অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

যশোদা

যশোদা পুৰাণ সম্বন্ধিত হিন্দু বিশ্বাস অনুসৰি নন্দ ৰজাৰ পত্নী আৰু শ্ৰীকৃষ্ণৰ পালক মাতৃ। ভাগৱত পুৰাণ অনুসৰি দৈৱকীৰ পুত্ৰ কৃষ্ণক পিতৃ বসুদেৱে নন্দ ৰজা আৰু তেওঁৰ পত্নী যশোদাক দিছিল।

হালনাগাদ: ২৩ অক্টোবৰ ২০২৩ ১৬৪ শব্দ · ১ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

যশোদা পুৰাণ সম্বন্ধিত হিন্দু বিশ্বাস অনুসৰি নন্দ ৰজাৰ পত্নী আৰু কৃষ্ণৰ পালক মাতৃ। পুৰাণ অনুসৰি দৈৱকীৰ

পুত্ৰ কৃষ্ণক পিতৃ বসুদেৱে নন্দ ৰজা আৰু তেওঁৰ পত্নী যশোদাক দিছিল।

যশোদা আৰু শ্ৰীকৃষ্ণ

যশোদাৰ সৈতে সম্বন্ধিত শ্ৰীকৃষ্ণৰ বিভিন্ন বাল লীলাৰ কথা কোৱা হয়, যাৰ ভিতৰত শ্ৰীকৃষ্ণই আই যশোদাক বিশ্বৰূপৰ দৰ্শন কৰোৱাও অন্যতম। বেদ ব্যাসৰ মহাভাৰতত মহাঋষি নাৰদে বৃন্দাবনত শ্ৰীকৃষ্ণক লগ কৰাৰ কথা লিখিত আছে।

এটি লীলাত, বালি খোৱাৰ বাবে আই যশোদাই কৃষ্ণক খোঁটাত বান্ধি থৈছিল। এই ঘটনা দেখি নাৰদে কৈ উঠিল, "এন্না ঠাৱাম্ ছাইঢানাই, য়াছ'ডা", যাৰ অৰ্থ তামিল ভাষাত 'যশোদা, আপুনি কি তপ কৰিলে, যে আপুনি স্বয়ং নাৰায়ণক দণ্ড বিহাৰ, প্ৰেম কৰাৰ, পালন কৰাৰ শক্তি লাভ কৰিলে'। কৃষ্ণই যশোদাক মুখ মেলি দেখুৱাত যশোদাই সমগ্ৰ ব্ৰহ্মাণ্ডৰ লগতে লক্ষ্মী সেৱিত বিষ্ণুকো দৰ্শন কৰিলে। যশোদা মূৰ্চিত হ'বলৈ ধৰাত নাৰদে শ্ৰীকৃষ্ণৰ জীৱনৰ সত্য দাঙি ধৰিল।১ আন আন লীলা, কৃষ্ণই মাখন চুৰি কৰা আদি।২

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ আৰ্কাইভ কপি
  2. ↑ আৰ্কাইভ কপি

সম্পৰ্কিত শ্ৰেণী

হিন্দুধৰ্মৰ দেৱ দেৱী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যশোদা” প্ৰবন্ধৰ সংশোধন ৩৮৮৪৯৯ (২৩ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।