অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

ণত্ববিধি

সংস্কৃত ভাষাত দন্ত্য ন কেতিয়া আৰু কেনেকৈ মূৰ্ধন্য ণ হয় তাক জানিবৰ কিছুমান নিৰ্দিষ্ট নিয়ম আছে। সেই নিয়মবোৰকে ণত্ববিধি (Change of ন into ণ) বোলে। বিধি শব্দৰ অৰ্থ বিধান বা নিয়ম। ণত্ববিধি সংস্কৃত ভাষাৰহে বিধান। আমি সংস্কৃত ভাষাৰ অসংখ্য শব্দ অসমীয়া ভাষাত ব্যৱহাৰ কৰোঁ।

হালনাগাদ: ১ এপ্ৰিল ২০২৬ ২২৯ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

সংস্কৃত ভাষাত দন্ত্য ন কেতিয়া আৰু কেনেকৈ মূৰ্ধন্য ণ হয় তাক জানিবৰ কিছুমান নিৰ্দিষ্ট নিয়ম আছে। সেই নিয়মবোৰকে ণত্ববিধি (Change of ন into ণ) বোলে।১

বিধি শব্দৰ অৰ্থ বিধান বা নিয়ম। ণত্ববিধি সংস্কৃত ভাষাৰহে বিধান। আমি সংস্কৃত ভাষাৰ অসংখ্য শব্দ অসমীয়া ভাষাত ব্যৱহাৰ কৰোঁ। সেয়েহে সেইবোৰ শব্দত সংস্কৃত ভাষাৰ বিধান মানিব লাগে।১

ণত্ববিধিৰ নিয়ম

  1. এটা পদৰ ভিতৰত ঋ, ৰ আৰু ষ -ৰ পাচত দন্ত্য ন থাকিলে সি মূৰ্ধন্য হয়।২ যেনে- ঋণ, তৃণ, কাৰণ, অৰুণ, কৃষাণ, বৰষুণ।
  2. ঋ, ৰ, ষ আৰু ণ -ৰ মাজত কোনো স্বৰবৰ্ণ বা ক আৰু প বৰ্গৰ কোনো বৰ্ণ, বা য, ৱ, হ, বা ং অনুস্বাৰ থাকিলেও ন মূৰ্ধন্য হয়।২ যেনে- কৃপণ, গ্ৰহণ, ব্ৰাহ্মণ, ৰাৱণ, নাৰায়ণ।
  3. এই নিয়মটো কেৱল সংস্কৃত শব্দত আৰু সংস্কৃতৰ অপভ্ৰংশ শব্দত মাথোন খাটে। অসমীয়া শব্দত ঋ, ৰ, ষ -ৰ মাজত কোনো ব্যঞ্জনবৰ্ণ বা অ -ৰ বাহিৰে আন স্বৰবৰ্ণ থাকিলে দন্ত্য ন মূৰ্ধন্য নহয়।২ যেনে- ৰইনা, বৰিয়নি, ফেৰেঙ্গনি, গেৰেকনি, বৰীয়ানী।
  4. অসমীয়া স্ত্ৰী প্ৰত্যয় নী -ৰ ন মূৰ্ধন্য নহয়।২ যেনে- বৰানী, বৰুৱানী, কমাৰনী, কুমাৰনী, গৰাকিয়নী।
  5. দুটা ভিন ভিন শব্দ গোট খাই এটা হ’লে, আগৰ শব্দটোত ঋ, ৰ, ষ থাকিলেও পাচৰ শব্দৰ ন মূৰ্ধন্য নহয়।২ যেনে- দুৰ্নাম, হৰিনাম, ত্ৰিনয়ন, সৰ্বনাম, হৰিনাৰায়ণ, হৰিনাথ।

মূৰ্ধন্য বৰ্গৰ লগত সদায় মূৰ্ধন্য ণ-হে যোগ হয়। দন্ত্য বৰ্গৰ লগত মূৰ্ধন্য ণ কেতিয়াও যোগ নহয়।১ যেনে-

  1. ট বৰ্গৰ আখৰৰ লগত যোগ হ’লে ন সদায় মূৰ্ধন্য হয়।২ যেনে- কণ্টক, পিণ্ড, মুণ্ড।
  2. ত বৰ্গৰ কোনো আখৰৰ লগত যোগ হ’লে ঋ, ৰ, ষ -ৰ পাচত থাকিলেও ন মূৰ্ধন্য নহয়।২ যেনে- ৰান্ধন, বৃন্দাবন।

লগতে চাওক

  1. অসমীয়া ব্যাকৰণ
  2. বাগ্‌ধ্বনি
  3. সন্ধি
  4. ষত্ববিধি
  5. অসমীয়া ব্যাকৰণৰ ণত্ববিধি আৰু ষত্ববিধি

তথ্যসূত্ৰ

  1. ↑ গোস্বামী, ড॰ শ্ৰীগোলোকচন্দ্ৰ. (2012). ((অসমীয়া ব্যাকৰণ প্ৰৱেশ)). বীণা লাইব্ৰেৰী. পৃ. 71-75
  2. ↑ বৰা, সত্যনাথ. (2012). বহল ব্যাকৰণ. পৃ. 49-51

সম্পৰ্কিত শ্ৰেণী

ব্যাকৰণঅসমীয়া ব্যাকৰণ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ণত্ববিধি” প্ৰবন্ধৰ সংশোধন ৫৯৯৪৩৩ (১ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।