২৮ ফেব্ৰুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৫৯তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩০৬টা দিন (অধিবৰ্ষত ৩০৭টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৱলী
- ১৯২৮ - ভাৰতীয় পদাৰ্থ বিজ্ঞানী চন্দ্ৰশেখৰ ভেঙ্কট ৰামনে ৰমন পৰিঘটনাৰ আৱিষ্কাৰ কৰিছিল।
- ১৯৫৩ - জীৱবিজ্ঞানী ৱাটছন আৰু ক্ৰিকৰ দ্বাৰা "ডি.এন.এ."ৰ "দ্বৈত হেলিক্স" গাঠনিৰ আৱিষ্কাৰৰ কথা আনুষ্ঠানিক ঘোষণা।
জন্ম
- ১৯৪৪ - ৰবীন্দ্ৰ জৈন, ভাৰতীয় সংগীত পৰিচালক, গীতিকাৰ, নেপথ্য কণ্ঠশিল্পী।
- ১৯৪৮ - বিনেশ্বৰ ব্ৰহ্ম, অসমীয়া সাহিত্যিক তথা বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি।
মৃত্যু
- ১৯৩৬ - কমলা নেহৰু, ভাৰতৰ স্বাধীনতা যুঁজাৰু।
- ১৯৪৮ - ছেমছন ছিং ইংতি, ভাৰতীয় লেখক আৰু সমাজ সংস্কাৰক।
- ১৯৬৩ - ৰাজেন্দ্ৰ প্ৰসাদ, সাৰ্বভৌম ভাৰত গণৰাজ্যৰ প্ৰথম ৰাষ্ট্ৰপতি।
- ১৯৮৭ - আব্দুছ ছাত্তাৰ, অসমীয়া কবি, জীৱনীকাৰ, প্ৰবন্ধকাৰ, সমালোচক, ভাষা-তত্ত্বৰ গৱেষক আৰু শিক্ষাবিদ।
- ১৯৯১ - চক্ৰেশ্বৰ শইকীয়া, অসমীয়া শিক্ষাবিদ, সমাজকৰ্মী আৰু সাহিত্যিক।
দিৱস
বাহ্যিক সংযোগ
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউয়ৰ্ক টাইমচ, এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২৮ ফেব্ৰুৱাৰী” প্ৰবন্ধৰ সংশোধন ৪০৮৩৬৭ (২৮ ফেব্ৰুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।