অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

অসম ইতিহাসৰ আদিযুগৰ তাম্ৰ আৰু শিলালিপিৰ তালিকা

ইতিহাস ৰচনাৰ সমল হিচাপে তাম্ৰ আৰু শিলালিপি সমূহৰ গুৰুত্ব আছে। অসমত বৰ্তমানলৈ ঊনচল্লিছখন লিপি আৱিষ্কৃত হৈছে। এই তালিকাত উদ্ধাৰ হোৱা শিলা আৰু তাম্ৰলিপিসমূহৰ তালিকা কৰি ৰখা হৈছে।

হালনাগাদ: ২৪ মে’ ২০২৫ ৭২ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ইতিহাস ৰচনাৰ সমল হিচাপে তাম্ৰ আৰু শিলালিপি সমূহৰ গুৰুত্ব আছে। অসমত বৰ্তমানলৈ ঊনচল্লিছখন লিপি আৱিষ্কৃত হৈছে। এই তালিকাত উদ্ধাৰ হোৱা শিলা আৰু তাম্ৰলিপিসমূহৰ তালিকা কৰি ৰখা হৈছে।১

জাৰিকৰা শাসকলিপিৰ নামসময়উদ্ধাৰ হোৱা স্থান
১সুৰেন্দ্ৰবৰ্মনউমাচল শৈল শাসনখৃ: পঞ্চম শতিকানীলাচল পাহাৰ, গুৱাহাটী
২বসুন্ধৰবৰ্মননগাজৰী খনিকৰ গাঁৱ পাষাণ লিপি (প্ৰথম খণ্ড)খৃ: পঞ্চম শতিকাগোলাঘাট জিলাৰ সৰু পথাৰৰ খনিকৰ গাঁও
৩বসুন্ধৰ বৰ্মণনগাজৰী খনিকৰ গাঁও পাষাণ লিপি (দ্বিতীয় খণ্ড)খৃ: পঞ্চম শতিকাগোলাঘাট জিলাৰ সৰু পথাৰৰ খনিকৰ গাঁও
৪শ্ৰীৰত্নবৰ্মণআলিছিগা-টেঙানি পাষাণ লিপিখৃ: পঞ্চম শতিকাআলিছিগা টেঙানি, বৰপথাৰ,গোলাঘাট
৫বসুন্ধৰ বৰ্মনআলিছিগা-টেঙানি মাটিৰ মোহৰখৃ: পঞ্চম শতিকাআলিছিগা টেঙানি, বৰপথাৰ, গোলাঘাট
৬ভূতিবৰ্মনবৰগংগা শৈল শাসনখৃ: ষষ্ঠ শতিকাবৰগংগা নদী, নগাঁৱৰ ডবকাৰপৰা ২৮ কিমি উত্তৰ-পূবে
৭কুমাৰ ভাস্কৰ বৰ্মাডুবি তাম্ৰশাসন আৰু ছিলখৃ: সপ্তম শতিকাবৰপেটা জিলাৰ ডুবি গাঁও, পাঠশালা ৰেল ষ্টেচনৰপৰা ৫ কিমি আঁতৰত
৮ভাস্কৰবৰ্মণনিধানপুৰ তাম্ৰশাসনখৃ: সপ্তম শতিকাচিলেট জিলাৰ বনিয় বজাৰ থানাৰ নিধানপুৰ গাঁও, বাংলাদেশ
৯কুমাৰ ভাস্কৰ বৰ্মানালন্দা মাটিৰ মোহৰখৃ: সপ্তম শতিকানালন্দা মহাবিহাৰ, (site no. 1) বৌদ্ধবিহাৰ ১ নং
১০ৰজাৰ নাম উল্লেখ নাইদেওপানী বিষ্ণুমূৰ্তি লিপিখৃ: অষ্টম শতিকাদেওপানী, গোলাঘাট জিলা
১১শ্ৰীজীৱৰাশংকৰ-নাৰায়ণ মূৰ্তি লিপিখৃ: অষ্টম শতিকাদেওপানী, গোলাঘাট জিলা
১২শ্ৰীজীৱৰাকৃষ্ণ-দুৰ্গা পাষান মূৰ্তি লিপিখৃ: অষ্টম শতিকাকাছমাৰি পথাৰৰ বিশ্ৰামপুৰ
১৩দীঘলেখবৰ্মনহৰি-হৰ মূৰ্তি লিপিখৃ: অষ্টম শতিকাদেওপানী, গোলাঘাট জিলা
১৪শ্ৰীকুমাৰতাম্ৰ ঘণ্টা লিপিখৃ: অষ্টম শতিকাগুৱাহাটী
১৫শ্ৰীজীৱৰজানগাঁও খণ্ডিত তাম্ৰ শাসনখৃ: অষ্টম শতিকানগাঁও
১৬হৰ্জৰ বৰ্মণতেজপুৰ শৈল শাসন৫১০ গুপ্তাব্দ (=৮১০ খৃষ্টাব্দ)তেজপুৰ
১৭হৰ্জৰবৰ্মণহয়ুণ্ঠাল তাম্ৰ শাসনখৃ: নৱম শতিকাহয়ুণ্ঠাল, কাৰ্বি আংলং
১৮হৰ্জৰবৰ্মণকুৰুৱাবাহী তাম্ৰ শাসনখৃ: নৱম শতিকাকুৰুৱাবাহী সত্ৰ, নগাঁও
১৯বনমালবৰ্মাদেৱসূৰ্যমূৰ্তি লিপিখৃ: নৱম শতিকাকাকি, নগাঁও জিলা
২০বনমালবৰ্মাদেৱতেজপুৰ তাম্ৰ শাসনখৃ: নৱম শতিকাতেজপুৰ
২১বনমালবৰ্মাদেৱপৰ্বতীয়া তাম্ৰ শাসনখৃ: নৱম শতিকাপৰ্বতীয়া গাঁও, তেজপুৰৰ পৰা ৫ কিমি নিলগত
২২বনমালবৰ্মাদেৱকলিয়াবৰ তাম্ৰ শাসনখৃ: নৱম শতিকাদিঘলীগাঁও, নগাঁও
২৩দান কৰোঁতাৰ নাম নাইব্ৰঞ্জৰ সূৰ্য মূৰ্তি লিপিখৃ: নৱম শতিকাতিতাবৰ মহকুমাৰ আমগুৰিখাট
২৪বলবৰ্মনউত্তৰ-বৰবিল তাম্ৰশাসনখৃ: নৱম শতিকাউত্তৰ বৰবিল গাঁও, হাওৰাঘাট, কাৰ্বি আংলং
২৫বলবৰ্মন (৩য়)উলুবাৰী তাম্ৰশাসনখৃ: নৱম শতিকানাহৰহাবি মৌজাৰ উলুবাৰী গাঁও, দৰং জিলা
২৬বলবৰ্মন (৩য়)নগাঁও তাম্ৰশাসনখৃ: নৱম শতিকাসূতৰগাঁও, নগাঁৱৰপৰা ৯ কিমি নিলগত
২৭ৰত্নপালবৰ্মনচোৰাতবাৰী তাম্ৰশাসনখৃ: একাদশ শতিকাচোৰাতবাৰী, নগাঁও
২৮ৰত্নপালবৰ্মনবৰগাঁও তাম্ৰশাসনখৃ: একাদশ শতিকাবৰগাঁও মৌজাৰ নাহৰহাৰিগাঁও, তেজপুৰ
২৯ৰত্নপালবৰ্মনশুৱালকুছি তাম্ৰশাসনখৃ: একাদশ শতিকাশুৱালকুছী, কামৰূপ জিলা
৩০ইন্দ্ৰপালবৰ্মনগুৱাহাটী তাম্ৰশাসনখৃ: একাদশ শতিকাপাতি দৰং মৌজাৰ বৰপানাৰা গাঁও, গুৱাহাটী
৩১ইন্দ্ৰপালবৰ্মনগুৱাকুছি তাম্ৰশাসনখৃ: একাদশ শতিকাগুৱাকুছি গাঁও, নলবাৰী
৩২গোপালবৰ্মনগছতল স্তম্ভলিপিখৃ: একাদশ শতিকাগছতল গাঁও, ডবকা, নগাঁও জিলা
৩৩ধৰ্ম পালখনামুখ তাম্ৰশাসনখৃ: দ্বাদশ শতিকাবৰভগীয়া মৌজাৰ খনামুখ গাঁও, নগাঁও জিলা
৩৪ধৰ্মপালশুভংকৰ পাটক তাম্ৰশাসনখৃ: দ্বাদশ শতিকাউদ্ধাৰ হোৱা স্থান জনা নাযায়
৩৫ধৰ্মপালপুষ্পভদ্ৰা তাম্ৰশাসনখৃ: দ্বাদশ শতিকাউত্তৰ গুৱাহাটীৰ পুষ্পভদ্ৰা নদীৰ শুষ্ক তলিৰপৰা
৩৬বৈদ্যদেৱকমৌলি তাম্ৰশাসনখৃ: দ্বাদশ শতিকাকমৌলি গাঁও, বাৰানসী
৩৭বল্লভদেৱঅসম তাম্ৰশাসন১১০৭ শকাব্দ (=খৃ: ১১৮৫)তেজপুৰ
৩৮পৃথু২কানাই বৰশী শৈল শাসন১১২৭ শকাব্দ (=খৃ: ১২০৬)উত্তৰ-গুৱাহাটী
৩৯সমুদ্ৰপালআমবাৰী শৈল শাসন১১৫৪ শকাব্দ (=খৃ: ১২৩২)গুৱাহাটী

সহায়ক গ্ৰন্থপঞ্জী

তথ্যসূত্ৰ

  1. ↑ ড. নিৰোদ বৰুৱা, ড. সুৰজিত বৰুৱা (২০০৭). স্নাতক মহলাৰ অসমৰ ইতিহাস. কে.এম. পাব্‌লিছিং, (২য় সংস্কৰণ). পৃ: ১১ আৰু পৰিশিষ্ট-১ ৰপৰা আহৰিত
  2. ↑ প্ৰাচীন শিলালিপি - অসমৰ ঐতিহ্যৰ সাক্ষী, লেখক: কন্দৰ্প কলিতা, অসমীয়া প্ৰতিদিন, বুধবৰীয়া বিশেষ পৰিপূৰিকা ৰ’দালি, তাং: ৩ অক্টোবৰ, ২০১২

সম্পৰ্কিত শ্ৰেণী

অসমৰ ইতিহাসঅসম সম্পৰ্কীয় তালিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসম ইতিহাসৰ আদিযুগৰ তাম্ৰ আৰু শিলালিপিৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৫১২৩৬৩ (২৪ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।