অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

বাগ্‌ধ্বনি

বাগ্‌ধ্বনি বা ধ্বনি (Phone বা Speech sound) বুলিলে মানুহে কথা বতৰা পাতোঁতে মুখেৰে বায়ুৰ সোঁতৰ সহায়ত যি মাত উলিয়ায় সেই মাতৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ভাগ বা খণ্ডবোৰকে বুজোৱা হয়। ধ্বনি, ধ্বনিগুণ আৰু লয়ৰ বিশ্লেষণাত্মক আলোচনাক ধ্বনিবিজ্ঞান (Phonetics) আৰু বৰ্ণবিজ্ঞানৰ (phonemics) অন্তৰ্ভুক্ত কৰা হয়।

হালনাগাদ: ১ এপ্ৰিল ২০২৬ ৩১৫ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

বাগ্‌ধ্বনি বা ধ্বনি (Phone বা Speech sound) বুলিলে মানুহে কথা বতৰা পাতোঁতে মুখেৰে বায়ুৰ সোঁতৰ সহায়ত যি মাত উলিয়ায় সেই মাতৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ভাগ বা খণ্ডবোৰকে বুজোৱা হয়।১ ধ্বনি, ধ্বনিগুণ আৰু লয়ৰ বিশ্লেষণাত্মক আলোচনাক ধ্বনিবিজ্ঞান (Phonetics) আৰু বৰ্ণবিজ্ঞানৰ (phonemics) অন্তৰ্ভুক্ত কৰা হয়। বাগ্‌বিজ্ঞানৰ আলোচনা পদ্ধতি ভাষা নিৰপেক্ষ হোৱা বাবে জগতৰ ভিন ভিন ভাষাৰ বিশ্লেষণত বা ব্যাকৰণত একেবোৰ পাৰিভাষিক শব্দৰ প্ৰয়োগ হ’ব পাৰে। সেয়েহে, ভাষাৰ লিখিত ৰূপদানত আন্তৰ্জাতিক ধ্বনিবিজ্ঞানৰ বৰ্ণমালা (International Phonetic Alphabet) স্বীকৃতি হ’ব পাৰিছে।২

বৰ্তমান ভাষাত ধ্বনিৰ উচ্চাৰণ আৰু আখৰৰ মাজত বৰ্তমানে সামঞ্জস্য দেখা নাযায়। অসমীয়া ভাষাত আঠোটা বিশিষ্ট স্বৰধ্বনি আৰু একৈশটা বিশিষ্ট ব্যঞ্জন ধ্বনি ('ৱ' আৰু 'য়' এই দুটা অৰ্ধস্বৰ ধৰিলে তেইশটা ব্যঞ্জন বৰ্ণ) উচ্চাৰিত হয়।৩

বাগ্‌ধ্বনিৰ কোনো অৰ্থ নাই

ধ্বনি ভাষাৰ অপৰিহাৰ্য সামগ্ৰী। ধ্বনি বা ধ্বনি সমষ্টিৰে আমাৰ মনৰ ভাব প্ৰকাশ কৰোঁ যদিও, বাগ্‌ধ্বনিৰ কোনো অৰ্থ নাই।১ উদাহৰণস্বৰূপে-

উদাহৰণধ্বনিমন্তব্য
তোমাৰ নাম কি?ত্‌ + ও + ম্‌ + আ + ৰ্‌ন্‌ + আ + ম্‌ক্ +‌ ইইয়াৰে ত্‌, ও, ম্‌, আ, ৰ্‌, ন্,‌ আ, ম্‌, ক্‌, ই -ৰ কোনো নিৰ্দিষ্ট অৰ্থ নাই

অৰ্থবোৰ মানুহে লগাই দি লোৱা কথা; ধ্বনিবোৰৰ নিজস্ব গুণৰ পৰা অৰ্থ নিৰ্ণীত নহয়।

কেতিয়াবা এটা মাথোঁ ধ্বনিৰেও এটা আকৃতি বা শব্দ হ’ব পাৰে। যেনে- 'ই'। এই 'ই' এটা ধ্বনি। ধ্বনি হিচাপে ইয়াৰ কোনো অৰ্থ নাই। কিন্তু যেতিয়া এই 'ই' ধ্বনিটোৰে 'এই মানুহটো বা এই বস্তুটো' বুজোৱা হয় তেতিয়া এই 'ই'-টো অৰ্থযুক্ত হৈ পৰে, আৰু ই কেৱল ধ্বনি হৈ নাথাকি এটা আকৃতি বা ৰূপ বা শব্দত পৰিণত হয়।১

বাগ্‌ধ্বনি আৰু বৰ্ণ

মানুহে কথা বতৰা পাতোঁতে মুখেৰে বায়ুৰ সোঁতৰ সহায়ত যি মাত উলিয়ায় সেই মাতৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ভাগ বা খণ্ডবোৰকে বাগ্‌ধ্বনি, বা চমুকৈ ধ্বনি বোলা হয়।১ আৰু মানুহে কথা কওঁতে যিবিলাক শব্দ উচ্চাৰণ কৰে, সিহঁতক লিখি প্ৰকাশ কৰিবলৈ প্ৰত্যেকটোৰে একোটা চিন ব্যৱহাৰ কৰা হৈছে। সেই চিনবিলাকক বৰ্ণ বোলা হয়। চলিত কথাত বৰ্ণক আখৰ বোলে।৪

বিশিষ্ট ধ্বনি আৰু আখৰ

বিশিষ্ট স্বৰ ধ্বনিঅসমীয়া আখৰ
অঅ
আআ
ইইঈ
উউঊ
এএ
এ’এ
অ’অ
ওও
বিশিষ্ট ব্যঞ্জন ধ্বনিঅসমীয়া আখৰ
কক
খখ
গগ
ঘঘ
ঙঙং
চচছশষস
জজঝযহ্য
তৎট
থথঠ
দদড
ধধঢ
ননণ
পপ
ফফ
বব
ভভ
মম
ৰৰড়
লল
সশষস
হহঃ

বৰ্ণ, অক্ষৰ আৰু আখৰ

বৰ্ণমালাৰ বৰ্ণবোৰ একো একোটা চিহ্ন বিশেষ; এই বৰ্ণবোৰক আখৰ কোৱা হয়। শ্ৰৱণেন্দ্ৰিয়ৰে শুনা স্তৰত যিটো শ্ৰূয়মাণ বৰ্ণ, চাক্ষুষ অৰ্থাৎ দৃশ্যমান স্তৰত সেইটোৱেই আখৰ। বৰ্ণই প্ৰকাৰান্তৰে আখৰ, আৰু আখৰে প্ৰকাৰান্তৰে বৰ্ণ।৫৬

অসমীয়া আখৰ শব্দটো সংস্কৃত অক্ষৰ শব্দৰ পৰা ওলাইছে যদিও দুয়োটা শব্দৰ অৰ্থ একে নহয়। অক্ষৰ শব্দই syllable বুজায়। এটা মাথোন হৃদস্পন্দন উচ্চাৰিত ধ্বনি বা ধ্বনিসমষ্টিকে অক্ষৰ বোলে।৬

'বৰ্ণ', 'অক্ষৰ' আৰু 'আখৰ' এই তিনিওটা প্ৰকৃতপক্ষে বেলেগ। সংস্কৃত ভাষাত বৰ্ণসূচক আখৰবোৰে একো একোটা অক্ষৰৰো প্ৰতিনিধিত্ব কৰে; অৰ্থাৎ সংস্কৃতৰ আখৰবোৰ অক্ষৰো। উদাহৰণস্বৰূপে, স্বৰ বৰ্ণমালাৰ अ, आ, इ, ई আদি প্ৰত্যেকটোৱেই একো একোটা বৰ্ণ আৰু একো একোটা অক্ষৰ; অসমীয়া মতে ইহঁতৰ প্ৰত্যেকেই একো একোটা আখৰ; ইহঁত অৱশ্যে অক্ষৰো। ব্যঞ্জন বৰ্ণমালাৰ ক্ষেত্ৰত সুকীয়া। যেনে- ক (क), খ (ख), গ (ग), ঘ (घ) আদি প্ৰত্যেকেই একো একোটা অক্ষৰহে; কিয়নো ইহঁতৰ প্ৰত্যেকতে 'অ' -স্বৰ যুক্ত হৈ থাকে। যেনে- ক=ক্‌অ (क=क्अ), খ=খ্‌অ (ख=ख्अ), গ=গ্‌অ (ग=ग्अ), ঘ=ঘ্‌অ (घ=घ्अ) ইত্যাদি। ব্যঞ্জন বৰ্ণৰ আখৰবোৰত দুটাকৈ বৰ্ণ নিহিত হৈ থাকে। এটা হ’ল ব্যঞ্জন বৰ্ণ আৰু আনটো অ -স্বৰ বৰ্ণ।৬

হলন্ত আখৰবোৰহে প্ৰকৃতপক্ষে সংস্কৃত ভাষাত একাকী বৰ্ণ; অৰ্থাৎ क এটা অক্ষৰ আৰু क् এটা বৰ্ণ।৬

অসমীয়াত क (ক) এটা অক্ষৰ, क् (ক্‌) এটা বৰ্ণ আৰু क (ক) আৰু क् (ক্‌) দুয়োটাই একে আখৰ।৬

তথ্যসূত্ৰ

  1. ↑ গোস্বামী, ড॰ শ্ৰীগোলোকচন্দ্ৰ. (2000). বাগ্‌ধ্বনি. পৃ. 31-34
  2. ↑ গোস্বামী, ড॰ শ্ৰীগোলোকচন্দ্ৰ. (2017). ভাষা আৰু ব্যাকৰণ. পৃ. 33-34
  3. ↑ বৰুৱা, ড॰ ভীমকান্ত. (2006). অসমীয়া বৰ্ণমালা. পৃ. 126-135
  4. ↑ (September, 2012). বহল ব্যাকৰণ. বীণা লাইব্ৰেৰী
  5. ↑ বৰ্ণবিজ্ঞানৰ মতে বৰ্ণ উচ্চাৰিত হ’ব নোৱাৰে। বৰ্ণ এটা অমূৰ্ত ৰূপ (abstraction); বৰ্ণৰ অন্তৰ্গত ধ্বনিহে (allophone) মানুহৰ মুখত উচ্চাৰিত হয়। সেই কাৰণে, বৰ্ণৰ শ্ৰূয়মাণ গুণ বা তেনে কথা ওলালে বৰ্ণৰ উচ্চাৰণাত্মক গুণৰ কথা কোৱা হৈছে বুলি বুজিব লাগে।
  6. ↑ গোস্বামী, ড॰ শ্ৰীগোলোকচন্দ্ৰ. (2017). অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ. পৃ. 57-83

সম্পৰ্কিত শ্ৰেণী

অসমীয়া ব্যাকৰণব্যাকৰণভাষাবিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাগ্‌ধ্বনি” প্ৰবন্ধৰ সংশোধন ৫৯৯৪২৪ (১ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।