অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

ভীষ্মকনগৰ

ভীষ্মকনগৰ (কুণ্ডিলনগৰ ৰূপেও জনাজাত) উত্তৰ পূব ভাৰতৰ অৰুণাচল প্ৰদেশত অৱস্থিত এক প্ৰত্নতাত্ত্বিক ঐতিহ্যমূলক স্থান। ভীষ্মকনগৰ নামনি দিবাং উপত্যকা জিলাৰ ৰ'ইঙত অৱস্থিত। অসমৰ চুতীয়া ৰাজ্যৰ ইতিহাস বিজড়িত এই ঠাই প্ৰত্নতাত্ত্বিক দৃষ্টিকোণৰ পৰা অত্যন্ত গুৰুত্বপূৰ্ণ।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৪১৫ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

ভীষ্মকনগৰ (কুণ্ডিলনগৰ ৰূপেও জনাজাত) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশত অৱস্থিত এক প্ৰত্নতাত্ত্বিক ঐতিহ্যমূলক স্থান। ভীষ্মকনগৰ নামনি দিবাং উপত্যকা জিলাৰ ৰ'ইঙত অৱস্থিত। অসমৰ চুতীয়া ৰাজ্যৰ ইতিহাস বিজড়িত এই ঠাই প্ৰত্নতাত্ত্বিক দৃষ্টিকোণৰ পৰা অত্যন্ত গুৰুত্বপূৰ্ণ। ১

নামৰ ব্যুৎপত্তি

১৯৭০ চনৰ দশকত প্ৰত্নতাত্ত্বিক গৱেষকসকলে নামনি দিবাং জিলাৰ ৰ'ইঙত এখন প্ৰাচীন নগৰৰ ভগ্নাৱশেষ উদ্ধাৰ কৰে। এই গৱেষকসকলেই অঞ্চলটোৰ নাম 'ভীষ্মকনগৰ' ৰাখে। সম্ভৱতঃ চুতীয়াসকলৰ কিম্বদন্তী ৰজা ভিৰমুক্কা (Bhirmukka) নামৰ সংস্কৃতকৰণৰ জৰিয়তে ভীষ্মক শব্দৰ ব্যুৎপত্তি হ'ল। বুৰঞ্জীপ্ৰাপ্ত তথ্য অনুসৰি, মধ্যযুগত চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাতা বীৰপালে নিজকে ৰজা ভিৰমুক্কাৰ উত্তৰসুৰী হিচাপে পৰিচয় দিছিল।

দেওধাই বুৰঞ্জীৰ পাঠত পোৱা যায়,

“শদিয়া ক'ৰজাকু-দেশ চুতিকা-বংশ ভিৰমুক্কা ধাতু দ্ৰৱ্য টো লেভে না সত্ব জনপদন্য”
— Chutia Vanshawali, Deodhai Buranji

ঐতিহাসিকভাৱে, কুণ্ডিল নদীৰ পাৰত অৱস্থিত হোৱাৰ কাৰণে এই অঞ্চল কুণ্ডিল-নগৰ হিচাপে জনাজাত আছিল। ইয়াৰ লগতে, সধয়াপুৰৰ অধিপতি (সধয়াপুৰ-ঈশ্বৰ) নামৰ পৰা "সধয়াপুৰ" নামৰ উদ্ভৱ হয়। আনহাতে, টাই বুৰঞ্জী অনুসৰি ইয়াৰ নাম "চে-লুং" (অসমীয়া অৰ্থ: বৰ-নগৰ, ইংৰাজী অৰ্থ:Great City)।

অৱস্থান

ভীষ্মকনগৰ বৰ্তমানৰ অৰুণাচল প্ৰদেশৰ নামনি দিবাং উপত্যকা জিলাৰ অংশ। এই পৌৰাণিক নগৰখনৰ পৰিসৰ ২৫০০ একৰ ক্ষেত্ৰ জুৰি বিস্তৃত।

ইতিহাস

প্ৰত্নতাত্ত্বিক দিশৰ পৰা ভীষ্মকনগৰ এক গুৰুত্বপূৰ্ণ প্ৰাচীন স্থান। এই নগৰখন খ্ৰীষ্টীয় ৮ম শতিকাত এগৰাকী চুতীয়া ৰজাৰ দ্বাৰা নিৰ্মিত হৈছিল আৰু পৰৱৰ্তীকালত ৰত্নধ্বজপাল নামৰ (গৌৰীনাৰায়ণ নামেৰেও প্ৰখ্যাত) আন এগৰাকী চুতীয়া ৰজাৰ পৃষ্ঠপোষকতাত পুনৰ নিৰ্মিত হৈছিল। ২ ভীষ্মকনগৰ চুতীয়া ৰাজ্যৰ শক্তিকেন্দ্ৰ আছিল বুলি ঠাৱৰ কৰা হয়। অদুপৰি, এই স্থানত উদ্ধাৰ হোৱা ভগ্নাৱশেষ আৰু ধ্বংসস্তুপসমূহ খ্ৰীষ্টীয় ১১শ শতিকাৰ পৰা ১৫শ শতিকাৰ মাজৰ হিচাপে চিহ্নিত কৰা হৈছে। ৩ ভীষ্মকনগৰক সাধ্যপুৰী (অথবা স্বাধ্যপুৰী) হিচাপেও জনা যায়, আৰু ই চুতীয়া সাম্ৰাজ্যৰ ৰাজনৈতিক প্ৰাণকেন্দ্ৰ আছিল। ৪ মহেশ্বৰ নেওগৰ মতে, সম্ভৱতঃ চুতীয়া ৰজা লক্ষ্মীনাৰায়ণে ইয়াৰ মেৰামতিৰ কাম হাতত লৈছিল, কিয়নো শ্ৰী শ্ৰী লক্ষ্মী-নাৰায়ণ নামাংকিত ইটা সেই স্থানত উদ্ধাৰ হৈছিল।৫ আনহাতে, কুণ্ডিল নদীৰ পাৰত অৱস্থিত হোৱাৰ বাবে এই স্থান কুণ্ডিলনগৰ নামেৰেও প্ৰখাযত।

স্থাপত্য

পোৰা-মাটিৰ ইটাৰে সজা এই এই দূৰ্গৰ শীৰ্ষভাগ অতি বৈশিষ্ট্যপূৰ্ণ আৰু চিত্তাকৰ্ষক। প্ৰাচীন স্থপতিবিদসকলৰ কলা-নৈপুণ্যৰ ই এক মনোমোহা নিদৰ্শন। আনকি, আধুনিক যুগতো এই দূৰ্গৰ স্থাপত্যক বিস্ময়কৰ কাৰুকলা হিচাপে চিহ্নিত কৰিব পাৰি। নগৰখন প্ৰায় ১০ বৰ্গ কিল'মিটাৰ ক্ষেত্ৰত বিস্তৃত হৈ আছে। ই পূৱ, পশ্চিম আৰু দক্ষিণ দিশত ৪.৫ মিটাৰ উচ্চতাৰ আৰু ৬ মিটাৰ প্ৰস্থৰ ৬-৯ তৰপীয়া গ্ৰেণাইট আৰু ইটাৰ দেৱালেৰে পৰিৱেষ্টিত হৈ আছে। ৬ উত্তৰদিশত থকা মিছিমি পাহাৰে নগৰক এক প্ৰাকৃতিক সুৰক্ষা আৱেষ্টনী প্ৰদান কৰে। অৰুণাচল প্ৰদেশ চৰকাৰৰ যদিও বিশেষ প্ৰত্নতাত্ত্বিক খন্দন অনুসন্ধান সম্পন্ন হোৱা নাই, কিন্তু প্ৰাথমিক খননত তিনিখন টেংক, আৰু পূৱ আৰু পশ্চিম দিশত দুখন তোৰণৰ অৱস্থিতি পোৱা গৈছে। ৭

ভীষ্মকনগৰৰ কেন্দ্ৰীয় পৰিসৰ ১৮৬০ বৰ্গমিটাৰ কালিত বিস্তৃত। ইয়াত তিনিটা ভৱন, ছখন প্ৰৱেশদ্বাৰ আৰু দুটা বিস্তাৰ কক্ষ আছে। পৰিসৰৰ ভিতৰত ২ মিটাৰ উচ্চতাৰ শৈল দেৱাল অৱস্থিত। দূৰ্গৰ স্থাপত্য হৈছে মধ্যযুগীয় কলা-স্থাপত্যৰ নিদৰ্শন। উৎখননৰ সময়ত প্ৰাপ্ত মাটিৰ বাচন-বৰ্তন, পোৰামাটি(টেৰাক'টা)-ৰ মূৰ্তি, টেৰাক'টা ফলক আৰু আলংকাৰিক সজ্জা-খপৰাসমূহ (decorative tiles) বৰ্তমান সংৰক্ষিত হৈ আছে।

তথ্যসূত্ৰ

  1. ↑ Bhismaknagar. Government of Arunachal Pradesh
  2. ↑ Bhismaknagar Fort. India Mapped
  3. ↑ Deori, Nabajit,Archaeological Heritage of Arunachal Pradesh,p.8.
  4. ↑ Momin, Mignonette; Mawlong, Cecile A.; Qādrī, Fuz̤ail Aḥmad. (2004). Society and Economy in North-East India. Regency Publications. পৃ. 47. ISBN 9788189233402
  5. ↑ Neog, Maheswar, A Ruling dynasty of Arunachal: Annals of the Bhandarkar Oriental Research Institute Vol. 58/59, Diamond Jubilee Volume (1977-1978), p.817
  6. ↑ Gait, Edward. A history of Assam(2nd Edition). 1962, p. 16
  7. ↑ Raikar, Yashawant. Archeology in Arunachal Pradesh. 1980, p. 19

সম্পৰ্কিত শ্ৰেণী

অসমঅসমৰ ইতিহাসচুতীয়া ৰাজ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভীষ্মকনগৰ” প্ৰবন্ধৰ সংশোধন ৬৩২০৪০ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।