ইতিহাসৰ আজিৰ দিনত
৪ ডিচেম্বৰ
ঘটনাৱলী
- ১৮২৯ভাৰতবৰ্ষত সতীদাহ প্ৰথা নিষিদ্ধ কৰা হৈছিল আৰু ইয়াৰ প্ৰধান উদ্যোক্তা আছিল লৰ্ড বেণ্টিক।
- ১৯৭১ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত ভাৰতীয় নৌসেনাই পাকিস্তান নৌসেনা আৰু কৰাচী আক্ৰমণ কৰে। এই নৌযুদ্ধৰ ফলত পাকিস্তানী নৌসেনাৰ চাবমেৰিন পিএনএছ গাজী ডুবি যায়।
- ১৯৯৭ভাৰত গণৰাজ্যৰ একাদশ লোকসভা ভঙ্গ কৰি দিয়া হয়।
- ২০১০ভাৰতীয় ফুটবল খেলুৱৈ ৰবীন গুৰুঙে কলকাতাৰ ছল্ট লেক ষ্টেডিয়ামত অ' এন জি চি দলৰ হৈ ইষ্ট বেংগল দলৰ বিৰুদ্ধে নিজৰ পেছাদাৰী ফুটবল কেৰিয়াৰৰ পাতনি মেলে।
জন্ম
- ১৯১৯ইন্দৰ কুমাৰ গুজৰাল, ভাৰতবৰ্ষৰ দ্বাদশগৰাকী প্ৰধানমন্ত্ৰী। ইয়াৰ উপৰিও তেওঁ এজন ভাৰতীয় কূটনীতিবিদ আৰু স্বাধীনতা কৰ্মী আছিল। তেওঁ এপ্ৰিল ১৯৯৭ ৰ পৰা মাৰ্চ ১৯৯৮ লৈ ভাৰতৰ দ্বাদশ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। মৃত্যু ৩০ নৱেম্বৰ, ২০১২।
- ১৯২৫এলবাৰ্ট বান্দুৰা, কানাডীয়-আমেৰিকান মনোবিজ্ঞানী।
- ১৯৭৭অজিত আগেৰকাৰ, সম্পূৰ্ণ নাম অজিত ভালচন্দ্ৰ আগেৰকাৰ। এজন প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ আৰু ধাৰা ভাষ্যকাৰ। তেওঁ খেলৰ তিনিওটা ফৰ্মেটত ২০০ তকৈও অধিক আন্তঃৰাষ্ট্ৰীয় খেলত ভাৰতক প্ৰতিনিধিত্ব কৰিছে। তেওঁ এদিনীয়া আন্তৰ্জাতিক খেলত ভাৰতৰ হৈ তৃতীয় সৰ্বাধিক উইকেট সংগ্ৰহকাৰী। আগেৰকাৰে ১৯৯৯, ২০০৩ আৰু ২০০৭ চনৰ বিশ্বকাপ ক্ৰিকেটত ভাৰতক প্ৰতিনিধিত্ব কৰিছে আৰু ২০০৭ চনৰ আইচিচি বিশ্ব টুৱেণ্টি-২০ বিজয়ী দলৰ উদ্বোধনী সদস্য আছিল।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ