অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

বহনক্ষম উন্নয়নৰ লক্ষ্য

বহনক্ষম উন্নয়নৰ লক্ষ্য (Sustainable Development Goals চমুকৈ SDGs) বা গোলকীয় লক্ষ্য হৈছে "সকলোৰে বাবে এক উন্নত আৰু অধিক বহনক্ষম ভৱিষ্যত প্ৰাপ্ত কৰা"ৰ বাবে প্ৰস্তুত কৰা ১৭ টা আন্তঃসংযোজিত লক্ষ্যৰ এক সংগ্ৰহ।

হালনাগাদ: ২২ মে’ ২০২৫ ১৪৮ শব্দ · ১ মিনিট সংগৃহীত ৫৪
সংশোধনৰ পৰামৰ্শ

বহনক্ষম উন্নয়নৰ লক্ষ্য (Sustainable Development Goals চমুকৈ SDGs) বা গোলকীয় লক্ষ্য হৈছে "সকলোৰে বাবে এক উন্নত আৰু অধিক বহনক্ষম ভৱিষ্যত প্ৰাপ্ত কৰা"ৰ বাবে প্ৰস্তুত কৰা ১৭ টা আন্তঃসংযোজিত লক্ষ্যৰ এক সংগ্ৰহ।১ ২০১৫ চনৰ ছেপ্টেম্বৰ মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই সিদ্ধান্ত লৈ ১৭টা নতুন বহনক্ষম উন্নয়নৰ বিশ্বজোৰা লক্ষ্য বান্ধি দিছিল যিকেইটা ২০৩০ চনৰ ভিতৰত সম্পূৰ্ণ কৰাৰ উদ্দেশ্যে। এই সিদ্ধান্ত মূলতে আছিল দৰিদ্ৰতা শেষ কৰিবলৈ, পৃথিৱীখন সুৰক্ষিত কৰিবলৈ আৰু ২০৩০ চনৰ ভিতৰত সকলো লোকে শান্তি আৰু সমৃদ্ধি উপভোগ কৰাটো নিশ্চিত কৰাৰ বাবে এক সৰ্বজনীন আহ্বান।১ ভাৰতত বহনক্ষম উন্নয়নৰ লক্ষ্যত সন্নিৱিষ্ট সমৃদ্ধ থকা জাতীয় সূচকসমূহৰ বিকাশৰ ভূমিকা, মন্ত্ৰালয়ৰ দ্বাৰা পৰিকল্পনাসমূহৰ ৰূপায়ণৰ তত্ত্বাৱধায়ন কৰা, উন্নয়নৰ লক্ষ্য সাৰ্থক কৰাৰ বাবে ৰাজ্যসমূহৰ লগত সমন্বয় স্থাপন কৰাৰ বাবে নিটি আয়োগক নিয়োগ কৰা হৈছে।২

লক্ষ্যসমূহ

১৭টা বহনক্ষম উন্নয়নৰ লক্ষ্য হৈছে:২

  1. দৰিদ্ৰতা নিৰ্মূল
  2. ক্ষুধা নিবাৰণ
  3. সুস্বাস্থ্যৰ জৰিয়তে পৰয়ালৰ কল্যাণ সাধন
  4. গুণগত শিক্ষা
  5. লিংগ সমতা ৰক্ষা
  6. বিশুদ্ধ খোৱাপানী আৰু অনাময় ব্যৱস্থা
  7. সুলভ আৰু স্বচ্ছ শক্তি
  8. ভাল কাৰ্যৰ জৰিয়তে অৰ্থনৈতিক বিকাশ সাধন
  9. উদ্যোগ, নতুনত্ব আৰু অভিনৱত্ব
  10. বহনক্ষম চহৰ আৰু সম্প্ৰদায়
  11. অসমানতা হ্ৰাস কৰা
  12. দায়িত্বশীল সেৱন আৰু উৎপাদন
  13. জলবায়ু নিয়ন্ত্ৰণ
  14. সাগৰীয় জীৱকূল
  15. জীৱন আৰু ভূমি
  16. শান্তি, ন্যায় আৰু শক্তিশালী সংস্থা
  17. সমেত অংশীদাৰিত্ব আৰু বহনক্ষম লক্ষ্য

তথ্যসূত্ৰ

  1. ↑ Sustainable Development Goals. United Nations Development Programme
  2. ↑ বহনক্ষম উন্নয়নৰ লক্ষ্য. ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ. ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসম চৰকাৰ

সম্পৰ্কিত শ্ৰেণী

ৰাষ্ট্ৰসংঘপ্ৰকল্প

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বহনক্ষম উন্নয়নৰ লক্ষ্য” প্ৰবন্ধৰ সংশোধন ৫১১২৬৭ (২২ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।