অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

ৰাধা কৃষ্ণ

ৰাধা-কৃষ্ণ (IAST, राधा कृष्ण) যুটীক হিন্দু ধৰ্মত ভগৱানৰ নাৰী আৰু পুৰুষৰ মিশ্ৰিত প্ৰকাশ বুলি গণ্য কৰা হয়। বহু বৈষ্ণৱীয় বিশ্বাসত ৰাধা আৰু কৃষ্ণক ভগৱানৰ আদি ৰূপ আৰু আনন্দৰ আকৰ (হ্লাদিনী শক্তি) বুলি গণ্য কৰা হয়।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৬৯২ শব্দ · ৪ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ৰাধা-কৃষ্ণ (IAST, राधा कृष्ण) যুটীক হিন্দু ধৰ্মত ভগৱানৰ নাৰী আৰু পুৰুষৰ মিশ্ৰিত প্ৰকাশ বুলি গণ্য কৰা হয়।১ বহু বৈষ্ণৱীয় বিশ্বাসত ৰাধা আৰু কৃষ্ণক ভগৱানৰ আদি ৰূপ আৰু আনন্দৰ আকৰ (হ্লাদিনী শক্তি) বুলি গণ্য কৰা হয়।২

বৈষ্ণৱবাদৰ কৃষ্ণবাদ পৰম্পৰাত কৃষ্ণক স্বয়ম ভগৱান আৰু ৰাধাক ভগৱানৰ তিনিবিধ প্ৰধান ক্ষমতাৰ আদি শক্তি বুলি কোৱা হৈছে। এই তিনিবিধ ক্ষমতা- হ্লাদিনী (আধ্যাত্মিক পৰম সুখ), সন্ধিনী (অনশ্বৰতা) আৰু সম্বিত (অস্তিত্বশীল চেতনা)ৰ ভিতৰত ৰাধাক ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি স্নেহৰ মূৰ্ত ৰূপ বুলি কোৱা হয় (হ্লাদিনী)।

কৃষ্ণৰ লগতে ৰাধাক পৰম দেৱী বুলি স্বীকাৰ কৰা হয়। কোৱা হয় যে স্নেহ মিশ্ৰিত ভক্তিৰেহে কৃষ্ণ সন্তুষ্ট হয় আৰু এই ভক্তিৰেই সাকাৰ ৰূপ ৰাধা। বহু ভক্ত‌ই কৃষ্ণক পাবৰ বাবে ৰাধাক পূজা কৰে। কৃষ্ণ‌ই আনন্দ লভিবৰ বাবে দুভাগ হৈ এভাগে ৰাধাৰ ৰূপ পোৱা বুলিও কিছু পাঠ্য‌ই কয়। হিন্দু গ্ৰন্থসমূহৰ মতে ৰাধা মহালক্ষ্মীৰ পূৰ্ণ অৱতাৰ।

ভক্তসমলে বিশ্বাস কৰে যে কৃষ্ণ‌ই সমগ্ৰ বিশ্বক সন্মোহিত কৰে, কিন্তু ৰাধাই তেওঁকো সন্মোহিত কৰে। গতিকে তেওঁ পৰম সেৱী আৰু একেলগে তেওঁলোকক ৰাধা-কৃষ্ণ বোলে।

সাহিত্য

হল ৰজাৰ প্ৰাকৃত পুথি গাথা সপ্তশতীত ৰাধা কৃষ্ণৰ প্ৰথম সাহিত্যিক উল্লেখ পোৱা যায়। খ্ৰীষ্টিয় প্ৰথম শতিকাত ৰচিত এই পুথিত ৭০০ টা পদ আছে। ৩৪৫ পাছলৈ ১২শ শতিকাত জয়দেৱ ৰচিত জনপ্ৰিয় পুথি গীত গোবিন্দত ৰাধা আৰু কৃষ্ণক এটা যুটী হিচাপে দেখুওৱা হয়।৬৭৮ ব্ৰহ্ম বৈৱৰ্ত পুৰাণ আৰু গৰ্গ সংহিতাৰ দৰে পুথিৰ মতে ৰাধা-কৃষ্ণ পৰম দেৱতা। দুয়োখন পুথিতে ৰাধা কৃষ্ণই বৃন্দাবন আৰু গোলোকত কটোৱা ঐশ্বৰিক সময়ৰ বিৱৰণ আছে। ৰাধা কৃষ্ণৰ উল্লেখ থকা আনবোৰ গুৰুত্বপূৰ্ণ পুথি হৈছে ঋগ্‌‌বেদৰ ৰাধোপনিষদ, অথৰ্ৱবেদৰ ৰাধাপতণি উপনিষদ, শিৱ পুৰাণ, ব্ৰহ্মাণ্ড পুৰাণ, স্কন্দ পুৰাণ, পদ্ম পুৰাণ, মৎস্য পুৰাণ, দেৱী-ভাগৱত পুৰাণ, নাৰদ পঞ্চৰত্ৰ আৰু ব্ৰহ্ম সংহিতা। দেৱী ৰাধাক কৃষ্ণৰ লগত শুকদেৱৰ পুৰাণতো "আৰাধিকা" আৰু "গোপী" আদি নামেৰে পৰোক্ষভাৱে উল্লেখ কৰা হৈছে।৯ জয়দেৱৰ পূৰ্বসূৰী আদি শংকৰই তেওঁৰ "অচ্যুত অষ্টকম"তো দেৱী ৰাধাক উল্লেখ কৰিছে।

গৌড়ীয় বৈষ্ণৱবাদ, নিম্বাৰ্ক সম্প্ৰদায়, পুষ্টিমাৰ্গ আৰু স্বামীনাৰায়ণ সম্প্ৰদায় আদি কেইবাটা হিন্দু মতবাদৰ মতে ৰাধা কেৱল গোপালিকা নহয়, তেওঁ সকলো গোপী আৰু ৰাসত ভাগ লোৱা সমস্ত ঐশ্বৰিক ব্যক্তিত্বৰ মূল।১০

পাদটীকা

তথ্যসূত্ৰ

  • Archer, W. G. (2004). The Loves of Krishna in Indian Painting and Poetry. Dover Publ. ISBN 0-486-43371-4
  • Banerjee, Samanta. (1993). Appropriation of a Folk-heroine: Radha in Medieval Bengali Vaishnavite Culture. Indian Institute of Advanced Study. ISBN 8185952086
  • Basu, M. M. (1932). The Post-Caitanya Sahajiya Cult of Bengal. University of Calcutta Press
  • Beck, Guy L. (2005). Alternative Krishnas: Regional and Vernacular Variations on a Hindu Deity. SUNY Press. পৃ. 65–90. ISBN 978-0-7914-6415-1
  • (1988). Gitagovinda. Encyclopaedia of Indian Literature: Devraj to Jyoti. সাহিত্য অকাডেমি. পৃ. 1414–1423. ISBN 81-260-1194-7
  • Hardy, Friedhelm E. (1987). Kṛṣṇaism. The Encyclopedia of Religion. MacMillan. পৃ. 387–392. ISBN 978-0-02897-135-3
  • Hawley, John Stratton. (2005). Three Bhakti Voices. Mirabai, Surdas, and Kabir in Their Time and Ours. Oxford University Press. ISBN 978-0195670851
  • Hayes, Glen Alexander. (2005). Alternative Krishnas: Regional and Vernacular Variations on a Hindu Deity. SUNY Press. পৃ. 19–32. ISBN 978-0-7914-6415-1
  • (1977). Love Song of the Dark Lord: Jayadeva's Gītagovinda. Columbia University Press. ISBN 0231040288
  • Miller, Barbara S. (1975). Rādhā: Consort of Kṛṣṇa's Vernal Passion. Journal of the American Oriental Society. পৃ. 655–671
  • Ramnarace, Vijay. (2014). Rādhā-Kṛṣṇa's Vedāntic Debut: Chronology & Rationalisation in the Nimbārka Sampradāya
  • Rosen, Steven. (2002). The hidden glory of India. Bhaktivedanta Book Trust. ISBN 0-89213-351-1
  • Rosenstein, Lucy. (1998). The Rādhāvallabha and the Haridāsā Samprādayas: A Comparison. Journal of Vaishnava Studies. পৃ. 5–18
  • Rosenstein, Ludmila L. (1997). A Study of Early Braj Bhasa Verse. Groningen Oriental Studies, 12. Egbert Forsten
  • Schwartz, Susan. (2004). Rasa: performing the divine in India. Columbia University Press. ISBN 0-231-13145-3
  • Schweig, Graham M. (2005). Dance of Divine Love: The Rڄasa Lڄilڄa of Krishna from the Bhڄagavata Purڄana, India's classic sacred love story. Princeton University Press. ISBN 0-691-11446-3
  • Singh, Kunj Bihari. (2004). Sociology of Religion in India. Themes in Indian Sociology, 3. Sage Publ. India. পৃ. 125–132. ISBN 0-7619-9781-4
  • Snell, Rupert. (1991). The Eighty-four Hymns of Hita Harivaṃśa: An Edition of the Caurāsī Pada. Motilal Banarsidass; School of Oriental and African Studies. ISBN 81-208-0629-8
  • Toffin, Gérard. (2012). Public Hinduisms. SAGE Publ. India. পৃ. 249–254. ISBN 978-81-321-1696-7
  • Valpey, Kenneth Russell. (2006). Attending Kṛṣṇa's image: Caitanya Vaiṣṇava mūrti-sevā as devotional truth. Routledge. ISBN 0-415-38394-3
  • White, Charles S. J. (1977). The Caurāsī Pad of Śri Hit Harivaṃś: Introduction, Translation, Notes, and Edited Braj Bhaṣa. Asian studies at Hawaii, 16. University Press of Hawaii. ISBN 9780824803599
  • Williams, Raymond. (2001). Introduction to Swaminarayan Hinduism. Cambridge University Press. ISBN 978-0-521-65422-7

তথ্যসূত্ৰ

  1. ↑ Bryant. (2007). Krishna: A Sourcebook. Oxford University Press. ISBN 978-0-19-803400-1
  2. ↑ Kar. (2001). Sriradha: A Study. Indian Literature. পৃ. 184–192
  3. ↑ Jash, Pranabananda. (1979). RADHA-MADHAVA SUB-SECT IN EASTERN INDIA. Proceedings of the Indian History Congress. পৃ. 177–184
  4. ↑ Gokhale, Namita; Lal, Malashri. (2018-12-10). Finding Radha: The Quest for Love. Penguin Random House India Private Limited. ISBN 978-93-5305-361-1
  5. ↑ Ramnarace 2014
  6. ↑ Love Song of the Dark Lord: Jayadeva's Gītagovinda 1977
  7. ↑ Archer 2004
  8. ↑ Datta 1988, পৃ. 1414–1423
  9. ↑ Archer 2004
  10. ↑ Schweig 2005, পৃ. 43

সম্পৰ্কিত শ্ৰেণী

হিন্দুধৰ্মৰ দেৱ দেৱী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাধা কৃষ্ণ” প্ৰবন্ধৰ সংশোধন ৬৩১২৭৬ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।