চুছানা শ্বেলডন (জন্ম প্ৰায় ১৬৭৪ চনত)১ চেলেম ডাইনী বিচাৰৰ সময়ত অন্যতম মূল ফৰিয়াদী আছিল। চেলেমৰ ডাইনী বিচাৰৰ সময়ত তাইৰ বয়স আছিল আঠাইশ বছৰ। কথিতভাৱে আক্ৰান্ত ছোৱালীৰ অন্যতম মূল গোট হিচাপে শ্বেলডনে ১৬৯২ চনৰ এপ্ৰিল মাহৰ শেষ সপ্তাহত প্ৰথমবাৰৰ বাবে দুৰ্ভাগ্যৰ দাবী কৰিছিল।
জীৱনী
শ্বেলডন আছিল ৰেবেঁকা স্কেডলক আৰু উইলিয়াম শ্বেলডনৰ কন্যা।২ শ্বেলডন শিশু অৱস্থাত ১৬৭৬ চনত ৰজা ফিলিপৰ যুদ্ধৰ সময়ত আমেৰিকাৰ থলুৱা লোকে মেইনৰ ছাকোত থকা ঘৰৰপৰা তেওঁৰ পৰিয়ালক বহিষ্কাৰ কৰি খেদি পঠিয়াইছিল।২ ৰজা ফিলিপৰ যুদ্ধৰ সময়ত এই পৰিয়ালটোৱে মেছাচুচেটছৰ চেলেমত বাস কৰিছিল যদিও শান্তি প্ৰতিষ্ঠা হোৱাৰ লগে লগে পুনৰ ছাকোলৈ উভতি আহিছিল।২ ৰজা উইলিয়ামৰ যুদ্ধৰ সময়ত পৰিয়ালটোৱে আকৌ এবাৰ ছাকোৰপৰা পলায়ন কৰি পুনৰ চেলেমলৈ উভতি যায়।২
১৬৯০ চনৰ জুলাই মাহত মেইনত শ্বেলডনৰ ডাঙৰ ভাতৃ গডফ্ৰেৰ মৃত্যু হয় আৰু ১৬৯১ চনৰ ডিচেম্বৰ মাহত চেলেমত তেওঁৰ পিতৃ উইলিয়ামৰ মৃত্যু হয়।২ পৰিয়ালৰ দুজন মূল মানুহৰ মৃত্যু মেইনৰ ফাৰ্ম হেৰুৱাই শ্বেলডন পৰিয়ালে ১৬৯১ চনৰ পিছত চেলেমত দৰিদ্ৰতাত জীৱন কটাবলৈ ধৰে।২
১৬৯২ চনৰ এপ্ৰিল মাহত শ্বেলডনৰ বয়স আঠাইশ বছৰ আছিল, যেতিয়া তেওঁ চেলেম ডাইনী বিচাৰৰ অন্যতম মূল ফৰিয়াদী হৈ পৰিছিল।৩ ৰেকৰ্ডত দেখা গৈছে যে শ্বেলডনে এঘাৰগৰাকী ডাইনীৰ বিৰুদ্ধে সাক্ষ্য দিছিল২ আৰু কমেও ২৪টা জবানবন্দী দাখিল কৰিছিল।৩ চেলেমৰ আটাইতকৈ ধনী আৰু বিশিষ্ট দম্পতী মেৰী আৰু ফিলিপ ইংলিছৰ বিৰুদ্ধে ডাইনী অভিযোগ উত্থাপন কৰাৰ বাবে শ্বেলডনে ব্যক্তিগতভাৱে দায়বদ্ধ আছিল।৩ এইটোৱেই আছিল শ্বেলডনৰ প্ৰথম অভিযোগ।১
ইতিহাসবিদ মেৰী বেথ নৰ্টনৰ মতে শ্বেলডনৰ মৃত্যু সম্ভৱতঃ অবিবাহিত আৰু নিঃসন্তান অৱস্থাতে হৈছিল।১
তথ্যসূত্ৰ
- ↑ Norton, Mary Beth. (2007-12-18). In the Devil's Snare: The Salem Witchcraft Crisis of 1692. Knopf Doubleday Publishing Group. ISBN 9780307426369
- ↑ Hill, Frances. (2000-10-19). The Salem Witch Trials Reader. Perseus Books Group. ISBN 9780306809460
- ↑ PhD, K. David Goss. (2018-01-04). Documents of the Salem Witch Trials. ABC-CLIO. ISBN 9781440853210
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চুছানা শ্বেলডন” প্ৰবন্ধৰ সংশোধন ৫৯৪৭৭২ (২৬ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।