰকাশিত বাতৰি
  6. ↑ (২২ নৱেম্বৰ, ২০১১). The Telegraph ত প্ৰকাশিত বাতৰি

সম্পৰ্কিত শ্ৰেণী

অসমৰ উৎসৱসমূহমহোৎসৱ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মায়ং পবিতৰা মহোৎসৱ” প্ৰবন্ধৰ সংশোধন ৩৮৫৭১০ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।