ৱিকিমিডিয়া ফাউণ্ডেশ্যন
৭ প্ৰবন্ধ
-
ৱিকিমিডিয়া ফাউণ্ডেশ্যন
ৱিকিমিডিয়া ফাউণ্ডেশ্যন, ইন্ক'ৰ্প'ৰেছন হৈছে এটা আমেৰিকান অব্যৱসায়িক দাতব্য সংস্থা। ফ্ল'ৰিডাৰ আইনৰ অধীনত ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল আৰু ইয়াৰ মুখ্য কাৰ্যালয় চান ফ্ৰান্সিচ্ক', কেলিফ'ৰ্নিয়াত অৱস্থিত।
-
ৱিকিমিডিয়া আন্দোলন
ৱিকিমিডিয়া আন্দোলন ৱিকিমিডিয়া প্ৰকল্পসমূহলৈ বৰঙণি আগবঢ়োৱাসকলৰ বৈশ্বিক সম্প্ৰদায়। এই আন্দোলন আৰম্ভ হ'ল ৱিকিপিডিয়াৰ জৰিয়তে। এতিয়া, প্ৰায় ৭০০০০ স্বেচ্ছাসেৱী থকা ৱিকিপিডিয়া সম্প্ৰদায়ৰ উপৰি আন ৱিকিমিডিয়া প্ৰকল্পলৈ বৰঙণি আগবঢ়োৱাসকলৰ গোটো আছে।
-
ৱিকিমেনিয়া
ৱিকিমেনিয়া (Wikimania) হৈছে ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিচালিত ৱিকি প্ৰকল্পসমূহ (ষেনে ৱিকিপিডিয়া আৰু ইয়াৰ ভগ্নী প্ৰকল্পসমূহ)-ৰ ব্যৱহাৰকাৰী আৰু সদস্যসকলৰ বাবে আয়োজিত এখন বাৰ্ষিক আন্তৰাষ্ট্ৰীয় সন্মিলন।
-
গুগল আৰু ৱিকিপিডিয়াৰ মাজত সম্পৰ্ক
গুগল আৰু ৱিকিপিডিয়াৰ মাজৰ সম্পৰ্কটো ৱিকিপিডিয়াৰ ইতিহাসৰ আৰম্ভণিতে সহযোগমূলক আছিল, যেতিয়া গুগলে ব্যাপকভাৱে বিস্তৃত, সম্পাদনাযোগ্য নহোৱা আৰু বিজ্ঞাপনভিত্তিক ৱিকিপিডিয়া ক্লোনসমূহৰ পেইজৰেংক হ্ৰাস কৰাত সহায় কৰিছিল।
-
ডিজিটেল লাইব্ৰেৰী
ডিজিটেল লাইব্ৰেৰী, যাক অনলাইন লাইব্ৰেৰী, ইণ্টাৰনেট লাইব্ৰেৰী, ডিজিটেল পুথিভঁৰাল বা ডিজিটেল সংগ্ৰহ (digital library) বুলিও কোৱা হয়, সেয়া হৈছে ডিজিটেল বস্তুৰ অনলাইন ডাটাবেছ, য'ত লিখনি, স্থিৰ ছবি, অডিঅ', ভিডিঅ', ডিজিটেল নথিপত্ৰ, বা অন্যান্য ডিজিটেল মাধ্যমৰ ফৰ্মেট সমূহৰ বাবে ইণ্টাৰনেটৰ জৰিয়তে প্ৰৱেশ…
-
ৱিকিপিডিয়া জিৰ’
ৱিকিপিডিয়া জিৰ’ (Wikipedia Zero) আছিল ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ দ্বাৰা শূন্য ৰেটিংৰ মাধ্যমেৰে ম'বাইল ফোনত বিশেষকৈ উন্নয়নশীল দেশসমূহে বিনামূলীয়াকৈ ৱিকিপিডিয়া প্ৰদান কৰা এক প্ৰকল্প। এই প্ৰ'গ্ৰামটোৰ বিশেষকৈ উদ্দেশ্য আছিল ডাটা-ব্যৱহাৰৰ ব্যয় অবিহনে বিনামূলীয়া জ্ঞানৰ প্ৰৱেশাধিকাৰ বৃদ্ধি কৰা।
-
ৱিকিকনফাৰেন্স ইণ্ডিয়া
ৱিকি সন্মিলন ভাৰত বা ৱিকিকনফাৰেন্স ইণ্ডিয়া (Wikiconference India) চমুকৈ WCI হৈছে ভাৰতত আয়োজিত এখন ৰাষ্ট্ৰীয় ৱিকিপিডিয়া সন্মিলন। প্ৰথম ৱিকি সন্মিলন ভাৰত ২০১১ চনৰ নৱেম্বৰ মাহত, ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ ৰাজধানী মুম্বাইত অনুষ্ঠিত হৈছিল।