ৱিকিপিডিয়াৰ ল’গ’ হৈছে বিনামূলীয়া বিশ্বকোষ ৱিকিপিডিয়াৰ বাবে ব্যৱহাৰ হোৱা জিগছ’ৰ টুকুৰাৰে নিৰ্মিত এটা অসমাপ্ত গ্ল’ব, যিটোৰ ওপৰ অংশৰ কিছুমান টুকুৰা নাই। এই টুকুৰা সমূহৰ প্ৰতিটোতে বেলেগ বেলেগ লিখন ব্যৱস্থাৰ গ্লিফ আছে। প্ৰকল্পটোৰ ইংৰাজী ভাষাৰ সংস্কৰণৰ ৱেব পৃষ্ঠাসমূহত প্ৰদৰ্শিত হোৱাৰ দৰে, গ্ল'বৰ তলত "WIKIPEDIA" শব্দচিহ্ন আছে, আৰু তাৰ তলত, Linux Libertine ফণ্টত "The Free Encyclopedia" বুলি লিখা হৈছে। বিভিন্ন ভাষাৰ সংস্কৰণ সমূহে এই শব্দ আৰু বাক্যাংশ নিজ নিজ ভাষাত ব্যৱহাৰ কৰে।১২
গঠন
বিভিন্ন আখৰযুক্ত চিহ্নৰ প্ৰতিটো অংশই ৱিকিপিডিয়াৰ বহুভাষিকতাক প্ৰকাশ কৰে। ৱিকিপিডিয়া শব্দটো বিভিন্ন ভাষাত লিখিবলৈ প্ৰয়োজনীয় আৰম্ভণিৰ আখৰবোৰ টুকুৰা টুকুৰকৈ লিখা হৈছে। যেনেকৈ লেটিন ভাষা “W”, যিটো “ৱিকিপিডিয়া” শব্দটোৰ ইংৰাজী প্ৰতিশব্দৰ প্ৰথম আখৰ। অন্যান্য আখৰবোৰ-
- লেটিন ভাষা ⟨W⟩ কেন্দ্ৰত, জাপানী ভাষা ⟨ウォ⟩ ওপৰত, চিৰিলিক লিপি ⟨И⟩ তলত, হিব্ৰু ভাষা ⟨و⟩ আৰু আংশিকভাৱে দৃশ্যমান তামিল ভাষা তলত ⟨வி⟩
- লেটিন ভাষা “W” ৰ বাঁওফালে গ্ৰীক ভাষা ⟨Ω⟩, তলত চীনা ভাষা ⟨維⟩, কন্নড় ভাষা ⟨ವಿ⟩ আৰু আংশিকভাৱে দৃশ্যমান তিব্বতী ⟨ཝི⟩
- ওপৰৰ বাঁওফালৰ পৰা তললৈ আৰ্মেনিয়ান ⟨Վ⟩, কম্বোডিয়ান ⟨த⟩, বঙালী ভাষা ⟨উ⟩, দেৱনাগৰী লিপি ⟨वि⟩ জৰ্জিয়ান ভাষা ⟨ვ⟩
- সোঁফালে ইথিওপিক ⟨و⟩, আৰবী ভাষা ⟨يا⟩, কোৰীয় ভাষা ⟨위⟩, আৰু থাই ভাষা ⟨วิ⟩
ওপৰৰ ব্যৱধানটোৱে এই প্ৰকল্পৰ অসম্পূৰ্ণতা দেখুৱাইছে অৰ্থাৎ এতিয়াও আৰু অধিক প্ৰবন্ধ আৰু ভাষা ৱিকিপিডিয়াত যোগ কৰাৰ প্ৰয়োজন আছে।
প্ৰতীকৰ কালানুক্ৰম
| [[চিত্ৰ:Old wikipedia logo.png|]] | [[চিত্ৰ:Wikipedia-2nd-logo.png|]] | [[চিত্ৰ:Wikipedia-logo-en.png|]] | [[চিত্ৰ:Wikipedia-logo-v2-en.svg|]] |
|---|---|---|---|
| ২০০১ | ২০০১-২০০৩ | ২০০৩-২০১০ | ২০১০-বৰ্তমান |
তথ্যসূত্ৰ
- ↑ Poll, Philipp H. New Wikipedia-Logo using LinuxLibertine. Libertine Open Fonts Project
- ↑ Oma L Gallaga. (May 23, 2010). New Globe, User Interface For Wikipedia. NPR
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৱিকিপিডিয়াৰ ল’গ’” প্ৰবন্ধৰ সংশোধন ৩৪২৯৩৭ (১৬ জানুৱাৰী ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।