অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ভোলা গছ

ভোলা গছ ( Marking nut or Dhobi nut) বৈজ্ঞানিক নাম - Semecarpus anacardium, পৰিয়াল - Anacardiaceae ৷ ভাৰতৰ বিভিন্ন স্থানীয় ভাষাত ইয়াক ভালকাটা,ভিলৱা আদি নামেৰে জনা যায়৷ এবিধ ঔষধি গুণসম্পন্ন উদ্ভিদ৷ ভোলা গছৰ গুটি প্ৰাচীন কালৰপৰাই বিভিন্ন চিকিৎসাত ব্যৱসাৰ হৈ আহিছে৷ অসমৰ যোৰহাট জিলাৰ হোলোঙা চাপৰি…

হালনাগাদ: ৪ আগষ্ট ২০২৪ ৩২৪ শব্দ · ২ মিনিট সংগৃহীত ৪৮
সংশোধনৰ পৰামৰ্শ

ভোলা গছ ( Marking nut or Dhobi nut) বৈজ্ঞানিক নাম - Semecarpus anacardium, পৰিয়াল - Anacardiaceae ৷ ভাৰতৰ বিভিন্ন স্থানীয় ভাষাত ইয়াক ভালকাটা,ভিলৱা আদি নামেৰে জনা যায়৷ এবিধ ঔষধি গুণসম্পন্ন উদ্ভিদ৷ ভোলা গছৰ গুটি প্ৰাচীন কালৰপৰাই বিভিন্ন চিকিৎসাত ব্যৱসাৰ হৈ আহিছে৷ অসমৰ যোৰহাট জিলাৰ হোলোঙা চাপৰি আৰু শিৱসাগৰজিলাত কিছু ভোলা গছ দেখা যায়৷ <ref name="গ্ৰন্থ ১" ১

উৎপত্তি স্থল

ভাৰতৰ হিমালয়ৰ পাদদেশ,মধ্য ভাৰত আৰু বিষুৱীয় অঞ্চলত এই গছবিধ পোৱা যায়৷

ঔষধি গুণ

প্ৰাচীন আয়ুৰ্বেদ শাস্ত্ৰই কোৱাৰ ধৰণেই আধুনিক বিজ্ঞানেও ভোলা গুটিৰ বিভিন্ন ঔষধি গুণৰ কথা প্ৰনাণ কৰি দেখুৱাইছে৷ বিজ্ঞানীসকলে এন্দুৰৰ ওপৰত কৰা পৰীক্ষাৰদ্বাৰা ভোলা গুটিৰ কৰ্কট ৰোগ নিৰাময়ৰ ক্ষমতা থকাৰ কথাও নিশ্চিত কৰিছে৷ তদুপৰি স্নায়ুৰ অসুখ,বাতবিষ,মধুমেহ আদি ৰোগ নিৰাময়ৰ বাবেও ভোলা গুটিৰপৰা আহৰণ কৰা ঔষধবোৰ ফলপ্ৰসূ বুলি জানিব পৰা গৈছে৷

গুটিৰ ব্যৱহাৰ

ভোলা গছৰ গুটি প্ৰাচীন কালৰপৰাই বিভিন্ন চিকিৎসাত ব্যৱহাৰ হৈ আহিছে৷ ছালৰ ৰোগ,টিউমাৰ,জ্বৰ,মহিলাৰ বিভিন্ন ৰোগ,অন্ত্ৰৰ বিকাৰ,বাতবিষ,হৃদৰোগ ইত্যাদিত ইয়াৰ ব্যৱহাৰৰ কথা পোৱা যায়৷ কিন্তু শোধন নকৰাকৈ ব্যৱহাৰ কৰিলে ইয়াৰপৰা বিভিন্ন পাৰ্শ্বক্ৰিয়া হ'ব পাৰে৷ সেইবাবে ইয়াক এবিধ বিশেষ পদ্ধতিৰে শোধন কৰাৰ পাছতহে ব্যৱহাৰ কৰা হৈছিল৷ আয়ুৰ্বেদত উল্লেখ থকা এই পদ্ধতি অনুসৰি কেৱল পানীত ডুবি যোৱা গুটিবিলাকহে ব্যৱহাৰৰ বাবে লোৱা হৈছিল৷ গুটিবোৰ ভাঙি তাৰ লগত ইটাগুৰি মিহলাই এটা দিন থৈ দিয়া হৈছিল৷ পাছদিনা সেইবিলাক পানীৰে ধুই ৩ - ৪ বাৰ উতলাই,ভালদৰে শুকুৱাই,গুৰি কৰি ঔষধ প্ৰস্তুত কৰাৰ বাবে ব্যৱহাৰ কৰা হৈছিল৷ কিন্তু আধুনিক বিজ্ঞানৰ গৱেষণাই প্ৰমান কৰিছে যে এই পদ্ধতিৰে গুটিবিলাক কিছু পৰিমাণে শোধন কৰিব পাৰি যদিও সম্পূৰ্ণৰূপে বিষাক্ত পদাৰ্থবোৰ আঁতৰ কৰাৰ ক্ষেত্ৰত ই সিমান ফলপ্ৰসূ নহয়৷ তাৰ সলনি হেক্সেন (Hexane) নামৰ দ্ৰব্যবিধেৰে ধুই ইয়াৰপৰা বিষাক্ত তেলেতীয়া পদাৰ্থবোৰ আঁতৰ কৰিব পাৰি৷ এইদৰে শোধন কৰাৰ পাছত ইথালনৰ সহায়ত ঔষধি গুণসম্পন্ন যৌগবোৰ নিষ্কাসন কৰিব পাৰি৷ গৱেষণাৰপৰা জনা গৈছে যে হেক্সেনৰ লগত ওলাই অহা দ্ৰব্যবোৰে আমাৰ শৰীৰৰ বাবে অত্যন্ত ক্ষতিকাৰক মুক্ত মূলকবোৰ (Free radicals) প্ৰস্তুত কৰে৷ আনহাতে ইথালনৰ লগত ওলাই অহা দ্ৰব্যবোৰে আকৌ মুক্ত মূলকবোৰক বাধা দিয়াত অৰিহণা যোগায়৷ ভোলা গছৰ গুটিটোত কেইবাবিধো বাইফ্লেভনইড (Biflavonoid) থাকে৷ তেলেতীয়া অংশটোত কেইবাবিধো ফিন'লিক যৌগ (Phenolic compound) থাকে৷ ভোলা গছৰ গুটিৰপৰা এবিধ ক'লা ৰং ওলায়৷ এই ৰং ধোবাসকলে কাপোৰত দাগ দিয়াৰ বাবে ব্যৱহাৰ কৰে৷ সেইবাবে ইয়াক Marking nut বা Dhobi nut বুলি জনা যায়৷

তথ্যসূত্ৰ

  1. ↑ পঞ্চমী শৰ্মা আৰু ড° মদন মোহন বৰা. (২০১২). ঔষধি গুণৰ এক অনন্য ভাণ্ডাৰ:ভোলা গছ. প্ৰান্তিক. পৃ. পৃষ্ঠা ৩০

সম্পৰ্কিত শ্ৰেণী

গুল্ম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভোলা গছ” প্ৰবন্ধৰ সংশোধন ৪২৭৯৪৭ (৪ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।