অসমীয়া আলোচনী
৪৯ প্ৰবন্ধ
-
কাকলি (শিশু আলোচনী)
কাকলি অসমীয়া ভাষাত প্ৰকাশিত এখন শিশু আলোচনী। এই আলোচনীখন গুৱাহাটীৰ মালিগাঁৱৰ মালিগাওঁ বুক ষ্টলৰ পৰা ১৯৭৩ চনত প্ৰকাশিত হৈছিল। সম্পাদক আছিল ৰুচিনাথ শৰ্মা আৰু অশ্বিনীকুমাৰ শৰ্মা। কাকলি দুমহীয়া আলোচনী আছিল।
-
পাৰিজাত (শিশু আলোচনী)
পাৰিজাত অসমীয়া ভাষাৰ এখনি মাহেকীয়া শিশু আলোচনী। ১৯৪১ চনত (১৯৪০ চন) কলকাতাৰ পৰা প্ৰকাশিত আলোচনীখনৰ সম্পাদক আছিল ডা° দীননাথ শৰ্মা। শিশু উপযোগী সচিত্ৰ আলোচনীখনত প্ৰবন্ধ, গল্প, কবিতা প্ৰকাশ কৰিছিল। “পাৰিজাত’’ত যুক্তাক্ষৰ সৰলীকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল।
-
প্ৰিয় সখী
প্ৰিয় সখী (ইংৰাজী: Priyo Sakhi) মহিলাসকলৰ উদ্দেশ্যে প্ৰকাশিত অসমীয়া ভাষাৰ এখন মাহেকীয়া আলোচনী। বৰ্তমান গুৱাহাটীৰপৰা প্ৰকাশিত আলোচনীখনৰ মুখ্য সম্পাদক শশী ফুকন। ২০১৩ চনৰ জানুৱাৰীত আলোচনীখনে চতুৰ্দশ বছৰত ভৰি দিয়ে। মহিলাসকলৰ বিনোদন, স্বাস্থ্য, আইন, পৰ্যটন, ফেশ্বন আদি বিভিন্ন বিষয় ই সামৰি লয়।
-
বিন্দু (আলোচনী)
বিন্দু অসমৰ প্ৰথমখন ক্ষুদ্ৰতম আলোচনী আছিল। ১৯৭০ চনৰ এপ্ৰিল মাহত ড° ভূপেন হাজৰিকাৰ সম্পাদনাত আলোচনীখন প্ৰথম প্ৰকাশ পাইছিল। ড° ভূপেন হাজৰিকাই আলোচনীখনৰ আঠটা খণ্ড সম্পাদনা কৰিছিল। বিন্দু আলোচনীখনৰ মূল্য আছিল ত্ৰিশ পইছা।
-
বিহুৱান (শিশু আলোচনী)
বিহুৱান অসমীয়া ভাষাৰ এখনি বছৰেকীয়া শিশু আলোচনী৷ ১৯৫০ চনত পাঠশালাৰ পৰা প্ৰকাশিত৷ সম্পাদক আছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হলীৰাম ডেকা৷ এইখন এখন সচিত্ৰ শিশু আলোচনী আছিল৷ আলোচনীখনত মহৎ লোকৰ জীৱনী, লোক-সহিত্য, অসমীয়া সাহিত্যৰ জানিবলগীয়া কথা, ভ্ৰমণ কাহিনী,পুৰাণৰ কথা, বিদেশৰ শিশুৰ কথা,…
-
মইনা (শিশু আলোচনী)
মইনা অসমীয়া ভাষাৰ শিশু আলোচনী৷ একে নামৰ একাধিক শিশু আলোচনী ভিন ভিন সম্পাদকৰ সম্পাদনাত ভিন ভিন সময়ত প্ৰকাশ পায়৷
-
শিলালিপি (মুখপত্ৰ)
শিলালিপি হাফলং শাখা সাহিত্য সভাৰ মুখপত্ৰ৷ ১৯৭৯ চনত স্থাপিত হোৱা হাফলং শাখা সাহিত্য সভাৰ মুখপত্ৰ হিচাপে “শিলালিপি’’ নামৰ এখন পত্ৰিকা প্ৰকাশৰ সিদ্ধান্ত সেইবছৰতে লোৱা হয়৷ অসমীয়া ভাষাত প্ৰকাশ কৰিবলগীয়া পত্ৰিকাখনিৰ সম্পাদক নিৰ্বাচিত হয় লক্ষীধৰ বৰদলৈ৷ ১৯৮২ চনত এই পত্ৰিকাখনিৰ প্ৰথম সংখ্যা বৰদলৈৰ…
-
শিশু ৰত্ন
শিশু ৰত্ন (Shishu Ratna) শিশু আৰু কিশোৰ সকলৰ বাবে অসমীয়া ভাষাত প্ৰকাশিত এখন মাহেকীয়া আলোচনী। শিশু ৰত্নৰ প্ৰকাশক প্ৰজ্ঞাতীৰ্থ প্ৰকাশন। আলোচনীখনৰ প্ৰথম প্ৰকাশ হৈছিল ২০০৪ চনৰ নৱেম্বৰ মাহত। ২০০৬ চনৰ এপ্ৰিল মাহলৈকে ৯ টা সংখ্যা প্ৰকাশ পোৱাৰ পিছত অনিবাৰ্য কাৰণবশতঃ আলোচনীখনৰ প্ৰকাশ বন্ধ হয়।
-
স্বাস্থ্য আৰু দীৰ্ঘ জীৱন
স্বাস্থ্য আৰু দীৰ্ঘ জীৱন অসমীয়া ভাষাত প্ৰকাশিত এখন স্বাস্থ্য সম্পৰ্কীয় আলোচনী। আলোচনীখনৰ মুখ্য সম্পাদক শৰত্ ৰাজখোৱা, কাৰ্যবাহী সম্পাদক ডাঃ মিহিৰ কুমাৰ গোস্বামী (অবৈতনিক) আৰু চাৰ্কুলেচনৰ দায়িত্বত আছে তপন কলিতা।
-
ৰূপকাৰ
ৰূপকাৰ আছিল অসমীয়া চিনেমা, ভ্ৰাম্যমাণ নাটক আৰু সংস্কৃতি ভিত্তিক প্ৰথম অসমীয়া ভাষাৰ টেবলয়ড আকাৰৰ আলোচনী। ১৯৭৫ চনত প্ৰতিষ্ঠা হোৱা এই আলোচনীখনৰ প্ৰতিষ্ঠা আৰু সম্পাদনা কৰিছিল সাংবাদিক তথা হাস্যৰসৰ লেখক পবিত্ৰ কুমাৰ ডেকাই।
-
চিত্ৰ চিন্তা
চিত্ৰ চিন্তা (Chitra Chinta) গৌহাটী চাইন ক্লাৱৰ দ্বাৰা বছৰেকীয়া ভাৱে প্ৰকাশিত এখন চলচ্চিত্ৰ আলোচনী। এই আলোচনীখনৰ গুৰিধৰোঁতা আছিল অসমৰ উল্লেখযোগ্য চলচ্চিত্ৰ নিৰ্মাতা ড° ভবেন্দ্ৰ নাথ শইকীয়া। তেখেতে এই আলোচনীখন প্ৰথমৰ খণ্ড কেইটা নিয়মিতভাৱে প্ৰকাশ কৰিছিল।
-
থাপনা (মুখপত্ৰ)
থাপনা হাফলং নামঘৰৰ বছৰেকীয়া মুখপত্ৰ৷ “থাপনা’’ৰ ভাষা অসমীয়া৷ নামঘৰৰ মুখপত্ৰ যদিও ইয়াত কেৱল ধৰ্মীয় বিষয়বস্তুহে আছে এনে নহয়, ইয়াত হাফলঙৰ জাতি-জনজাতিৰ নানা সাংস্কৃতিক বিষয়ৰ লেখাই ঠাই পায়৷
-
নক্সা (আলোচনী)
নক্সা ধেমাজি জিলাৰ পৰা প্ৰকাশিত আৰু ডিব্ৰুগড়ৰ পৰা মুদ্ৰিত সাহিত্য-সংস্কৃতি বিষয়ক দুমহীয়া এখন ক্ষুদ্ৰ আলোচনী। আলোচনীখনৰ প্ৰতিটো সংখ্যাই নিৰ্দ্ধাৰিত বিষয় এটাক মূল বিষয় হিচাপে লৈ প্ৰকাশ পাই আহিছে। আলোচনীখনৰ আই এচ এচ এন নং হ'ল: ISSN 2319-5193।
-
নৱযুগ (আলোচনী)
নৱযুগ হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ সম্পাদনাত ষাঠিৰ দশকত প্ৰকাশ পোৱা এখন সাপ্তাহিক বাৰ্তালোচনী। এই আলোচনীখনক পৰৱৰ্তী কালত এখন বিশেষ উল্লেখ্যযোগ্য আলোচনী বুলি মান্যতা দিয়া হৈছে। আলোচনীখনে আৰ্থ-সামাজিক আৰু ৰাজনৈতিক বিষয়বোৰৰ আলোচনাত বিশেষ গুৰুত্ব দিছিল।
-
বাৰ্তাপখিলী
বাৰ্তাপখিলী অসমীয়া ভাষাৰ এখন মাহেকীয়া আলোচনী৷ ভাষা, সাহিত্য, সংস্কৃতি বিষয়ৰ আৰু আঠাইশ বছৰ ধৰি প্ৰকাশ পাই অহা আলোচনীখনৰ ইণ্টাৰনেচনেল ষ্টেণ্ডাৰ্ড ছিৰিয়েল নাম্বাৰ হ’ল ISSN 2249-9865৷
-
সংস্কৃতিৰ দাপোণ
সংস্কৃতিৰ দাপোণ (Sanskritir Dapoon) বৰ্তমান সময়ত প্ৰকাশিত একমাত্ৰ অসমীয়া মাহেকীয়া সাংস্কৃতিক বাতৰি কাকত। ২০২৪ চনৰ ৭ জানুৱাৰীত প্ৰথমবাৰৰ বাবে প্ৰকাশিত কাকতখনৰ মুখ্য কাৰ্যালয় গুৱাহাটীত অৱস্থিত।
-
সমীক্ষণ
সমীক্ষণ অসমীয়া ভাষাত প্ৰকাশিত মাহেকীয়া আলোচনী৷ সমাজ-ৰাজনীতি বিষয়ক মুখ্য কৰি এই আলোচনী প্ৰকাশ হৈ আহিছে৷ ৰাজনৈতিক-অৰ্থনৈতিক বিশ্লেষণৰ উপৰি সাম্প্ৰতিক ঘটনাক্ৰম, সাহিত্য-বিজ্ঞান আদি বিষয়ৰ নিবন্ধ প্ৰকাশত আলোচনীখনিয়ে গুৰুত্ব দিয়ে৷ আদিতে যোৰহাটৰ পৰা প্ৰকাশ পোৱা আলোচনীখনি ২০২৫ বৰ্ষৰ ফেব্ৰুৱাৰী…
-
সাম্প্ৰতিক সাময়িকী (আলোচনী)
সাম্প্ৰতিক সাময়িকী ( Sampratik Samayikee) ১৯৭৬ চনৰ পৰা ১৯৮৬ চনলৈকে এৰাধৰাকৈ প্ৰকাশ হোৱা এখন অসমীয়া আলোচনী৷ এই সময়ছোৱাত আলোচনীখনৰ প্ৰায় পঞ্চাশটামান সংখ্যা প্ৰকাশ হৈছিল৷ সাহিত্য-সংস্কৃতি বিষয়ক তিনিমহীয়া আলোচনীখনৰ প্ৰথম বছৰ প্ৰথম সংখ্যাটো প্ৰকাশ হৈছিল ১৯৭৬ চনৰ এপ্ৰিল মাহত।
-
সেউতী (আলোচনী)
সেউতী (Xeuti) আছিল অসমীয়া ভাষাত যুগুত কৰা এখনি হাতেলিখা আলোচনী৷ 'সেউতী' অসমৰ প্ৰথমখন হাতেলিখা আলোচনী৷ অসমৰ কটন কলেজৰ কেইগৰাকীমান শিক্ষাৰ্থীৰ উমৈহতীয়া প্ৰচেষ্টাত ১৯০৭ চনত এই হাতেলিখা আলোচনীখন পোনপ্ৰথমবাৰৰ বাবে মুকলি কৰা হৈছিল৷ 'সেউতী'ৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল সৰ্বেশ্বৰ বৰুৱা৷ আলোচনীখন প্ৰায়…