পদ্ম পুৰাণ (দেৱনাগৰী লিপি: पद्म पुराण) ওঠৰখন পুৰাণৰ ভিতৰত অন্যতম। এই হিন্দু ধৰ্মগ্ৰন্থখনক গীতামাহাত্ম্য নামেৰেও জনা যায়। ই পাঁচটা অংশ আৰু প্ৰায় ৫৫,০০০ শ্লোকত বিভক্ত। পদ্ম পুৰাণক সাত্ব পুৰাণৰ (ভাল আৰু নিৰ্মলতা প্ৰকাশ কৰা) শ্ৰেণীত ধৰা হয়।১
খণ্ড
পদ্ম পুৰাণখন পাঁচ খণ্ডযুক্ত-
- সৃষ্টিতত্ত্ব
- ভূমিখণ্ড
- স্বৰ্গখণ্ড
- পাতালখণ্ড
- উত্তৰখণ্ড আৰু ক্ৰিয়া যোগসাৰ।
বিষয় বস্তু
গ্ৰন্থখনৰ প্ৰথম অংশত ঋষি পুলস্ত্যই ভীষ্মক ধৰ্মৰ বিষয়ে জ্ঞান দিয়ে। দ্বিতীয় অংশত পৃথিৱীৰ কথা বৰ্ণোৱা হৈছে। তৃতীয় অংশত ভাৰতবিৱৰণকে ধৰি ব্ৰহ্মাণ্ডৰ সৃষ্টিৰ কথা কোৱা হৈছে। চতুৰ্থ অংশত ৰামৰ জীৱন আৰু কৰ্মৰ বিষয়ে বৰ্ণনা কৰা হৈছে। পঞ্চম অংশত শিৱ আৰু পাৰ্বতীৰ কথোপকথনৰ যোগেদি ধৰ্মৰ আৱশ্যকীয় জ্ঞানৰ কথা বৰ্ণনা কৰা হৈছে। মহাপুৰাণসমূহৰ এখন পদ্ম পুৰাণ প্ৰায় ৫০০০ বছৰ পুৰণি। ৰামৰ জীৱন বৰ্ণোৱা পৰৱৰ্তী কালৰ কিছুমান জৈন ধৰ্মীয় গ্ৰন্থও পোৱা যায়। এইবোৰ হৈছে পদ্ম-পুৰাণ (বলভদ্ৰপুৰাণ) বা ৰাইধু (১৫শ শতিকা), সোমদেৱৰ পদ্ম-পুৰাণ (১৬০০), ধৰ্মকৃতিৰ পদ্ম-পুৰাণ (১৬১২) আৰু ভট্টকৰ চন্দ্ৰকৃতিৰ পদ্ম-পুৰাণ (১৭শ শতিকা)।২
বহিঃ সংযোগ
- Summary of Padma Purana
- Padma Purāna, 1st part - List of vocabulary terms
- Padma Purāna, 2nd & 3rd parts - List of vocabulary terms
- Padma Purāna, 5th & 6th parts - List of vocabulary terms
তথ্যসূত্ৰ
- ↑ Wilson, H. H. (1840). The Vishnu Purana: A system of Hindu mythology and tradition. Oriental Translation Fund. পৃ. 12
- ↑ Devi Prasada Mishra, cited in Kodaganallur Ramaswami Srinivasa Iyengar, Asian variations in Ramayana, Sahitya Akademi (2006) ISBN 9788126018093, p. 61
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পদ্ম পুৰাণ” প্ৰবন্ধৰ সংশোধন ৫০৩৮৫৩ (১৮ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।