অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

৩ ডিচেম্বৰ

ঘটনাৱলী

  • ১৯৭১ভাৰত-পাকিস্তান যুদ্ধ আৰম্ভ। এই যুদ্ধ আছিল ভাৰত আৰু পাকিস্তানৰ মাজত এক সামৰিক সংঘৰ্ষ যি ১৯৭১ চনৰ ৩ ডিচেম্বৰৰ পৰা ১৯৭১ চনৰ ১৬ ডিচেম্বৰলৈকে ঢাকাস্থিত পাকিস্তানী সৈন্যৰ আত্মসমৰ্পণলৈকে চলিছিল অৰ্থাৎ পূব-পাকিস্তানত বাংলাদেশ মুক্তি যুদ্ধৰ সময়ত সংঘটিত হৈছিল।
  • ১৯৯২চেমা গ্ৰুপৰ এজন পৰীক্ষক অভিযন্তাই ভোডাফোন নেটৱৰ্কৰ জৰিয়তে বিশ্বৰ প্ৰথম পাঠ বাৰ্তা (Text Message) এজন সহকৰ্মীৰ ফোনলৈ প্ৰেৰণ কৰিবলৈ ব্যক্তিগত কম্পিউটাৰ ব্যৱহাৰ কৰে।

জন্ম

  • ১৮৮৪ড° ৰাজেন্দ্ৰ প্ৰসাদ ৰাজনীতিবিদ, উকীল, ভাৰতীয় স্বাধীনতা কৰ্মী, সাংবাদিক আৰু পণ্ডিত আছিল। স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি। তেওঁ ১৯৫০ চনৰ পৰা ১৯৬২ চনলৈ ভাৰত গণৰাজ্যৰ প্ৰথম ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ভাৰতীয় স্বাধীনতা আন্দোলনৰ সময়ত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰি বিহাৰ আৰু মহাৰাষ্ট্ৰ অঞ্চলত কংগ্ৰেছৰ এজন প্ৰধান কৰ্মী হিচাপে পৰিগণিত হৈছিল। মৃত্যু ২৮ ফেব্ৰুৱাৰী, ১৯৬৩।
  • ১৮৯৪দিভা জিভাৰাটিনাম এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু অধিবক্তা আছিল। তেওঁ ১৯৪৫ চনত ফ্ৰান্সৰ সংবিধান সভাৰ নিৰ্বাচনত পণ্ডিচেৰীক (তেতিয়া ফৰাচী উপনিবেশ) প্ৰতিনিধিত্ব কৰিছিল আৰু তেওঁক অস্থায়ী সংবিধান সভাত নিযুক্তি দিয়া হৈছিল। ১৯৪৩ চনৰ নৱেম্বৰত আলজিয়াৰ্ছত চাৰ্লছ ডি গলে তেওঁক এই পদবীত প্ৰতিনিধিত্ব কৰিবৰ বাবে প্ৰস্তাৱ দিছিল ১৯৪৪ চনৰ ১৩ জানুৱাৰীত তেওঁৰ এই প্ৰস্তাৱ কাৰ্যকৰী হৈছিল। ইয়াৰ উপৰিও জিভাৰাটিনামক বিধানসভাৰ বিদেশী আয়োগত অন্তৰ্ভুক্ত কৰা হৈছিল। মৃত্যু ২৫ মাৰ্চ, ১৯৭৫।
  • ১৯৫৮মমতা চন্দ্ৰকৰ, ভাৰতীয় কণ্ঠশিল্পী।
  • ১৯৫৮অনুভৱ তুলসী, অসমীয়া কবি, অনুবাদক, চিনেমা সমালোচক, গল্পকাৰ।
  • ১৯৮২মিতালী ৰাজ, ভাৰতীয় ক্ৰিকেট খেলুৱৈ।

মৃত্যু

  • ১৮৯৪ৰবাৰ্ট লুই ষ্টিভেনছন, স্কটিছ ঔপন্যাসিক, কবি, নিৱন্ধকাৰ আৰু ভ্ৰমণ কাহিনী লেখক।
  • ১৯৫৬মানি‍ক বন্দ্যোপাধ্যায় ভাৰতীয় সাহিত্যিক যাক বিংশ শতিকাৰ বঙালী সাহিত্যৰ অন্যতম মুখ্য ব্যক্তি হিচাপে গণ্য কৰা হয়। তেওঁৰ ৪৮ বছৰীয়া জীৱনকালত ২৮ বছৰ সাহিত্য ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছিল। তেওঁৰ প্ৰায় ২৮ বছৰ বয়সৰ পৰা মৃগীৰোগ আৰু সকলো সময়তে বিত্তীয় চাপৰ সৈতে যুঁজিও, তেওঁ কবিতা, প্ৰবন্ধ আদিৰ উপৰিও উপন্যাস আৰু চুটি গল্প ৰচনা কৰিছিল। জন্ম ১৯ মে', ১৯০৮।
  • ১৯৭৯কংকনা সেন শৰ্মা, ভাৰতীয় অভিনেত্ৰী, লেখক আৰু পৰিচালক।
  • ১৯৮২বিষ্ণু দে, জ্ঞানপীঠ বঁটা বিজয়ী বাংলা কবি,লেখক আৰু চলচিত্ৰ সমালোচক।
  • ২০১০ৰামেশ্বৰ পাঠক, কামৰূপী লোকগীতৰ বিশিষ্ট শিল্পী। ১৯৯০ চনত তেওঁক ভাৰত চৰকাৰৰ সংগীত নাটক একাডেমী বঁটা প্ৰদান কৰা হয়।
  • ২০১৯হৰিণ মহন্ত, প্ৰগতিশীল লেখক, আইনজীৱী। হৰিণ মহন্ত আছিল মাৰ্ক্স আৰু লেনিনৰ আদৰ্শত গভীৰভাৱে বিশ্বাসী জনগণৰ অধিকাৰ সম্পৰ্কে সদাসচেতন এজন ব্যক্তি। মহন্তই বিশেষকৈ অসমৰ জ্বলন্ত সমস্যা সমূ্হৰ বিষয়ত অসমীয়া বিভিন্ন বাতৰি-কাকত আৰু আলোচনীত নিয়মীয়াকৈ লিখি আহিছিল। ১৯৪৭ চনত কৰঙাৰ তেলপানী সত্ৰত জন্মগ্ৰহণ কৰা হৰিণ মহন্তই সাতখন কিতাপ লিখি উলিয়াইছিল, তাৰ ভিতৰত "আলফা মৰিলেই স্বাধীন অসমৰ দাবীতো মৰিবনে", "যুক্তিয়ে য'ত হাৰ মানিলে", "সংবিধান, সাৰ্বভৌমত্ব আৰু ৰাজনীতি" ইত্যাদি।
  • ২০২০মহাশয় ধৰমপাল গুলাটি, ভাৰতীয় ব্যৱসায়ী। তেওঁ ভাৰতীয় জনপ্ৰিয় মছলা কোম্পানী এমডিএইছৰ (মহাশাইন ডি হাত্তি প্ৰাইভেট লিমিটেড, MDH) প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া আছিল।
  • ২০২৩অৰুণ দাস, অসমীয়া দৰদী সংগীত শিল্পীৰূপে পৰিচিত। তেওঁ কেইবাখনো অসমীয়া চলচ্চিত্ৰত কণ্ঠদান কৰাৰ উপৰিও দুখন চলচ্চিত্ৰৰ সংগীত পৰিচালনা কৰিছিল। ১৯৮৭ চনত তেওঁৰ কণ্ঠৰ প্ৰথমটো কেছেট মোৰ গীত মোৰ প্ৰেম মুক্তি পাইছিল। ১৯৫৩ চনৰ ২৭ অক্টোবৰত যোৰহাটৰ ভোগদৈপাৰত জন্ম।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ