হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞি (Harapriya Barukial Borgohain) এগৰাকী অসমীয়া সাহিত্যিক আৰু শিক্ষয়িত্ৰী। বিভিন্ন বিষয়ৰ ওপৰত লিখিছে যদিও তেওঁ শিশু সাহিত্যৰ বাবে বিশেষভাবে জনাজাত। শিশু সাহিত্যলৈ আগবঢ়োৱা বৰঙণিৰ বাবে তেওঁ অসমীয়া ভাষা শিতানত সাহিত্য অকাডেমিৰ শিশু সাহিত্য বঁটা লাভ কৰিছে।১
প্ৰাৰম্ভিক আৰু কৰ্ম জীৱন
বৰগোহাঞি গোলাঘাট জিলাৰ কমাৰ গাঁৱত যদিও পঞ্চাচৰ দশকৰ একেবাৰে আৰম্ভণিতে তেওঁৰ জন্ম হৈছিল একেখন জিলাৰে বৰপথাৰৰ ওচৰৰ ভোলাগুৰি গাঁৱত। তেওঁৰ জন্ম তাৰিখ ২৮ আগষ্ট। তেওঁৰ দেউতাকে ভোলাগুৰি হাইস্কুলখন প্ৰতিষ্ঠা কৰিছিল। সেই সূত্ৰে দেউতাকে সপৰিয়ালে তাতে বাস কৰিছিল। হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞিয়ে শিক্ষাৰম্ভ ভোলাগুৰিৰ ১ নং লিকচন প্ৰাথমিক বিদ্যালয়ত কৰিছিল। তাৰপৰা তেওঁ নামভৰ্তি কৰে পিতৃয়ে প্ৰতিষ্ঠা কৰা ভোলাগুৰি হাইস্কুলত। যোৰহাটৰ দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়ৰ পৰা তেওঁ ইংৰাজী বিষয়ত সন্মান-সহ স্নাতক উপাধি লয়। বিয়া হৈ চাৰিটা সন্তানৰ মাতৃ হোৱাৰ পিছত তেওঁ অসমীয়া সাহিত্যত স্নাতকোত্তৰ পাঠ্যক্ৰম সমাপ্ত কৰে।১
স্নাতক উপাধি লোৱাৰ পিছত কিছুদিনৰ বাবে ভোলাগুৰি হাইস্কুলত শিক্ষয়িত্ৰীৰ কামত সোমায়। তাৰ পিছত ৰঙামাটি ছোৱালী হাইস্কুলত যোগদান কৰে। বিয়াৰ পিছত দেৱীচৰণ বৰুৱা হাইস্কুল আৰু তৰাজান হাইস্কুলত অস্থায়ী ভিত্তিত কামত সোমায়। তেওঁৰ স্বামী গুৱাহাটীলৈ স্থানান্তৰ হোৱা সূত্ৰে ১৯৯৫ চনত তেওঁ গুৱাহাটী, ভৰলুমুখৰ সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অসমীয়াৰ বিষয় শিক্ষয়িত্ৰী পদত যোগদান কৰে। সেই একেই পদবীত তেওঁ ২০১৪ চনত অৱসৰ গ্ৰহণ কৰে। ২০১৩ চনতে তেওঁ অৱসৰ ল’বলগীয়া আছিল যদিও ‘কৃতি শিক্ষক’ৰ বঁটা পোৱাত চাকৰিৰ কাৰ্যকাল এবছৰ বৃদ্ধি হয়।কৰে।১
সাহিত্যচৰ্চা
পিতৃ-মাতৃ শিক্ষক হোৱাৰ সূত্ৰে বৰগোহাঞিয়ে ঘৰতে এক শিক্ষা আৰু সাহিত্য চৰ্চাৰ পৰিবেশ পাইছিল। কিতাপৰ প্ৰতি অত্যন্ত অনুৰাগী মাকে তেওঁক গল্প লিখিবলৈ শিকাইছিল। স্বাভাৱিকতে তেওঁ সৰুৰে পৰা লিখিবলৈ আৰম্ভ কৰিছিল। বিভিন্ন সাহিত্য প্ৰতিযোগিতাত যোগ দি বঁটা-বাহন লাভ কৰিছিল। তেওঁ গল্প লিখাৰ সমান্তৰালকৈ প্ৰবন্ধ আদিও লিখিছিল। বৰগোহাঞিয়ে ৰচনা কৰা গল্প চাৰিশৰো অধিক। তেওঁৰ কেইবাখনো গল্প সংকলন ইতিমধ্যে প্ৰকাশ পাইছে। কিন্তু তেওঁ বেছি প্ৰখ্যাত শিশু সাহিত্যিক হিচাপেহে। শিশু সাহিত্যত মনোনিবেশ কৰিবলৈ তেওঁক উৎসাহিত কৰিছিল তেওঁৰ স্বামী যতীন্দ্ৰনাথ বৰগোহাঞিয়ে। তেওঁৰ শিশুৰ বাবে লিখা ৰচনা প্ৰথম প্ৰকাশ পায় মৌচাক আলোচনীত। তাৰপিছতে মৌচাকৰ উপৰিও সঁফুৰা, মুকুতা, বিভিন্ন কাকতৰ শিশু পৃষ্ঠা আদিত তেওঁৰ লেখা প্ৰকাশ পাবলৈ ধৰে। লগেলগে বিভিন্ন প্ৰকাশকৰ তাগিদাত তেওঁৰ বহু কেইখন শিশু উপযোগী গ্ৰন্থ ছপা হৈ ওলায়। বৰগোহাঞি ৰচিত ৰেলগাড়ীৰ আৱিষ্কাৰক জৰ্জ ষ্টিফেনচন শীৰ্ষক গ্ৰন্থ এখন অষ্টম শ্ৰেণীৰ দ্ৰুতপাঠ্য ৰূপেও অনুমোদন পাইছিল।কৰে।১
পাৰিবাৰিক জীৱন
১৯৭৬ চনৰ ৬ মাৰ্চত যতীন্দ্ৰ কুমাৰ বৰগোহাঞিৰ সৈতে তেওঁ বিবাহপাশত আৱদ্ধ হয়।২ ২০১৩ চনত তেওঁৰ স্বামীৰ মৃত্যু হয়। দম্পত্তিহালৰ চাৰিটা সন্তান, ক্ৰমে ড॰ মাধুৰ্য মধুৰ বৰগোহাঞি, ডা° মৃণাল মধুৰ বৰগোহাঞি, ডা° মৰমী মাধুৰী বৰগোহাঞি আৰু ডা° জিকমিক ৰূপালী জোনাক।৩
বঁটা আৰু সন্মান
শিশু সাহিত্যলৈ আগবঢ়োৱা সামগ্ৰিক অৱদানৰ বাবে বৰগোহাঞিক সাহিত্য অকাডেমিৰ অসমীয়া ভাষা শিতানত ২০১৬ চনৰ শিশু সাহিত্য বঁটা প্ৰদান কৰা হয়।৪ তাৰোপৰি তেওঁ ধৰ্মেশ্বৰ কাকতি শিশু সাহিত্য বঁটা,৫ কৃতি শিক্ষকৰ বঁটা, আদৰ্শ মাতৃ বটাঁ আদিও লাভ কৰিছে।১
তথ্যসূত্ৰ
- ↑ হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞিৰ সৈতেঅন্তৰংগ আলাপ. Voice 24x7
- ↑ দৈনিক অসম
- ↑ আজিৰ দৈনিক বাতৰি ই পেপাৰ
- ↑ (June 16, 2016). Bal Sahitya Puraskar 2016. Press Release, Sahitya Akademy
- ↑ OUR PROMINENT ALUMNI. DCB Girls' College official site
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞি” প্ৰবন্ধৰ সংশোধন ৪৩৪১৪৫ (২৯ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।