অসমীয়া ব্যাকৰণ
৩৮ প্ৰবন্ধ
-
তেওঁ
তেওঁ অসমীয়া ভাষাৰ এটি শব্দ, যিয়ে সৰ্বনামৰ ৰূপত “আলোচিত বা পূৰ্বে উল্লিখিত পুৰুষজন বা মান্যাৰ্থত মহিলা গৰাকীক” বুজায়। ই আলোচিত বা পূৰ্বে উল্লিখিত মানুহজন বা জনীক বুজায়। তলত অসমীয়া ভাষাত ব্যৱহাৰ হোৱা পুৰুষ সৰ্বনামৰ বিষয়ে দিয়া হ'ল—
-
বাক-সংহতি
কম কথাৰে বহু অৰ্থ প্ৰকাশ কৰিবলৈ মানুহে যত্ন কৰে আৰু তেনে প্ৰক্ৰিয়াকে বাক-সংহতি বুলি অভিহিত কৰা হয়। অসমীয়া ব্যাকৰণৰ এটা বিষয় হ’ল বাক-সংহতি। বাক-সংহতিৰ দ্বাৰা ভাষা শুনিবলৈ শুৱলা হয় আৰু মূলতঃ বাক্যাংশৰ প্ৰতি শব্দৰে বা সমাসৰ দ্বাৰা এনে বাক-সংহতি কৰা হয়৷
-
বিপৰীতাৰ্থক শব্দ
কোনো শব্দৰ বিপৰীত অৰ্থ প্ৰকাশ কৰা শব্দকে বিপৰীতাৰ্থক শব্দ বা বিপৰীত শব্দ বোলা হয়। যেনে: ভাল-বেয়া, দিন-ৰাতি আদি।
-
বিভক্তি (অসমীয়া ব্যাকৰণ)
অসমীয়া ব্যাকৰণৰ বিভক্তি (ইংৰাজী: Case system in Assamese grammar) হৈছে অসমীয়া ভাষাৰ এক গুৰুত্বপূৰ্ণ ব্যাকৰণগত বৈশিষ্ট্য৷ বিভক্তিয়ে নাম পদৰ লগত সম্পৰ্ক স্থাপন কৰে আৰু বাক্যত নামপদৰ কাৰক নিৰ্ধাৰণ কৰে৷
-
লিংগ (অসমীয়া ব্যাকৰণ)
লিংগ (ইংৰাজী: Gender) শব্দৰদ্বাৰা স্ত্ৰী-পুৰুষৰ ভেদ প্ৰকাশ কৰা হয়। ব্যাকৰণগত দিশত, বিশেষ্য আৰু তাৰ সংশ্লিষ্ট শব্দসমূহৰ বাবে লিংগৰ নিৰূপণ বাক্য গঠন আৰু শব্দৰ ৰূপান্তৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
-
অসমীয়া বৰ্ণ প্ৰকাশ
অসমীয়া বৰ্ণ প্ৰকাশ (ইংৰাজী: Assamese Phonology) হৈছে গোলোকচন্দ্ৰ গোস্বামীৰ দ্বাৰা ৰচিত এখন অসমীয়া ধ্বনিতত্ত্বৰ গ্ৰন্থ। ১৯৬৯ চনৰ এই ধ্বনিতত্ত্বৰ গ্ৰন্থখন বীণা লাইব্ৰেৰী প্ৰকাশনে প্ৰকাশ কৰে। ব্যাকৰণখনত মুঠ ২৫টা অধ্যায় আছে।
-
অসমীয়া ভাষাৰ ব্যাকৰণ (হেমচন্দ্ৰ বৰুৱা)
অসমীয়া ভাষাৰ ব্যাকৰণ (Asomiya Bhakhar Byakoron ) হেমচন্দ্ৰ বৰুৱাৰ দ্বাৰা প্ৰণিত অসমীয়া ভাষাত লিখা প্ৰথম ব্যাকৰণ। ১৮৫৯ চনত শিৱসাগৰ মিছনেৰী প্ৰেছৰ পৰা এই ব্যাকৰণখন প্ৰকাশ হয়। ব্যাকৰণখনৰ দ্বিতীয় তাঙৰণ 'অসমীয়া ব্যাকৰণ' নামেৰে ১৮৭৩ চনত পুনৰ সংশোধিত ৰূপত প্ৰকাশ পায়।
-
অসমীয়া সাহিত্যৰ অলংকাৰ
অলংকাৰ হৈছে সাহিত্যৰ সৌন্দৰ্য্য বৃদ্ধি কৰা এক শৈল্পিক কৌশল। অসমীয়া সাহিত্যত বিভিন্ন প্ৰকাৰৰ অলংকাৰৰ ব্যৱহাৰ দেখা যায়। অলংকাৰ শব্দটো সংস্কৃত 'অলং' (অলঙ্কৃত কৰা) আৰু 'কাৰ' (কৰোঁতা) শব্দৰ পৰা উদ্ভৱ হৈছে। সাহিত্যত অলংকাৰৰ প্ৰয়োগে ৰচনাক অধিক আকৰ্ষণীয় আৰু ৰসময় কৰি তোলে।