অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

শিশু ৰত্ন

শিশু ৰত্ন (Shishu Ratna) শিশু আৰু কিশোৰ সকলৰ বাবে অসমীয়া ভাষাত প্ৰকাশিত এখন মাহেকীয়া আলোচনী। শিশু ৰত্নৰ প্ৰকাশক প্ৰজ্ঞাতীৰ্থ প্ৰকাশন। আলোচনীখনৰ প্ৰথম প্ৰকাশ হৈছিল ২০০৪ চনৰ নৱেম্বৰ মাহত। ২০০৬ চনৰ এপ্ৰিল মাহলৈকে ৯ টা সংখ্যা প্ৰকাশ পোৱাৰ পিছত অনিবাৰ্য কাৰণবশতঃ আলোচনীখনৰ প্ৰকাশ বন্ধ হয়।

হালনাগাদ: ২২ জুন ২০২৫ ২৪১ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

শিশু ৰত্ন (Shishu Ratna) শিশু আৰু কিশোৰ সকলৰ বাবে অসমীয়া ভাষাত প্ৰকাশিত এখন মাহেকীয়া আলোচনী। শিশু ৰত্নৰ প্ৰকাশক প্ৰজ্ঞাতীৰ্থ প্ৰকাশন। আলোচনীখনৰ প্ৰথম প্ৰকাশ হৈছিল ২০০৪ চনৰ নৱেম্বৰ মাহত। ২০০৬ চনৰ এপ্ৰিল মাহলৈকে ৯ টা সংখ্যা প্ৰকাশ পোৱাৰ পিছত অনিবাৰ্য কাৰণবশতঃ আলোচনীখনৰ প্ৰকাশ বন্ধ হয়।১ আলোচনীখনৰ আৰম্ভণিতে সম্পাদক আছিল গোবিন চন্দ্ৰ নাথ। কাৰ্যবাহী সম্পাদক আছিল প্ৰশান্ত কুমাৰ বৰা আৰু সহযোগী সম্পাদক ফটিক চন্দ্ৰ বৰা।২ পিছলৈ মুখ্য সম্পাদক আছিল গোবিন চন্দ্ৰ নাথ, সম্পাদক ফটিক চন্দ্ৰ বৰা কাৰ্যবাহী সম্পাদক আছিল প্ৰশান্ত কুমাৰ বৰা।৩

নিয়মীয়া শিতানসমূহ

নিয়মীয়াকৈ প্ৰকাশ পোৱা গল্প আৰু কবিতাৰ ওপৰিও তলৰ শিতানসমূহ প্ৰকাশ পাইছিল।

  • ৰত্ন মামাৰ চিঠি: শিশু আৰু কিশোৰ সকললৈ শিশু ৰত্নৰ সম্পাদকৰ পত্ৰসদৃশ সম্পাদকীয়।
  • পঢ়ুৱৈৰ মতামত: আলোচনীখন পঢ়ি পঢ়োৱৈ সকলে আগবঢ়োৱা গঠনমূলক দিহা পৰামৰ্শৰ নিয়মীয়া শিতান।
  • অনেক তথ্য অনেক কথা: সাধাৰণ জ্ঞান আৰু জানিবলগীয়া অনেক তথ্য সমৃদ্ধ ৰচনাৰ শিতান।
  • শিশু পৰ্যটন: শিশু সকলে বিভিন্ন ঠাই ভ্ৰমণ কৰি পোৱা অভিজ্ঞতাৰ বৰ্ণনামূলক ৰচনা।
  • শিক্ষাৰত্ন: শিক্ষা বিষয়ক ৰচনা
  • স্বাস্থ্য ৰত্ন: শিশু আৰু কিশোৰ সকলৰ স্বাস্থ্য সম্পৰ্কীয় ৰচনা।
  • নান্দনিক চ’ৰা: বৰেণ্য শিল্পী, বিখ্যাত চিত্ৰকৰ আদিৰ বিষয়ৰ প্ৰৱন্ধ।
  • ৰত্ন সংবাদ: শিশু সকলৰ প্ৰতিভা প্ৰদৰ্শন সম্পৰ্কীয় সংবাদ।
  • কলা বীথিকা: শিশু সকলে অঁকা চিত্ৰৰ শিতান।
  • বিজ্ঞান চ’ৰা: বিজ্ঞান সম্পৰ্কীয় ৰচনা।

ধাৰাবাহিক নাটক

এই শিতানত শিশু নাট ধাৰাবাহিক ভাবে প্ৰকাশ কৰা হয়। ইতিপূৰ্বে যশশ্ৰী নাট্যকাৰ ভৱ পূজাৰী দেৱৰ দ্বাৰা ৰচিত শিশু নাটক বকুল তলৰ ধেমালী৪, দুলাল দত্তৰ মকৰা৫ ইত্যাদি শিশু ৰত্নত প্ৰকাশ পায়।

অন্যান্য শিতান

  • ছবি ৰং কৰা,ফটো চাই ব্যক্তি চিনাক্ত কৰা,ছবিৰ পাৰ্থক্য উলিওৱা আদি।
  • মগজুৰ খোৰাক, শব্দ ৰত্ন (শব্দ শৃংখল), ছবি চাই কবিতা লিখা প্ৰতিযোগিতা, সাঁথৰ, কৌতুক, খেল ৰত্ন (খেল বিষয়ৰ সংবাদ আদি।

তথ্যসূত্ৰ

  1. ↑ (দ্বিতীয় বছৰ). শিশু ৰত্ন - দ্বিতীয়. শিশু ৰত্ন
  2. ↑ (প্ৰথম বছৰ). শিশু ৰত্ন - প্ৰথম. শিশু ৰত্ন
  3. ↑ (দ্বিতীয় বছৰ). শিশু ৰত্ন - দ্বিতীয় বছৰ. শিশু ৰত্ন
  4. ↑ (দ্বিতীয় বছৰ). শিশু ৰত্ন, দ্বিতীয় বছৰ: প্ৰথম সংখ্যা. শিশু ৰত্ন. পৃ. পৃষ্ঠা ৩২-৩৫
  5. ↑ (প্ৰখম বছৰ). শিশু ৰত্ন,প্ৰখম বছৰ:প্ৰখম সংখ্যা. শিশু ৰত্ন

সম্পৰ্কিত শ্ৰেণী

অসমীয়া আলোচনীঅসমীয়া শিশু আলোচনী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শিশু ৰত্ন” প্ৰবন্ধৰ সংশোধন ৫২০০৬২ (২২ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।