অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী উচ্চায়ুক্তৰ কাৰ্যালয়

ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী উচ্চায়ুক্তৰ কাৰ্যালয় (UNHCR) হৈছে শৰণাৰ্থী, বলপূৰ্বকভাৱে স্থানচ্যুত সম্প্ৰদায়, আৰু ৰাষ্ট্ৰহীন লোকসকলক সহায় আৰু সুৰক্ষা প্ৰদান আৰু তেওঁলোকৰ স্বেচ্ছামূলক প্ৰত্যাৱৰ্তন, স্থানীয় সংহতি বা তৃতীয় দেশলৈ পুনৰ সংস্থাপনত সহায় কৰাৰ দায়িত্ব দিয়া ৰাষ্ট্ৰসংঘৰ এটা সংস্থা।

হালনাগাদ: ৩০ নৱেম্বৰ ২০২৪ ৩৫২ শব্দ · ২ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী উচ্চায়ুক্তৰ কাৰ্যালয় (UNHCR) হৈছে শৰণাৰ্থী, বলপূৰ্বকভাৱে স্থানচ্যুত সম্প্ৰদায়, আৰু ৰাষ্ট্ৰহীন লোকসকলক সহায় আৰু সুৰক্ষা প্ৰদান আৰু তেওঁলোকৰ স্বেচ্ছামূলক প্ৰত্যাৱৰ্তন, স্থানীয় সংহতি বা তৃতীয় দেশলৈ পুনৰ সংস্থাপনত সহায় কৰাৰ দায়িত্ব দিয়া ৰাষ্ট্ৰসংঘৰ এটা সংস্থা। ইয়াৰ মুখ্য কাৰ্যালয় চুইজাৰলেণ্ডৰ জেনেভাত আৰু ২০২৩ চনৰ ডিচেম্বৰ মাহলৈকে ইয়াৰ ২০,৩০৫ জন কৰ্মচাৰীয়ে ১৩৬ খন দেশত কাম কৰি আছে। ১

ইতিহাস আৰু লক্ষ্য

আন্তঃৰাষ্ট্ৰীয় শৰণাৰ্থী সংস্থা হৈছে ১৯৪৬ চনত ৰাষ্ট্ৰসংঘৰ নিয়ন্ত্ৰণত শৰণাৰ্থীসকলক পুনৰ সংস্থাপন কৰিবলৈ স্থাপিত এক আন্তঃৰাষ্ট্ৰীয় সংস্থা৷ এই সংস্থাৰ লক্ষ্য আছিল ইউৰোপীয় দেশ আৰু চীনত দ্বিতীয় বিশ্বযুদ্ধৰ পিছত নিজৰ দেশলৈ উভতি যাব নোৱাৰা শৰণাৰ্থী আৰু অনাথ শিশুসকলক সহায় কৰা৷ শিবিৰত শৰণাৰ্থীক ৰখা, তেওঁলোকক খাদ্য, বস্ত্ৰ, চিকিৎসা সাহায্য, বৃত্তিমূলক প্ৰশিক্ষণ ইত্যাদি যোগান ধৰা। সংস্থাটোৱে হাজাৰ হাজাৰ শিশুক পিতৃ-মাতৃক বিচাৰি উলিয়াবলৈ বা পোষক গৃহত ৰখাত সহায় কৰিছে। ৰোগমুক্ত নোহোৱাৰ বাবে বহিঃৰাজ্যত প্ৰৱেশৰ পৰা বঞ্চিত হোৱা আৰু বৃদ্ধাৱস্থাত ভুগি থকাসকলক সহায় কৰাৰ ক্ষেত্ৰত এই সংগঠনটোৱেই আগভাগ লৈছিল।

১৯৪৭ চনৰ পৰাই ই কাম আৰম্ভ কৰে

এই সংগঠনৰ কাৰ্য্যকলাপ আৰম্ভ হৈছিল ১৯৪৭ চনৰ ১ জুলাইৰ পৰা ৷ ১৮খন দেশে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল আৰু সংস্থাটোৰ খৰচৰ দিশত আৰ্থিক সহায় আগবঢ়াইছিল। আমেৰিকা, অষ্ট্ৰেলিয়া, ইংলেণ্ড, ইটালী, আইচলেণ্ড, কানাডা, গুৱেটামালা, চীন, ডেনমাৰ্ক, ডমিনিকান ৰিপাব্লিক, নেদাৰলেণ্ড, নিউজিলেণ্ড, নৰৱে, ফ্ৰান্স, বেলজিয়াম, ব্ৰাজিল, লাক্সেমবাৰ্গ আৰু ভেনিজুৱেলা আদি ১৮খন দেশে সংস্থাটোক সহায় কৰিছিল। ১৯৪৭ চনত এই সংস্থাটোৱে ইয়াৰ পূৰ্বৰ ইউএনআৰএ (ৰাষ্ট্ৰসংঘৰ সাহায্য আৰু পুনৰ্বাসন প্ৰশাসন)ৰ কাম আৰু ১৯৩৯ চনত স্থাপিত শৰণাৰ্থীসকলৰ বাবে আন্তঃৰাষ্ট্ৰীয় চৰকাৰী সমিতিৰ দায়িত্ব গ্ৰহণ কৰে আৰু শৰণাৰ্থীসকলৰ পুনৰ্বাসন আৰু সুৰক্ষা আৰু নিৰাপত্তাৰ দায়িত্ব লয়। শৰণাৰ্থী সংস্থাৰ উত্থানৰ লগে লগে আন্তঃচৰকাৰী সমিতিৰ কামৰ অন্ত পৰিল।

১৯৪৭ চনৰ জুলাইৰ পৰা ১৯৫২ চনৰ জানুৱাৰীলৈকে অন্য দেশত পুনৰ্বাসন আৰু সুৰক্ষাৰ বাবে অপেক্ষা কৰি থকা ১৫ লাখ লোকক জাৰ্মানী আৰু অষ্ট্ৰিয়া আদি ইউৰোপীয় দেশৰ বিশেষ শিবিৰত ৰখা হৈছিল আৰু এই সংগঠনৰ প্ৰচেষ্টাৰ বাবেই তেওঁলোকক সুৰক্ষা দিয়া হৈছিল। ১৯৫২ চনৰ জানুৱাৰী মাহত যেতিয়া সংস্থাটোৱে নিজৰ কাৰ্যকলাপ বন্ধ কৰিছিল, তেতিয়া ইউৰোপত ৫ লাখ লোকে পুনৰ সংস্থাপনৰ সুবিধা নোহোৱাকৈয়ে বাস কৰিছিল।

সংগঠনটোৰ পাঁচ বছৰীয়া কাৰ্যকলাপৰ বাবে সদস্য ৰাষ্ট্ৰসমূহে ৪ কোটি ডলাৰ দিছিল। ইয়াৰে ১.৯৫ বিলিয়ন ডলাৰ অষ্ট্ৰেলিয়া, কানাডা, আমেৰিকা, লেটিন আমেৰিকাৰ দেশসমূহত ১০ লাখ লোকক পুনৰ সংস্থাপন কৰিবলৈ ব্যয় কৰা হৈছিল। চীনত থকা ইউৰোপীয় মূলৰ ২৩ হাজাৰ লোকক আন দেশত সংস্থাপন কৰা হয়।

তথ্যসূত্ৰ

তথ্যসূত্ৰ

  1. ↑ Refugees, United Nations High Commissioner for. Figures at a Glance. UNHCR

সম্পৰ্কিত শ্ৰেণী

ৰাষ্ট্ৰসংঘ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী উচ্চায়ুক্তৰ কাৰ্যালয়” প্ৰবন্ধৰ সংশোধন ৪৪৯৯৭৮ (৩০ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।