অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ৱিকিপিডিয়া জিৰ’

ৱিকিপিডিয়া জিৰ’ (Wikipedia Zero) আছিল ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ দ্বাৰা শূন্য ৰেটিংৰ মাধ্যমেৰে ম'বাইল ফোনত বিশেষকৈ উন্নয়নশীল দেশসমূহে বিনামূলীয়াকৈ ৱিকিপিডিয়া প্ৰদান কৰা এক প্ৰকল্প। এই প্ৰ'গ্ৰামটোৰ বিশেষকৈ উদ্দেশ্য আছিল ডাটা-ব্যৱহাৰৰ ব্যয় অবিহনে বিনামূলীয়া জ্ঞানৰ প্ৰৱেশাধিকাৰ বৃদ্ধি কৰা।

হালনাগাদ: ৫ জুলাই ২০২৬ ৩৫৭ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

ৱিকিপিডিয়া জিৰ’ (Wikipedia Zero) আছিল ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ দ্বাৰা শূন্য ৰেটিংৰ মাধ্যমেৰে ম'বাইল ফোনত বিশেষকৈ উন্নয়নশীল দেশসমূহে বিনামূলীয়াকৈ ৱিকিপিডিয়া প্ৰদান কৰা এক প্ৰকল্প।১২ এই প্ৰ'গ্ৰামটোৰ বিশেষকৈ উদ্দেশ্য আছিল ডাটা-ব্যৱহাৰৰ ব্যয় অবিহনে বিনামূলীয়া জ্ঞানৰ প্ৰৱেশাধিকাৰ বৃদ্ধি কৰা। ৭২ৰো অধিক দেশত ৯৭ অপাৰেটৰৰ সৈতে এই প্ৰ'গ্ৰামৰ যোগেৰে ৮০০ মিলিয়নৰো অধিক লোকক ৱিকিপিডিয়াৰ প্ৰৱেশাধিকাৰ প্ৰদান কৰা হৈছিল বুলি অনুমান কৰা হয়।৩ ৱিকিপিডিয়া জিৰ’ প্ৰ'গ্ৰামটো ২০১৮ চনত সমাপ্ত হৈছিল।

এই প্ৰ'গ্ৰামটো ২০১২ চনত আৰম্ভ কৰা হৈছিল৪ আৰু সক্ৰিয়তাৰ বাবে ২০১৩ চাউথ বাই চাউথৱেষ্ট ইণ্টাৰেক্টিভ এৱাৰ্ডৰ লাভ কৰিছিল।৫ নেট নিৰপেক্ষতা নীতি লঙ্ঘন হেতু কিছু বছৰ সমালোচনাৰ পিছত৬৭ ২০০৮ চনৰ ফেব্ৰুৱাৰী মাহত উইকিমিডিয়া ফাউণ্ডেচনে এই প্ৰকল্পটো শেষ কৰাৰ কথা ঘোষণা কৰে, য'ত কোৱা হৈছে যে ই অংশীদাৰীত্বৰ ওপৰত এক নতুন দৃষ্টিভঙ্গী গ্ৰহণ কৰিব। ৮০০ মিলিয়ন লোকক সেৱা প্ৰদান কৰা সত্বেও প্ৰকল্পটো বিকাশৰ অভাৱত আৰু চেল ফোন ডাটাৰ হ্ৰাস হোৱা মূল্যৰ দ্বাৰা বিপদত পৰা দেখা গৈছিল।৮ ফেচবুক জিৰ’ ৱিকিপিডিয়া জিৰ’ৰ অনুপ্ৰেৰণা বুলি কোৱা হয়।৯

ইতিহাস

ৱিকিপিডিয়া জিৰ’ ২০১২ চনত প্ৰথম মালয়েছিয়াত আৰম্ভ কৰা হয়।১০ ২০১২ চনৰ অক্টোবৰত, এটি যথাক্ৰমে ডিটিএচি আৰু চৌদি টেলিকম কোম্পানিৰ সৈতে থাইলেণ্ড আৰু চৌদি আৰৱত আৰম্ভ কৰা হৈছিল। ২০১৩ চনৰ মে মাহত, মোবিলিংকৰ সৈতে ইয়াক পাকিস্তানত আৰম্ভ কৰা হয়।১১১২ ২০১৩ চনৰ জুন মাহত, ডায়লগ আজিয়াটাৰ সৈতে শ্ৰীলংকাত আৰম্ভ কৰা হয়।১৩

  • অক্টোৱৰ ২০১৩: জৰ্ডান, উমনিয়াহৰ সৈতে; বাংলাদেশ, বাংলালিংকৰ সৈতে,১৪১৫
  • এপ্ৰিল ২০১৪: কোচোবো, আই পি কে অ নেটৱৰ্কৰ সৈতে১৬
  • মে ২০১৪: নেপাল, এনচেলৰ সৈতে.১৭ আৰু কিৰগিজস্তানত বিৰলাইনৰ সৈতে.১৮
  • মে ২০১৪: নাইজেৰিয়া, এয়াৰটেল নাইজেৰিয়াৰ সৈতে.১৯
  • অক্টোৱৰ ২০১৪: ইউক্ৰেন, ক্যিৱষ্টাৰৰ সৈতে।২০
  • ডিচেম্বৰ ২০১৪: ঘানা, এমটিএন ঘানাৰ সৈতে।২১২২
  • ডিচেম্বৰ ২০১৪: আংগলা, ইউনিটেল এছ এ সৈতে
  • জানুৱাৰী ২০১৫: আলজেৰিয়া,ডিজেজ্জীৰ সৈতে।২৩
  • মাৰ্চ ২০১৭: ইৰাক, এছিয়াচেল২৪
  • ছেপ্টেম্বৰ ২০১৭: আফগানিস্তান ৰোচন

২০১৮ চনৰ ফেব্ৰুৱাৰী মাহত ৱিকিমিডিয়া ফাউণ্ডেশ্যনে ঘোষণা কৰে যে, ২০১৮ চনৰ শেষৰ ভিতৰত ৱিকিপিডিয়া জিৰ’ প্ৰ'গ্ৰামটো সম্পূৰ্ণৰূপে সমাপ্ত কৰা হ'ব।২৫২৬

সম্বৰ্ধনা আৰু প্ৰভাৱ

চিলিৰ চাবচিক্ৰেটেৰিয়া ডি টেলিকমনিকেশ্বনে (Subsecretaria de Telecomunicaciones) নিয়ম কৰিছিল যে, ৱিকিপিডিয়া জিৰ’, ফেচবুক জিৰ’ আৰু গুগল ফ্ৰী জোনৰ দৰে শূন্য ৰেটিং সেৱা, যি ম'বাইল ডাটা ব্যৱহাৰত সাহায্য প্ৰদান কৰে, নেট নিৰপেক্ষতা আইন উলংগ কৰাৰ বাবে ২০১৪ চনৰ ১ জুনৰ ভিতৰত এই প্ৰক্ৰিয়াবোৰ শেষ কৰিব লাগিব।২৭২৮ ইলেক্ট্ৰনিক ফ্ৰোণ্টাইৰ ফাউণ্ডেশ্যন কৈছিল, "Whilst we appreciate the intent behind efforts such as Wikipedia Zero, ultimately zero rated services are a dangerous compromise."৬ Accessnow.org -য়ে কয় "Wikimedia has always been a champion for open access to information, but it's crucial to call out zero-rating programs for what they are: Myopic deals that do great damage to the future of the open internet"৭ ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ গেল কাৰেণ ইয়ঙে দ্য ৱাশ্বিংটন প’ষ্টত প্ৰগ্ৰামটোক সুৰক্ষা দি কয়, "We have a complicated relationship to net neutrality. We believe in net neutrality in America", while adding that Wikipedia Zero required a different perspective in other countries: "Partnering with telecom companies in the near term, it blurs the net neutrality line in those areas. It fulfills our overall mission, though, which is providing free knowledge".২৯

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Russell, Brandon. (February 22, 2013). Wikipedia Zero Wants to Bring Wikipedia to Mobile Users Without a Data Plan. TechnoBuffalo
  2. ↑ Wadhwa, Kul Takanao. (February 22, 2013). Getting Wikipedia to the people who need it most. Knight Foundation
  3. ↑ Wikipedia Zero - Wikimedia Foundation. wikimediafoundation.org
  4. ↑ Sofge, Erik. (March 8, 2013). SXSW: Wikipedia for Non-Smartphones Is Brilliant. Here's Why. Popular Mechanics
  5. ↑ Riese, Monica. (March 12, 2013). SXSW Interactive Awards Announced. The Austin Chronicle. Austin Chronicle Corp
  6. ↑ (2014-07-24). Net Neutrality and the Global Digital Divide. Electronic Frontier Foundation
  7. ↑ (August 8, 2014). Wikipedia Zero and net neutrality: Wikimedia turns its back on the open internet. accessnow.org
  8. ↑ Tiwari, Aditya. (February 19, 2018). Free 'Wikipedia Zero' Is Shutting Down After Serving 800 Million Users. Fossbytes
  9. ↑ Dillon, Conon. (December 18, 2013). Wikipedia Zero: free data if you can afford it
  10. ↑ (May 26, 2012). Wikipedia Zero launches in Malaysia with Digi — Wikimedia Diff. Diff.wikimedia.org
  11. ↑ Mobilink brings Wikipedia Zero to Pakistan. nation.com.pk
  12. ↑ Mobilink brings Wikipedia Zero to Pakistan. Mobilink
  13. ↑ Wikipedia FREE. Dialog
  14. ↑ (December 2, 2013). Tech Talk | Wikipedia Zero | A righteous initiative for accessing free knowledge. Archive.thedailystar.net
  15. ↑ Banglalink launches Wikipedia Zero:: Financial Express:: Financial Newspaper of Bangladesh. Thefinancialexpress-bd.com
  16. ↑ (2014-07-22). Kosovo's Largest Foreign Investment Sets Tone for Innovation. www.the-american-times.com. Hazlehurst Media SA
  17. ↑ Wikipedia Zero arrives in Nepal via Ncell and you don't have to pay a Paisa to use it
  18. ↑ Beeline открыл бесплатный доступ к Wikipedia для своих абонентов
  19. ↑ (2014-05-29). Wikimedia Foundation partners with Airtel Nigeria to offer free Wikipedia access to subscribers — TechCabal
  20. ↑ Абоненти "Київстар" можуть користуватися Wikipedia з нульовим балансом на рахунку. Kyivstar
  21. ↑ MTN Ghana empowers customers with free access to Wikipedia. myjoyonline.com
  22. ↑ (December 22, 2014). MTN Ghana empowers customers with free access to Wikipedia. myjoyonline.com
  23. ↑ Djezzy lance l’accès gratuit a Wikipedia
  24. ↑ Asiacell to offer free access to Wikipedia in Iraq. AFP
  25. ↑ Building for the future of Wikimedia with a new approach to partnerships – Wikimedia Diff. ৱিকিমিডিয়া ফাউণ্ডেশ্যন
  26. ↑ Fingas, Jon. (February 18, 2018). Wikipedia ends no-cost mobile access for developing countries. Engadget
  27. ↑ Mirani, Leo. (May 30, 2014). Less than zero – When net neutrality backfires: Chile just killed free access to Wikipedia and Facebook. Quartz
  28. ↑ McKenzie, Jessica. (June 2, 2014). Face Off in Chile: Net Neutrality v. Human Right to Facebook & Wikipedia
  29. ↑ Wikipedia's 'complicated' relationship with net neutrality. Washington Post

সম্পৰ্কিত শ্ৰেণী

প্ৰকল্পৱিকিমিডিয়া ফাউণ্ডেশ্যন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৱিকিপিডিয়া জিৰ’” প্ৰবন্ধৰ সংশোধন ৬১৫৮২৭ (৫ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।