অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নৰেন্দ্ৰ দাভোলকাৰ

নৰেন্দ্ৰ অচ্যুত দাভোলকৰ ( ইংৰাজী: Narendra Achyut Dabholkar; ১ নৱেম্বৰ ১৯৪৫ – ২০ আগষ্ট ২০১৩) ভাৰতৰ মহাৰাষ্ট্ৰৰ এগৰাকী চিকিৎসক, সমাজ কৰ্মী, যুক্তিবাদী আৰু লেখক আছিল। ১৯৮৯ চনত তেওঁ মহাৰাষ্ট্ৰ অন্ধশ্ৰদ্ধা নিৰ্মূলন সমিতি (MANS) প্ৰতিষ্ঠা কৰি সভাপতি হৈছিল।

হালনাগাদ: ৩ মে’ ২০২৬ ১,০২৮ শব্দ · ৬ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

নৰেন্দ্ৰ অচ্যুত দাভোলকৰ ( ইংৰাজী: Narendra Achyut Dabholkar; ১ নৱেম্বৰ ১৯৪৫ – ২০ আগষ্ট ২০১৩)১ ভাৰতৰ মহাৰাষ্ট্ৰৰ এগৰাকী চিকিৎসক, সমাজ কৰ্মী, যুক্তিবাদী আৰু লেখক আছিল।২ ১৯৮৯ চনত তেওঁ মহাৰাষ্ট্ৰ অন্ধশ্ৰদ্ধা নিৰ্মূলন সমিতি (MANS) প্ৰতিষ্ঠা কৰি সভাপতি হৈছিল। ২০১৩ চনৰ ২০ আগষ্টত তেওঁৰ হত্যাকাণ্ডৰ প্ৰতিক্ৰিয়া স্বৰূপে চাৰিদিন পিছত মহাৰাষ্ট্ৰত "অন্ধবিশ্বাস আৰু ক'লা যাদু বিৰোধী অধ্যাদেশ" বলৱৎ কৰা হয়।৩ ২০১৪ চনত তেওঁ সমাজসেৱাৰ বাবে মৰণোত্তৰভাৱে পদ্মশ্ৰী বঁটা লাভ কৰিছিল।৪

ব্যক্তিগত জীৱন

১৯৪৫ চনৰ ১ নৱেম্বৰত অচ্যুত আৰু তৰাবাইৰ ঘৰত দাভোলকাৰৰ জন্ম হৈছিল। দহটা সন্তানৰ ভিতৰত তেওঁ আছিল কনিষ্ঠতম। তেওঁৰ সবাতোকৈ জ্যেষ্ঠ ভাই দেৱদত্ত দাভোলকাৰ এগৰাকী শিক্ষাবিদ, আৰু সমাজবাদী আছিল।৫ নৰেন্দ্ৰই স্কুলীয়া শিক্ষা নিউ ইংলিছ স্কুল সাতাৰা আৰু উইলিংডন কলেজ, চাংলীত কৰিছিল। মিৰাজৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ পৰা এম. বি. বি. এছ ডিগ্ৰী লাভ কৰি তেওঁ এজন চিকিৎসক হৈছিল।১

তেওঁ শিৱাজী বিশ্ববিদ্যালয়ৰ কাবাডী দলৰ অধিনায়ক আছিল। তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰি বাংলাদেশৰ বিৰুদ্ধে এখন কাবাডী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। কাবাডী খেলৰ বাবে তেওঁ মহাৰাষ্ট্ৰ চৰকাৰৰ শিৱ ছাত্ৰপতি যুৱ বঁটা লাভ কৰিছিল।১৬

নৰেন্দ্ৰই শৈলাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। হামিদ আৰু মুক্তা দাভোলকাৰ নামেৰে তেওঁলোকৰ দুটি সন্তান আছিল।৭৮ তেওঁৰ পুত্ৰৰ নাম সমাজ সংস্কাৰক হামিদ দালৱাইৰ নামেৰে ৰখা হৈছিল।৯ তেওঁ আড়ম্বৰপূৰ্ণ বিবাহ অনুষ্ঠানকো সমালোচনা কৰিছিল, আৰু নিজৰ সন্তানক সাধাৰণ অনুষ্ঠানত বিয়া দিয়াৰ ব্যৱস্থা কৰিছিল। পৰম্পৰাগতভাৱে কৰা ধৰণে বিয়াৰ শুভ সময় বাছনি কৰিবলৈ পঞ্জিকাৰ পৰামৰ্শ লোৱা হোৱা নাছিল।৯ তেওঁ এগৰাকী নাস্তিক আছিল।১০

আন্দোলন

১২ বছৰ চিকিৎসক হিচাপে কাম কৰাৰ পিছত ১৯৮০ৰ দশকত দাভোলকাৰ এগৰাকী সমাজকৰ্মী হৈ পৰিছিল।১১১২ তেওঁ সামাজিক ন্যায়ৰ আন্দোলনৰ সৈতে জড়িত হৈ পৰিছিল, যেনে বাবা আধৱে সূচনা কৰা এক গাঁও এক পানোথা (এখন গাঁও – এটা কুঁৱা) পদক্ষেপ।১৩

লাহে লাহে দাভোলকাৰে অন্ধবিশ্বাস নিৰ্মূলৰ ওপৰত গুৰুত্ব দিবলৈ আৰম্ভ কৰিছিল, আৰু অখিল ভাৰতীয় অন্ধশ্ৰাদ্ধ নিৰ্মূলন সমিতিত (ABANS) যোগদান কৰিছিল। ১৯৮৯ চনত তেওঁ মহাৰাষ্ট্ৰ অন্ধশ্ৰাদ্ধ নিৰ্মূলন সমিতি (M.A.N.S, যাৰ অৰ্থ "মহাৰাষ্ট্ৰত অন্ধবিশ্বাস নিৰ্মূলৰ বাবে গঠিত সমিতি") প্ৰতিষ্ঠা কৰিছিল। এই সমিতিৰ যোগেৰে তেওঁ অন্ধবিশ্বাসৰ বিৰুদ্ধে প্ৰচাৰ চলাইছিল, সন্দেহজনক তান্ত্ৰিক আৰু ৰোগৰ বাবে 'অলৌকিক নিৰাময়'ৰ প্ৰতিশ্ৰুতি দিয়া স্বয়ম্ভু বাবাসকলৰ বিৰোধিতা কৰিছিল।১৪১৫ তেওঁ দেশৰ "সাধু-বাবা" সকলক সমালোচনা কৰিছিল, যিসকলে অলৌকিক কাৰ্য কৰা বুলি দাবী কৰে আৰু যাৰ বহুতো অনুগামী আছে।১৬ তেওঁ সাতাৰা জিলাত অৱস্থিত সামাজিক কাৰ্য কেন্দ্ৰ পৰিৱৰ্তনৰ প্ৰতিষ্ঠাপক সদস্য আছিল। এই কেন্দ্ৰটোৱে "সমাজৰ পিছপৰা সদস্যসকলক নিৰাপত্তা, মৰ্যাদা আৰু সমৃদ্ধিৰ জীৱন যাপন কৰিবলৈ সবল কৰা"ৰ চেষ্টা কৰে।১৭১৮ ভাৰতীয় যুক্তিবাদী সানাল এডামৰুকুৰ সৈতে তেওঁৰ ঘনিষ্ঠ সম্পৰ্ক আছিল।১৯ তেওঁ ছানে গুৰুজীয়ে প্ৰতিষ্ঠা কৰা এখন প্ৰখ্যাত মাৰাঠী সাপ্তাহিক সাধনাৰ সম্পাদক আছিল।২০১১ ইয়াৰ পূৰ্বে তেওঁ ফেডাৰেচন অৱ ইণ্ডিয়ান ৰেচনেলিষ্ট এছ’চিয়েশ্যনৰ উপ-সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

১৯৯০–২০১০ চনৰ ভিতৰত দাভোলকাৰ দলিত (অস্পৃশ্য) সমতাৰ বাবে এক আন্দোলনত সক্ৰিয় আছিল, আৰু ভাৰতৰ জাতি ব্যৱস্থা আৰু জাতি সম্পৰ্কীয় হিংসাৰ বিৰুদ্ধে মাত মাতি আহিছিল। তেওঁ ভাৰতীয় সংবিধানৰ প্ৰণেতা আৰু দলিতসকলৰ সমতাৰ বাবে যুঁজা বাবাচাহেব আম্বেদকাৰৰ নামেৰে মাৰাথৱাড়া বিশ্ববিদ্যালয়ৰ পুনৰ্নামাকৰণৰ পোষকতা কৰিছিল।৭ দাভোলকাৰে অন্ধবিশ্বাস আৰু ইয়াৰ নিৰ্মূলকৰণ সম্পৰ্কত কিতাপ লিখিছিল, আৰু ৩,০০০ ৰো অধিক জনসভাত ভাষণ দিছিল।৭ ২০১৩ চনৰ মাৰ্চ মাহত নাগপুৰৰ হোলীৰ সময়ত আশাৰাম বাপু আৰু তেওঁৰ অনুগামীসকলে এই উৎসৱ উদযাপনৰ বাবে নাগপুৰ পৌৰ নিগমৰ পৰা টেংকাৰৰ খোৱাপানী আনি ব্যৱহাৰ কৰা এটা কাণ্ডক লৈ তেওঁ বাপুৰ বিৰুদ্ধে যুঁজিছিল। মহাৰাষ্ট্ৰৰ বাকী অংশই খৰাং পৰিস্থিতিৰ সন্মুখীন হোৱাৰ সময়ত তেওঁলোকে ইয়াৰ অপচয় কৰাৰ অভিযোগ উত্থাপন হৈছিল।২১২২

অন্ধবিশ্বাস বিৰোধী আৰু ক'লা যাদু বিধেয়ক

২০১০ চনত মহাৰাষ্ট্ৰত অন্ধবিশ্বাস বিৰোধী আইন প্ৰণয়ন কৰাৰ বাবে দাভোলকাৰে কেইবাটাও ব্যৰ্থ প্ৰচেষ্টা চলাইছিল। তেওঁৰ তত্ত্বাৱধানত এম.এ.এন.এছে এণ্টি-জাদু টোনা বিলৰ (অন্ধবিশ্বাস বিৰোধী আৰু ক'লা যাদু অধ্যাদেশ) খচৰা প্ৰস্তুত কৰিছিল।২৩ ইয়াৰ বিৰোধিতা কৰিছিল কিছুমান ৰাজনৈতিক দল আৰু ৱাৰকৰী সম্প্ৰদায়ে।১১ ভাৰতীয় জনতা পাৰ্টী আৰু শিৱসেনাৰ দৰে ৰাজনৈতিক দলে ইয়াৰ বিৰোধিতা কৰি দাবী কৰিছিল যে ইয়াৰ ফলত হিন্দু সংস্কৃতি, ৰীতি-নীতি আৰু পৰম্পৰাত বিৰূপ প্ৰভাৱ পৰিব।২৪ সমালোচকসকলে তেওঁক ধৰ্মবিৰোধী বুলি অভিযোগ কৰিছিল যদিও এজেন্স ফ্ৰান্স-প্ৰেছ সংবাদ সংস্থাৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কৈছিল, "গোটেই বিধেয়কখনত ঈশ্বৰ বা ধৰ্মৰ বিষয়ে এটাও শব্দ নাই। তেনেকুৱা একো নাই। ভাৰতীয় সংবিধানে উপাসনাৰ স্বাধীনতা দিয়ে আৰু সেইটো কোনেও কাঢ়ি নিব নোৱাৰে। এই বিধেয়কখন প্ৰৱঞ্চনামূলক আৰু শোষণমূলক কাৰ্যৰ বিষয়ে।"১৬

২০১৩ চনৰ ৬ আগষ্টত মৃত্যুৰ দুইসপ্তাহমান পূৰ্বে দাভোলকাৰে এখন সংবাদমেলত অভিযোগ কৰিছিল যে ৰাজ্যৰ বিধানসভাৰ ৭টা অধিবেশনত বিধেয়কখন উত্থাপন হোৱাৰ পাছতো আলোচনা হোৱা নাই। তেওঁ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী পৃথ্বীৰাজ চৌহানক সমালোচনা কৰি কৈছিল যে মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ প্ৰগতিশীল জনসাধাৰণক হতাশ কৰিছে।২৫ দাভোলকাৰৰ হত্যাৰ এদিন পিছতে মহাৰাষ্ট্ৰৰ মন্ত্ৰীসভাই অন্ধবিশ্বাস বিৰোধী আৰু ক'লা যাদু অধ্যাদেশক অনুমোদন জনায়, অৱশ্যে ইয়াক আইনত পৰিণত হ'বলৈ সংসদে বিধেয়কখনক সমৰ্থন কৰিব লাগিব।১৬২৬ ২৯টা সংশোধনীৰ অন্তত অৱশেষত ২০১৩ চনৰ ১৮ ডিচেম্বৰত ইয়াক অধ্যাদেশ হিচাপে প্ৰণয়ন কৰা হৈছিল।২৭

হত্যা

১৯৮৩ চনৰ পৰা দাভোলকাৰে কেইবাটাও ভাবুকি আৰু আক্ৰমণৰ সন্মুখীন হৈছিল যদিও আৰক্ষীৰ সুৰক্ষা ল'বলৈ অস্বীকাৰ কৰিছিল।৭

২০১৩ চনৰ ২০ আগষ্টত প্ৰাতঃভ্ৰমণলৈ ওলাই যাওঁতে পুনেৰ ওমকাৰেশ্বৰ মন্দিৰৰ ওচৰত দুজন বন্দুকধাৰীয়ে ৭:২০ বজাত দাভোলকাৰক গুলীয়াই হত্যা কৰে। আক্ৰমণকাৰীয়ে নিচেই কাষৰ পৰা চাৰিটা গুলীচালনা কৰি ওচৰতে ৰখাই থোৱা মটৰ চাইকেল এখনত উঠি পলায়ন কৰে।২৮২৯ দাভোলকাৰৰ মূৰ আৰু বুকুত দুটা গুলীৰ আঘাত লাগিছিল, আৰু তেওঁৰ থিতাতে মৃত্যু হৈছিল।

দাভোলকাৰে প্ৰথমে এখন চিকিৎসা মহাবিদ্যালয়লৈ নিজৰ মৃতদেহ দান কৰিছিল। কিন্তু তেওঁৰ হত্যাৰ ফলত প্ৰয়োজনীয় হৈ পৰা মৰণোত্তৰ পৰীক্ষাই মৃতদেহটো শৈক্ষিক উদ্দেশ্যৰ বাবে ব্যৱহাৰৰ অযোগ্য কৰি পেলালে।৩০ কোনো ধৰ্মীয় ৰীতি-নীতি অবিহনে সাতাৰাত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়।৯৩১ পুত্ৰই মুখাগ্নি কৰা পৰম্পৰাৰ বিপৰীতে তেওঁৰ কন্যা মুক্তাই মুখাগ্নি কৰিছিল।৩২৩৩ কোনো ধৰ্মীয় অনুষ্ঠানৰ আয়োজন নকৰাকৈ তেওঁৰ ছাইখিনি সংগ্ৰহ কৰি তেওঁৰ জৈৱিক খেতিপথাৰৰ ওপৰত সিঁচৰতি কৰি দিয়া হৈছিল।৩১

প্ৰতিক্ৰিয়া

দাভোলকাৰৰ হত্যাকাণ্ডক বহু ৰাজনৈতিক নেতা আৰু সমাজকৰ্মীয়ে গৰিহণা দিছিল। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী পৃথ্বীৰাজ চৌহানে আক্ৰমণকাৰীৰ তথ্য পালে যিকোনো ব্যক্তিক ভাৰতীয় ১০ লাখ (১৩,০০০ মাৰ্কিন ডলাৰ) পুৰস্কাৰ দিয়াৰ কথা ঘোষণা কৰিছিল।১৮৩৪ তদুপৰি ৰাজনৈতিক দলসমূহে ২১ আগষ্টত পুনেত বন্ধৰ (ধৰ্মঘট) আহ্বান জনাইছিল,৩৫ আৰু সমগ্ৰ পুনেৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানসমূহ দাভোলকাৰৰ হত্যাৰ প্ৰতিবাদত বন্ধ আছিল।৩৬

তদন্ত

নৰেন্দ্ৰ দাভোলকাৰৰ মৃত্যু সম্পৰ্কত অনুষ্ঠিত এখন সজাগতা সভা
নৰেন্দ্ৰ দাভোলকাৰৰ মৃত্যু সম্পৰ্কত অনুষ্ঠিত এখন সজাগতা সভাছবি: Ravivyas93 · CC BY-SA 4.0

২০১৩ চনৰ ২০ আগষ্টত আৰক্ষীয়ে কয় যে এইটো এটা পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰা হৈছে কাৰণ আক্ৰমণকাৰীসকলে জানিছিল যে দাভোলকাৰে কেৱল সোমবাৰ আৰু মঙলবাৰেহে পুনেত থাকে।৩৭ চাভানে ২০১৩ চনৰ ২৬ আগষ্টত উল্লেখ কৰিছিল যে তেওঁৰ হত্যাকাণ্ডৰ বিষয়ে আৰক্ষীৰ হাতত কিছু শুংসূত্ৰ আছে।৩৮ ২ ছেপ্তেম্বৰত আৰক্ষীয়ে কয় যে ৭টা নিৰীক্ষণ কেমেৰাত দুজন হত্যাকাৰীৰ ফুটেজ ধৰা পৰিছে আৰু সেই ফুটেজসমূহ বিশ্লেষণৰ বাবে লণ্ডনৰ এটা ফৰেনছিক গৱেষণাগাৰলৈ প্ৰেৰণ কৰা হৈছে।৩৯

ৰাজ্যিক আৰক্ষীৰ প্ৰতি বিশ্বাসৰ অভাৱৰ বাবে ৰাজ্যিক আৰক্ষীৰ পৰিৱৰ্তে ৰাষ্ট্ৰীয় তদন্ত সংস্থাই (NIA) গোচৰটোৰ তদন্ত কৰিবলৈ আহ্বান জনাই কৰ্মী কেতন তিৰোডকাৰে ৰাজহুৱা স্বাৰ্থজনিত গোচৰ (পিআইএল) দাখিল কৰিছিল। বোম্বে উচ্চ ন্যায়ালয়ে ২৪ ছেপ্টেম্বৰত এন আই এৰ পৰা সঁহাৰি বিচাৰিছিল।৪০ ১৫ অক্টোবৰত এনআইএই গোচৰটো ভাৰতীয় দণ্ডবিধিৰ ভিতৰত ভালদৰে আছে বুলি উল্লেখ কৰি কয় যে কেৱল আবেদনকাৰীৰ ধাৰণা অনুসৰি সোঁপন্থী কৰ্মী জড়িত আছে, আৰু ই এক নিৰ্ধাৰিত পৰিকল্পনা।৪১৪২

২০১৪ চনৰ ১৭ জানুৱাৰীত পুনে ভ্ৰমণৰ সময়ত গৃহমন্ত্ৰী আৰ আৰ পাটিলে পুনে আৰক্ষীক কিছু অগ্ৰগতি লাভ কৰিবলৈ বা গোচৰটো কেন্দ্ৰীয় অনুসন্ধান আয়োগক (চি বি আই) গতাই দিবলৈ একসপ্তাহ সময় দিছিল।৪৩ ২০ জানুৱাৰীত প্ৰতিবেদনৰ ভিত্তিত পুনে আৰক্ষীয়ে দুজন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পূৰ্বেও তেওঁলোকৰ বিৰুদ্ধে আগ্নেয়াস্ত্ৰ ব্যৱসায়ৰ অভিযোগ উত্থাপন হৈছিল।৪৪৪৫ পিছলৈ ২০১৪ চনৰ ৪ মাৰ্চত বোম্বে উচ্চ ন্যায়ালয়ে তিৰোদকাৰৰ পৰা এটা পৰিৱৰ্তিত পিআইএলৰ শুনানি গ্ৰহণ কৰে, যিয়ে চিবিআইক তদন্তত জড়িত কৰাবলৈ বিচাৰিছিল।৪৬ আদালতে পুনে আৰক্ষীক কেছ ডায়েৰীৰ প্ৰতিলিপি দাখিল কৰিবলৈ নিৰ্দেশ দিছিল।৪৭ ২০১৪ চনৰ ৯ মে’ত বোম্বে উচ্চ ন্যায়ালয়ে গোচৰটো চিবিআইলৈ হস্তান্তৰ কৰে।৪৮

২০১৫ চনৰ আগষ্ট মাহত চিবিআই আৰু মহাৰাষ্ট্ৰ চৰকাৰে নৰেন্দ্ৰ দাভোলকাৰৰ আক্ৰমণকাৰীৰ সম্পৰ্কে তথ্য প্ৰদান কৰা যিকোনো ব্যক্তিক ১০ লাখ টকা (১৩,০০০ মাৰ্কিন ডলাৰ) পুৰস্কাৰ দিয়াৰ কথা ঘোষণা কৰে।৪৯

২০১৮ চনৰ ১৮ আগষ্টত চিবিআইয়ে বন্দুকধাৰীসকলৰ ভিতৰত এজন বুলি সন্দেহ কৰা শচীন প্ৰকাশৰাও আন্দুৰেক গ্ৰেপ্তাৰ কৰে।৫০ দাভোলকাৰৰ পুত্ৰ হামিদ দাভোলকাৰে ইয়াক গোচৰটোৰ এক গুৰুত্বপূৰ্ণ অগ্ৰগতি বুলি বিশ্বাস কৰিছিল যিয়ে হত্যাকাণ্ডৰ আঁৰৰ পৰিকল্পনাকাৰীক চিনাক্ত কৰাত সহায় কৰিব।৫০

উত্তৰাধিকাৰ

নৰেন্দ্ৰ দাভোলকাৰৰ হত্যাকাণ্ডৰ পিছত তেওঁ জীয়াই থাকোঁতে অস্বীকাৰ কৰি অহা ঠগবাজীৰ অভিযোগৰ বিৰুদ্ধে ৰাজহুৱা সুৰক্ষা লাভ কৰিছিল। ২০১৩ চনত মহাৰাষ্ট্ৰ চৰকাৰে অন্ধবিশ্বাস বিৰোধী আৰু ক’লা যাদু অধ্যাদেশ প্ৰণয়ন কৰিছিল। এইখন গৃহীত হোৱাৰ পিছৰে পৰা আইনখন ব্যৱহাৰ কৰি প্ৰায়েই যৌন নিৰ্যাতনৰ সৈতে সংযুক্ত কিছুমান চাঞ্চল্যকৰ প্ৰৱঞ্চনাৰ অপৰাধীক অভিযোগনামা দাখিল কৰা হৈছে। দুৰ্ভাগ্যজনকভাৱে, অপৰাধীসকলে প্ৰায়ে ভুক্তভোগী আৰু আৰক্ষীৰ পৰা আঁতৰি আহি আন প্ৰদেশলৈ পলায়ন কৰিছে য'ত এতিয়াও এনে ভণ্ডৰ বিৰুদ্ধে একেধৰণৰ সুৰক্ষা নাই।৫১

অন্ধবিশ্বাস বিৰোধী আৰু ক’লা যাদু অধ্যাদেশ কেৱল তুলনামূলকভাৱে স্বচ্ছল আৰু সুশিক্ষিত মহাৰাষ্ট্ৰ ৰাজ্যতহে প্ৰযোজ্য। ভাৰতৰ বাকী অংশৰ জনসাধাৰণক ভণ্ড-চিকিৎসক আৰু অন্যান্য অলৌকিক ভুৱাৰ পৰা অনুৰূপ সুৰক্ষাৰ অভাৱ। দাভোলকাৰৰ কন্যা মুক্তা আৰু অন্যান্য কৰ্মীসকলে এখন ৰাষ্ট্ৰজোৰা অন্ধবিশ্বাস বিৰোধী আইনৰ বাবে তেওঁৰ অভিযানটোক আগুৱাই লৈ গৈছে।৫২৫৩

অল ইণ্ডিয়া পিপলছ ছায়েন্স নেটৱৰ্ক, চমুকৈ AIPSN য়ে ড° নৰেন্দ্ৰ দাভোলকাৰক স্মৰণ কৰিবলৈ ২০ আগষ্টৰ দিনটোক ৰাষ্ট্ৰীয় বৈজ্ঞানিক মানসিকতা দিৱস হিচাপে পালন কৰে।৫৪ ৫৫

কিতাপ

নৰেন্দ্ৰ দাভোলকাৰে মাৰাঠী ভাষাত বহুতো গ্ৰন্থ ৰচনা কৰিছে যিবোৰ হিন্দী আৰু ইংৰাজীলৈ অনুবাদ হৈছে।

  • লাধে অন্ধশ্ৰদ্ধেচে
  • প্ৰশ্ন তুমচা উত্তৰ দাভোলকাৰঞ্চে
  • তিমিৰাতুনি তেজকাদে
  • দ্য কেচ ফৰ ৰিজন: ভলিউম ৱান: আণ্ডাৰষ্টেণ্ডিং দা চুপাৰষ্টিশ্যন মুভমেণ্ট
  • দ্য কেচ ফৰ ৰিজন: ভলিউম টু: এ চায়েণ্টিফিক এনকোৱেৰি ইণ্টু বিলিফ
  • প্লিজ থিংক

জনপ্ৰিয় সংস্কৃতিত

দাভোলকাৰৰ লগতে গোবিন্দ পানচাৰে, এম এম কালবুৰ্গি আৰু সাংবাদিক গৌৰী লংকেশৰ দৰে আন যুক্তিবাদীৰ হত্যাকাণ্ডক আনন্দ পাটৱৰ্ধনে নিৰ্মাণ কৰা চুটি-ধাৰাবাহিক তথ্যচিত্ৰ বিবেক-ৰিজনত উপস্থাপন কৰা হৈছিল।৫৬

দ্য বুকশ্বেল্ফ৫৭ নামৰ চুটি ছবিখন নৰেন্দ্ৰ দাভোলকাৰ, গোবিন্দ পানচাৰে আৰু এম এম কালবুৰ্গীৰ স্মৃতিত তিনিটা ভাৰতীয় প্ৰকাশন গোষ্ঠী- টুলিকা বুকছ, পেৰুমল মুৰুগানৰ প্ৰকাশন কলাচুৱাদু আৰু দেশাভিমানী বুক হাউছে নিৰ্মাণ কৰিছিল।৫৮৫৯

তথ্যসূত্ৰ

  1. ↑ Shailendra Paranjpe. (20 August 2013). Narendra Dabholkar: A rationalist to the core. DNA India
  2. ↑ (21 August 2018). Indian rationalism, Charvaka to Narendra Dabholkar
  3. ↑ (24 August 2013). The anti-black magic and superstition ordinance has been promulgated in Maharashtra. DNA India
  4. ↑ (26 January 2014). Iyengar, Mashelkar get Padma Vibhushan. Dabholkar, Ghate get Padma Shri.. DNA India
  5. ↑ Chinchkar Dilip Kumar. (19 December 2009). तर्कशुद्ध विचारांचा मूर्तिमंत आविष्कार: परिवर्तन चळवळीतील विचारवंत शिक्षक. Sakal
  6. ↑ Founder:Dr. Narendra Dabholkar. Maharashtra Andhashraddha Nirmoolan Samiti
  7. ↑ Radheshyam Jadhav. (21 August 2013). Doctor who fought to stamp out superstition. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  8. ↑ (5 October 2013). Dabholkar murder: Kin seek speedy probe
  9. ↑ (24 August 2013). Dabholkar practised what he preached. Business Standard
  10. ↑ (14 September 2013). Narendra Dabholkar, fighter against superstition, was killed on August 20th, aged 67. The Economist
  11. ↑ (20 August 2013). Narendra Dabholkar, the man who waged a war against superstition in all forms. DNA India
  12. ↑ Johannes Quack. (2011). Disenchanting India: Organized Rationalism and Criticism of Religion in India. Oxford University Press. পৃ. 145. ISBN 978-0-19-981260-8
  13. ↑ Satyajit Joshi. (21 August 2013). Dabholkar was a true crusader of rationalism. হিন্দুস্তান টাইমছ
  14. ↑ Priyanka Kakodkar. (21 August 2013). He was not against God but fought exploitation. দ্য হিন্দু
  15. ↑ (20 August 2013). Anti-superstition campaigner killed in Pune. Business Standard
  16. ↑ (21 August 2013). Narendra Dabholkar: India's Maharashtra state bans black magic after killing. BBC India
  17. ↑ About: Parivartan
  18. ↑ Deshmukh, Chaitraly. (20 August 2013). Anti-superstition leader Narendra Dabholkar shot dead; Prithviraj Chavan announces Rs 10 lakh reward for info on killers. DNA India
  19. ↑ Maseeh Rahman. (20 August 2013). Indian anti-superstition activist Narendra Dabholkar shot dead. The Guardian
  20. ↑ Register an account | Hashing24
  21. ↑ (13 March 2013). Social group blames Asaram Bapu for 'wasting' water. Yahoo! News
  22. ↑ Mehta, Tejas. (18 March 2013). As Maharashtra battles drought, Asaram Bapu wastes water, abuses media. NDTV
  23. ↑ (20 August 2013). Full text of the draft Anti-Superstition Law proposed by Narendra Dabholkar. DNA India
  24. ↑ (9 November 2010). Warkaris use saffron power to fight bill on witchcraft. Pune Mirror
  25. ↑ (6 August 2013). 'CM failed to discuss Anti-Jaadu Tona Bill'. DNA India
  26. ↑ (21 August 2013). Maharashtra Cabinet clears anti-black magic and superstition ordinance. IBNLive
  27. ↑ Maharashtra Legislative Council Passes Black Magic Bill. The New Indian Express
  28. ↑ (20 August 2013). A blow by blow account of the last moments of Narendra Dabholkar's life. DNA India
  29. ↑ (28 August 2013). Sorry doctor, we didn't deserve you. দ্য হিন্দু
  30. ↑ Salil Urunkar. (21 August 2013). Dabholkar's wish to donate body remains unfulfilled. Mid-Day
  31. ↑ (23 August 2013). Family decides not to immerse Narendra Dabholkar's ashes. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  32. ↑ (25 August 2013). How Narendra Dabholkar practised what he preached. হিন্দুস্তান টাইমছ
  33. ↑ (26 August 2013). Catch the killers fast: Dabholkar's kin. DNA India
  34. ↑ (20 August 2013). Anti-superstition activist Dabholkar shot dead in Pune; CM, Pawar condemn killing. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  35. ↑ (21 August 2013). Bandh in Pune over rationalist Narendra Dabholkar's murder. Zee News
  36. ↑ Anurag Bende. (22 August 2013). Bandh a partial success. DNA India
  37. ↑ (20 August 2013). Rationalist Dabholkar shot dead. দ্য হিন্দু
  38. ↑ (26 August 2013). Police have some clues in Narendra Dabholkar murder case: Prithviraj Chavan. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  39. ↑ (2 September 2013). Narendra Dabholkar murder case: Police find suspects in 7 CCTV cameras. Daily Bhaskar
  40. ↑ (24 September 2013). High Court seeks NIA reply in Dabholkar murder case. দ্য হিন্দু
  41. ↑ Rosy Sequeira. (15 October 2013). Cannot probe Dabholkar case, NIA tells high court. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  42. ↑ (15 October 2013). NIA tells HC it cannot investigate Dabholkar's murder. Rediff
  43. ↑ (19 January 2014). Crack Dabholkar case in one week else give probe to CBI: R R Patil. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  44. ↑ (21 January 2014). Arms dealer, aide held in Dabholkar murder case. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  45. ↑ (21 January 2014). Five months on, cops make first arrests in Dabholkar murder case. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
  46. ↑ (3 March 2014). HC to hear PIL for CBI probe into Dabholkar killing. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  47. ↑ (4 March 2014). Police submit 'case diaries' in Dabholkar killing before HC. Zee News
  48. ↑ News Service, Express. (10 May 2014). Bombay High Court transfers Dabholkar murder probe to CBI. Indian Express
  49. ↑ (19 Aug 2015). Two years on, Narendra Dabholkar killers still remain elusive. Mid Day
  50. ↑ (19 August 2018). Narendra Dabholkar murder: CBI arrests gunman involved in crime; hope real perpetrators nabbed soon, says activists son Hamid - Firstpost. www.firstpost.com
  51. ↑ catid=47:campaign-for-law&Itemid=123 Crimes Registered after the Ordinance Written by Krishna Chandgude Translated by Suman Oak
  52. ↑ (16 September 2013). National anti-black magic bill required: Dabholkar's daughter. দ্য হিন্দু
  53. ↑ (18 September 2013). Dabholkar aides meet Rahul, Pawar for central anti-superstition law. First Post (India)
  54. ↑ (6 August 2018). Lectures, protests planned on Aug 20 to mark Scientific Temper Day
  55. ↑ National Scientific Temper Day (August 20th) | aspin
  56. ↑ विवेक धारावाहिक Vivek Reason – YouTube. www.youtube.com
  57. ↑ Pradeep, K. (20 March 2017). The stories on a bookshelf. The Hindu
  58. ↑ Scroll Staff. Watch: is this the future of books if freedom of expression is curbed?. Scroll.in
  59. ↑ The Bookshelf

সম্পৰ্কিত শ্ৰেণী

নাস্তিকতাবাদী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নৰেন্দ্ৰ দাভোলকাৰ” প্ৰবন্ধৰ সংশোধন ৬০৪২৩৭ (৩ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।