ইতিহাসৰ আজিৰ দিনত
১ নৱেম্বৰ
ঘটনাৱলী
- ১৮৫৮ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ সামৰণি। সমগ্ৰ ভাৰতৰ শাসন ইংলেণ্ডৰ ৰাণী হস্তগত। ভাৰত আনুষ্ঠানিক ভাৱে ইংৰাজৰ অধীন হয়।
- ১৮৮১ভাৰতৰ কলিকতাত প্ৰথমবাৰৰ বাবে ঘোঁৰাই টনা ট্ৰামৰ প্ৰচলন হয়।
- ১৯৫৬ত্ৰিপুৰা আৰু দিল্লীক কেন্দ্ৰীয় শাসিত অঞ্চল ৰূপে ঘোষণা। ৰাজ্য পুনৰ্গঠন আয়োগৰ অনুমোদন অনুসৰি নতুন অন্ধ্ৰ প্ৰদেশ গঠিত হয় আৰু হায়দৰাবাদ ইয়াৰ ৰাজধানী হয়।
- ১৯৬৬পঞ্জাব দ্বিখণ্ডিত হৈ দুখন স্বতন্ত্ৰ ৰাজ্য পঞ্জাব আৰু হাৰিয়ানা গঠন হয়। উভয়ৰে ৰাজধানী হয় চণ্ডীগড়।
- ১৯৭৩মহীশূৰ ৰাজ্যৰ নাম সলনি কৰি নতুন নাম কৰ্ণাটক কৰা হয়। লাক্ষাদ্বীপ, মিনিকয় আৰু আমিন ডিভিক একেলগে লাক্ষাদ্বীপ কৰি কেন্দ্ৰীয় শাসিত অঞ্চলৰ মৰ্যাদা প্ৰদান কৰা হয়।
- ১৯৯৮গুৱাহাটীৰ খানাপাৰাত গেছ টেংকাৰ বিস্ফোৰণত ১১ জন লোকৰ মৃত্যু হয়, বিস্তৰ ক্ষয় ক্ষতি হয়।
- ২০০০মধ্য প্ৰদেশৰ প্ৰায় এক তৃতীয়াংশ অঞ্চল সামৰি ছত্তীসগঢ় ৰাজ্য গঠন কৰা হয়।
- ২০০০হৰেকৃষ্ণ ডেকাৰ অসম আৰক্ষীৰ সঞ্চালক ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে।
- ২০০২এছ পি ভাৰুচাৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে। তেওঁ এই পদত ২০০২ চনৰ ৫ মে'ই লৈকে কাৰ্যনিবাহ কৰে।
জন্ম
- ১৯১৩আজলীতৰা নেওগ, অসমীয়া শিশু সাহিত্যিক আৰু কবি।
- ১৯৩৩সমীৰ ৰায়চৌধুৰী, হাংৰি আন্দোলনৰ ভাৰতীয় কবি, চুটিগল্পকাৰ, প্ৰৱন্ধকাৰ, ঔপন্যাসিক আৰু সম্পাদক।
- ১৯৩৮মধুৰাম বড়ো, অসমৰ বিশিষ্ট সাহিত্যিক, সম্পাদক তথা শিক্ষাবিদ। তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত ভাষা বিজ্ঞানৰ প্ৰথম স্নাতকোত্তৰ।
- ১৯৪৫নৰেন্দ্ৰ অচ্যুত দাভোলকাৰ, ভাৰতীয় চিকিৎসক, সমাজ কৰ্মী, যুক্তিবাদী আৰু লেখক।
- ১৯৫৫ধনেশ্বৰ ইংতি, ভাৰতীয় সাহিত্যিক, গীতিকাৰ তথা শিক্ষাবিদ।
- ১৯৫৫কিৰিপ চলিহা, ভাৰতৰ চতুৰ্দশ লোকসভাৰ সাংসদ।
- ১৯৬৩নীতা আম্বানী, ভাৰতীয় উদ্যমী, ৰিলাইয়েন্স ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক।
- ১৯৬৫পদ্মিনী কোলহাপুৰী, ভাৰতীয় অভিনেত্ৰী আৰু কণ্ঠশিল্পী।
- ১৯৭৩ঐশ্বৰ্যা ৰায় বচ্চন, ভাৰতীয় অভিনেত্ৰী।
- ১৯৮৭ইলিয়ানা ডি'ক্ৰুজ, ভাৰতীয় অভিনেত্ৰী আৰু মডেল।
মৃত্যু
- ১৯৫০বিভূতিভূষণ বন্দ্যোপাধ্যায়, জনপ্ৰিয় ভাৰতীয় লেখক।
- ১৯৫৫ডেল কাৰ্নেগী, আমেৰিকা যুক্তৰাষ্ট্ৰৰ লেখক আৰু প্ৰবক্তা।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ