অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰবাৰ্ট লুই ষ্টিভেনছন

ৰবাৰ্ট লুই বালফ'ৰ ষ্টিভেনছন (১৩ নৱেম্বৰ ১৮৫০- ৩ ডিচেম্বৰ ১৮৯৪) এজন স্কটিছ ঔপন্যাসিক, কবি, নিৱন্ধকাৰ আৰু ভ্ৰমণ কাহিনী লেখক আছিল। তেওঁৰ কেইখনমান বিখ্যাত গ্ৰন্থ হ'ল ট্ৰেজাৰ আইলেণ্ড, কিডনেপ্ড, ডক্টৰ জেকিল আৰু মিষ্টাৰ হাইড, চাইল্ডছ গাৰ্ডেন অৱ ভাৰ্ছেজ ইত্যাদি।

হালনাগাদ: ২৭ ছেপ্তেম্বৰ ২০২১ ৬৫০ শব্দ · ৪ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

ৰবাৰ্ট লুই বালফ'ৰ ষ্টিভেনছন (১৩ নৱেম্বৰ ১৮৫০- ৩ ডিচেম্বৰ ১৮৯৪) এজন স্কটিছ ঔপন্যাসিক, কবি, নিৱন্ধকাৰ আৰু ভ্ৰমণ কাহিনী লেখক আছিল। তেওঁৰ কেইখনমান বিখ্যাত গ্ৰন্থ হ'ল ট্ৰেজাৰ আইলেণ্ড, কিডনেপ্ড, ডক্টৰ জেকিল আৰু মিষ্টাৰ হাইড, চাইল্ডছ গাৰ্ডেন অৱ ভাৰ্ছেজ ইত্যাদি।

জীৱনকালতে সাহিত্যক্ষেত্ৰত চেলিব্ৰিটিৰ মৰ্য্যাদা পোৱা ষ্টিভেনছন সম্প্ৰতি পৃথিৱীৰ সৰ্বাধিক অনুদিত লেখকৰ শাৰীত ২৬ তম স্থান লাভ কৰিছে। জৰ্জ লুই বৰ্জেছ, বাৰটল্ড ব্ৰিটছ, মাৰ্চেল প্ৰাউষ্ট, আৰ্থাৰ কনান ডয়েল, হেনৰী জেমছ, কিচেৰ পাভেচ, ইমিলিউ চালগৰি, আৰ্নেষ্ট হেমিংৱে, ৰুডিয়াৰ্ড কিপলিং, জেক লণ্ডন, ভ্লাডিমিৰ নাব'কভ, জে.এম.বাৰি আৰু জি.কে.চেষ্টাৰটন সমন্বিতে আন বহুতো লিখকে ষ্টিভেনছনৰ সৃষ্টিৰাজিৰ উচ্চপ্ৰশংসা কৰিছিল।

জীৱন

শৈশৱ আৰু যৌৱন

ষ্টিভেনছনৰ জন্ম হৈছিল ১৮৫০ চনৰ ১৩ নৱেম্বৰৰ দিনা স্কটলেণ্ডৰ এডিনবৰাত। তেওঁৰ পিতৃ আৰু মাতৃ আছিল ক্ৰমে থমাছ ষ্টিভেনছন (১৮১৮-৮৭) আৰু মাৰ্গাৰেট ইছাবেল (বালফ'ৰ,১৮২৯-৯৭)। তেওঁৰ দেউতাক থমাছ এজন সাগৰৰ আলোকস্তম্ভৰ অভিযন্তা আছিল। ১৮ বছৰ বয়সত ষ্টিভেনছনে তেওঁৰ নামৰ পৰা 'লেৱিছ' শব্দটো 'লুই' শব্দলৈ সলনি কৰিছিল আৰু ১৮৭৩ চনত তেওঁ "বালফ'ৰ" শব্দটো নামৰ পৰা আঁতৰাই দিছিল। আলোকস্তম্ভৰ আৰ্হি প্ৰস্তুত কৰাটো তেওঁলোকৰ পৰিয়ালৰ পেছা আছিল। থমাছৰ দেউতাক (ৰবাৰ্টৰ ককাক) আছিল বিখ্যাত ৰবাৰ্ট ষ্টিভেনছন, আৰু থমাছৰ ভায়েক (ৰবাৰ্টৰ খুৰাক) এলান আৰু ডেভিডেও একেটা কামকে কৰিছিল।

ষ্টিভেনছনে ল'ৰালিকালৰ বেছিভাগ সময় মাকৰ ফালৰ ককাকৰ ঘৰত কটাইছিল। শিশু হিচাপে তেওঁ দেখিবলৈ অদ্ভুত আৰু অস্বাভাৱিক আচৰণকাৰী আছিল। ৬ বছৰ বয়সত যেতিয়া ষ্টিভেনছনক ওচৰৰে স্কুললৈ পঠিওৱা হৈছিল, তেতিয়া তেওঁ তাত নিজকে খাপ খুৱাই ল'ব নোৱাৰিলে। ১১ বছৰ বয়সত এডিনবাৰ্গ একাডেমিলৈ পঠিওৱাৰ সময়তো তেওঁৰ একেটা সমস্যাই হৈছিল। কিন্তু কলিণ্টনত থকা সময়ছোৱাত গৰমৰ বন্ধত তেওঁ তেওঁৰ সম্পৰ্কীয় ভাই-ভনীৰ সৈতে খেলিবৰ সময়ত প্ৰাণোচ্ছলভাৱে মিলি পৰিছিল। তেওঁৰ সঘনাই হৈ থকা বেমাৰে তেওঁক তেওঁৰ প্ৰথম স্কুলখনৰ পৰা প্ৰায়েই আঁতৰাই ৰাখিছিল। সেইবাবে তেওঁক ব্যক্তিগত শিক্ষকৰ দ্বাৰা শিকোৱা হৈছিল। তেওঁ পলমকৈ পঢ়া-শুনা আৰম্ভ কৰিছিল (৭/৮ বছৰ বয়সত)। কিন্তু ইয়াৰ আগতেই তেওঁ মাক আৰু নাৰ্চক গল্পবোৰ শ্ৰুতলিপি দি লিখাইছিল। মানসিক তাড়ণাৰ বশৱৰ্তী হৈ তেওঁ গোটেই শৈশৱকাল গল্প লিখিছিল।তেওঁৰ দেউতাকে তেওঁৰ এই আগ্ৰহ দেখি গৌৰৱ অনুভৱ কৰিছিল। ১৬ বছৰ বয়সত Covenanters' rebellionৰ বিষয়ে লিখা কথাখিনি ছপা কৰিবলৈ দেউতাকেই খৰছ বহন কৰিছিল। এয়াই আছিল ৰবাৰ্টৰ প্ৰথম প্ৰকাশ পোৱা লেখা।

শিক্ষা

১৮৫৭ চনৰ চেপ্তেম্বৰ মাহত ষ্টিভেনছনে এডিনবাৰ্গৰ ইণ্ডিয়া ষ্টীটত থকা মি.হেণ্ডাৰছনৰ স্কুললৈ গৈছিল। কিন্তু তেওঁৰ দুৰ্বল শৰীৰৰ বাবে তাত কেইসপ্তাহমানহে থাকিল। তেওঁৰ সেই দীঘলীয়া অনুপস্থিতিত তেওঁক ব্যক্তিগত শিক্ষকৰ দ্বাৰা শিকোৱা হৈছিল। ১৮৬১ চনৰ অক্টোবৰ মাহত তেওঁ এডিনবাৰ্গ একাডেমীলৈ গৈছিল; ল'ৰাবিলাকৰ বাবে এইখন এখন স্বাধীনচেতীয়া স্কুল আৰু তাত তেওঁ বিক্ষিপ্তভাৱে প্ৰায় ১৫ মাহ কটাইছিল। ১৮৫৩ চনৰ শৰৎ কালত তেওঁ মিডলছেক্সৰ আইজলওৱৰ্থ (এতিয়া পশ্চিম লণ্ডনৰ এটা ঔদ্যোগিক অঞ্চল)ৰ স্প্ৰিং গ্ৰৱত অৱস্থিত ইংলিচ ব'ৰ্ডিং স্কুলত এটা শিক্ষাবৰ্ষ পাৰ কৰিছিল। ১৮৬৪ চনত তেওঁৰ স্বাস্থ্য ভালৰ ফালে গতি কৰাত তেওঁক এডিনবাৰ্গৰ ফ্ৰেডেৰিক ষ্টীটত থকা ৰবাৰ্ট থমছনৰ ব্যক্তিগত বিদ্যালয়লৈ পঠিওৱা হৈছিল। তাত তেওঁ বিশ্ববিদ্যালয়লৈ যোৱাৰ পূৰ্বলৈ আছিল। ১৮৫৭ চনৰ নৱেম্বৰ মাহত ষ্টিভেনছনে এডিনবাৰ্গৰ বিশ্ববিদ্যালয়ত ইঞ্জিনিয়াৰিং পঢ়িবলৈ লৈছিল। আৰম্ভণিৰ পৰাই পঢ়াৰ ফালে তেওঁৰ মতি-গতি ভাল নাছিল আৰু হাজাৰ চেষ্টা কৰি হ'লেও ক্লাছৰ বক্তৃাতাবোৰ এৰাই চলিছিল। স্পেকুলেটিভ চ'ছাইটিত আন ছাত্ৰ-ছাত্ৰীৰ সৈতে বন্ধু হোৱা সময়খিনি তেওঁৰ বাবে বৰ গুৰুত্বপূৰ্ণ আছিল। বিশেষকৈ পিছলৈ ষ্টিভেনছনৰ বিত্ত বিষয়ক প্ৰতিনিধি হোৱা চাৰ্ল বক্সটাৰ আৰু অধ্যাপক ফ্লিমিং জেনকিনৰ সৈতে গঢ়ি উঠা বন্ধুত্ব পিছলৈ গুৰুত্বপূৰ্ণ বিবেচিত হৈছিল। অধ্যাপক জেনকিনৰ ঘৰত নাটক মঞ্চস্থ কৰা হৈছিল আৰু ষ্টিভেনছনে ইয়াত ভাগ লৈছিল। হয়তো সেই সময়খিনিত ষ্টিভেনছনৰ জীৱনৰ সবাতোকৈ গুৰুত্বপূৰ্ণ ব্যক্তিজন আছিল ৰবাৰ্ট এলান মব্ৰে ষ্টিভেনছন নামৰ সম্পৰ্কীয়জন (এওঁক 'বব' নামেৰেও জনা যায়)। তেওঁ এজন প্ৰাণোচ্ছল আৰু প্ৰফুল্লচিত্ত ডেকা মানুহ, আৰু তেওঁ পৰিয়ালৰ বৃত্তিটোৰ পৰিৱৰ্তে কলা শিকিবলৈ লৈছিল। প্ৰতিবছৰে বন্ধৰ সময়ছোৱাত ষ্টিভেনছনে তেওঁলোকৰ পৰিয়ালৰ আভিযান্ত্ৰিক কামবোৰ চাবলৈ গৈছিল। আভিযান্ত্ৰিক শিক্ষাৰ প্ৰতি থকা আগ্ৰহৰ বাবে নহয়, লেখাৰ বাবে নতুন নতুন সমল গোটাবলৈহে তেওঁ এই ভ্ৰমণবোৰ পছন্দ কৰিছিল। পিছলৈ তেওঁ মুকলিকৈ মাক-দেউতাকৰ আগত প্ৰকাশ কৰিছিল যে তেওঁ লেখা-মেলাৰ লগত জড়িত বৃত্তি এটাকে বাছি ল'ব। পৰিয়ালৰ ফালৰপৰা ষ্টিভেনছনে কোনো আপত্তিৰ সন্মুখীন নহ'ল, কিন্তু তেওঁলোকৰ পৰামৰ্শ অনুসৰি জীৱিকাৰ দিশত নিশ্চিন্তমনে থাকিবলৈ তেওঁ পুনৰাই এডিনবাৰ্গ একাডেমীত আইন পঢ়িবলৈ সন্মত হ'ল।

আনবোৰ ক্ষেত্ৰতো তেওঁৰ কামবোৰ মাক-দেউতাকৰ পৰা ভিন্ন হ'বলৈ লৈছিল। তেওঁৰ কাপোৰ-কানিও বহেমিয়ানৰ দৰে হ'বলৈ ধৰিছিল। তেওঁ ইতিমধ্যে তেওঁৰ চুলিও দীঘলকৈ ৰাখিছিল। কিন্তু তেওঁ এতিয়া ভেলভেটৰ জেকেট পিন্ধিবলৈ লৈছিল আৰু কাচিৎহে পৰম্পৰাগত গধূলিৰ পোছাক পিন্ধি অভ্যৰ্থনা অনুষ্ঠানবোৰত ভাগ লৈছিল। কঠোৰ বিবেচনাৰ সীমাৰ ভিতৰত থাকি তেওঁ চিপ পাবচ আৰু ব্ৰাথ'লছ ভ্ৰমণ কৰিছিল। তাতোকৈ ডাঙৰ কথা যে, তেওঁ খ্ৰীষ্টান ধৰ্মটো ত্যাগ কৰিছিল আৰু নিজকে নাস্তিক বুলি ঘোষণা কৰিছিল।

সম্পৰ্কিত শ্ৰেণী

যুক্তৰাজ্যৰ ব্যক্তিসাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰবাৰ্ট লুই ষ্টিভেনছন” প্ৰবন্ধৰ সংশোধন ৩০১৩১০ (২৭ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।