অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

লিথিয়াম

লিথিয়াম হৈছে এটা ৰাসায়নিক মৌল যাৰ ৰাসায়নিক চিহ্ন "Li" পাৰমাণৱিক সংখ্যা ৩। ই এক কোমল, ৰূপালী-বগা ক্ষাৰধাতু। সাধাৰণ পৰিস্থিতিত, ই হৈছে আটাইতকৈ পাতল ধাতু আৰু আটাইতকৈ পাতল কঠিন উপাদান। লিথিয়াম অতি সক্ৰিয় আৰু জ্বলনশীল, আৰু সেয়ে খনিজ তেলত সংৰক্ষণ কৰিব লাগে।

হালনাগাদ: ১৮ জুলাই ২০২১ ১৪২ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

লিথিয়াম হৈছে এটা ৰাসায়নিক মৌল যাৰ ৰাসায়নিক চিহ্ন "Li" পাৰমাণৱিক সংখ্যা ৩। ই এক কোমল, ৰূপালী-বগা ক্ষাৰধাতু। সাধাৰণ পৰিস্থিতিত, ই হৈছে আটাইতকৈ পাতল ধাতু আৰু আটাইতকৈ পাতল কঠিন উপাদান। লিথিয়াম অতি সক্ৰিয় আৰু জ্বলনশীল, আৰু সেয়ে খনিজ তেলত সংৰক্ষণ কৰিব লাগে। লিথিয়াম পৰমাণুৰ বৰ্হি কক্ষত ১টা ইলেক্ট্ৰন আছে। ই s গোষ্ঠীৰ মৌল।.

ধৰ্ম আৰু গঠন

লিথিয়ামৰ ৰাসায়নিক আৰু ভৌতিক ধৰ্মসমূহ এনেধৰণৰ:১

  • লিথিয়ামত থকা ইলেক্ট্ৰনৰ সংখ্যা ৩।
  • ইলেকট্ৰনীয় বিন্যাস 1s1.
  • পাৰমাণৱিক সংখ্যা (নিউক্লিয়াছত প্ৰটনৰ সংখ্যা): ৩
  • পাৰমাণৱিক ওজন (পৰমাণুৰ গড় ভৰ): ৬.৯৪১
  • ঘনত্ব: ০.৫৩৪ গ্ৰাম প্ৰতি ঘন চেণ্টিমিটাৰ
  • কোঠাৰ তাপমাত্ৰাত অৱস্থা: কঠিন
  • গলনাংক: ৩৫৬.৯ ডিগ্ৰী ফৰেনহেইট (১৮০.৫ ডিগ্ৰী চেলচিয়াছ)
  • উতলাংক: ২৪৪৮ ডিগ্ৰী ফৰেনহেইট (১৩৪২ ডিগ্ৰী চেলচিয়াছ)
  • আইছ'ট'প'টৰ সংখ্যা (বিভিন্ন সংখ্যক নিউট্ৰনৰ সৈতে একে পদাৰ্থৰ পৰমাণু): ১০; ২টা সুস্থিৰ
  • আটাইতকৈ সচৰাচৰ আইছ'টোপ: Li-7 (৯২.৪১ শতাংশ প্ৰাকৃতিক অৱস্থিতি), Li-6 (৭.৫৯শতাংশ প্ৰাকৃতিক অৱস্থিতি)

ব্যৱহাৰ

  • লিথিয়াম বেটেৰিত ব্যৱহাৰ কৰা হয়।
  • লুব্ৰিকেটিং গ্ৰীজ হিচাপে ব্যৱহাৰ কৰা হয়।
  • মানসিক ৰোগত ব্যৱহাৰ কৰা হয়।

তথ্যসূত্ৰ

  1. ↑ Pappas, Stephanie. What Is Lithium?. Live Science

সম্পৰ্কিত শ্ৰেণী

ৰাসায়নিক মৌল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লিথিয়াম” প্ৰবন্ধৰ সংশোধন ২৮৬৮৬৬ (১৮ জুলাই ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।