অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰাজা ৰাজেশ্বৰী ছেঠা ৰমন

ৰাজা ৰাজেশ্বৰী ছেঠা ৰমন (ইংৰাজী: Raja Rajeswari Seetha Raman; জন্ম: ১৯ আগষ্ট, ১৯৬১) এগৰাকী মালয়েছিয়ান কবি আৰু অনুবাদক। তেওঁ মূলতঃ তামিল বংশৰ ভাৰতীয় মহিলা আৰু মালয় ভাষা কেম্পাছৰ শিক্ষক শিক্ষা প্ৰতিষ্ঠানৰ প্ৰবক্তা। তেওঁ মালয় ভাষাত কবিতা ৰচনা কৰা একমাত্ৰ অনা-মালয় ব্যক্তি।

হালনাগাদ: ২৬ এপ্ৰিল ২০২৬ ৭৫০ শব্দ · ৪ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

ৰাজা ৰাজেশ্বৰী ছেঠা ৰমন (ইংৰাজী ভাষা: Raja Rajeswari Seetha Raman; জন্ম: ১৯ আগষ্ট, ১৯৬১) এগৰাকী মালয়েছিয়ান কবি আৰু অনুবাদক। তেওঁ মূলতঃ তামিল বংশৰ ভাৰতীয় মহিলা আৰু মালয় ভাষা কেম্পাছৰ শিক্ষক শিক্ষা প্ৰতিষ্ঠানৰ প্ৰবক্তা। তেওঁ মালয় ভাষাত কবিতা ৰচনা কৰা একমাত্ৰ অনা-মালয় ব্যক্তি। তেওঁৰ কবিতাসমূহ ভাষা-সাহিত্য প্ৰতিষ্ঠানৰদ্বাৰা প্ৰকাশিত আগশাৰীৰ সাহিত্য আলোচনী "দেৱান সস্তেৰা"কে ধৰি কেইবাখনো আগশাৰীৰ কাকত-আলোচনী আৰু সামূহিক কবিতা সংকলনত প্ৰকাশ পাইছিল।

জীৱনী

তেওঁ এটা শিক্ষক পৰিয়ালত জন্মগ্ৰহণ কৰিছিল আৰু বাগান চেৰাইৰ ইংৰাজী মাধ্যমৰ হাইস্কুলৰপৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত ১৯৮৪ চনত চুলতান আব্দুল হালিমৰ পেডাগজিকেল কলেজ (ছুংগাই পেটানি, কেদাহ)ত নামভৰ্তি কৰে আৰু দুবছৰৰ পাছত ১৯৮৬ চনত স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৮৬-১৯৮৮ চনত ইউনিভাৰ্চিটি পুত্ৰ মালয়েছিয়া (ছেৰডাং)ৰ আধুনিক ভাষা আৰু যোগাযোগ অনুষদত অধ্যয়ন কৰে।১ ২০০৫ চনত তেওঁ উথায়া শংকৰ এছ বিৰ গল্প সম্পৰ্কীয় থিছিছৰ ওপৰতো স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু ২০১৫ চনত মালয় বিশ্ববিদ্যালয়ৰ মালয় অধ্যয়ন একাডেমীত ডক্টৰেট ডিগ্ৰী লাভ কৰে। ২০১৫ চনত মালয়েছিয়াৰ অনুবাদক সংঘৰপৰা পেছাদাৰী অনুবাদকৰ ডিপ্লমা লাভ কৰে।২

১৯৯৫-২০০৭ চনত কুৱালালামপুৰৰ কেইবাখনো বিদ্যালয়ত মালয় আৰু ইংৰাজী ভাষাৰ শিক্ষয়িত্ৰী হিচাপে কাম কৰে, ২০০৮-২০১৬ চনত মালয়েছিয়াৰ পেডাগজিকেল ইনষ্টিটিউট (কুৱালালামপুৰ)ত মালয় ভাষাৰ প্ৰবক্তা হিচাপে কাম কৰে।৩ মালয়েছিয়া আৰু বিদেশৰ আলোচনা-চক্ৰ আৰু সন্মিলনত তেওঁ উপস্থাপন কৰিছিল। তেওঁ মাধ্যমিক বিদ্যালয়ৰ শিক্ষা মন্ত্ৰ্যালয় আয়োগৰ সদস্য।

সৃষ্টিশীলতা

তেওঁ মালয় ভাষাত কবিতা ৰচনা কৰা একমাত্ৰ অনা-মালয় কবি। তেওঁৰ কবিতাবোৰ আগশাৰীৰ কাকত-পাত্ৰ আৰু সাময়িকীৰ লগতে ভাষা-সাহিত্য প্ৰতিষ্ঠানৰদ্বাৰা প্ৰকাশিত খ্যাতনামা সাহিত্যিক সাময়িকী ‘‘দেৱান ছাস্তেৰা’’ত প্ৰকাশিত হৈছে। লগতে বহুতো সামূহিক কবিতা সংকলনতো তেওঁৰ কবিতা সন্নিৱিষ্ট হৈছে। তেওঁ দুটা ব্যক্তিগত কবিতা সংকলন প্ৰকাশ কৰিছে — ‘‘মেকাৰ বুংগা’’ (২০০৬)৪ আৰু ‘‘বাহাছা ইয়াং সমা’’ (গাজালি দিন ইহ্সান আৰু চাই লুন গুয়ানৰ সৈতে, ২০১৭)।

তেওঁৰ কবিতাত নিজ দেশৰ সৌন্দৰ্যৰ বাহিৰেও সামাজিক সমস্যা — বিশেষকৈ ৰাষ্ট্ৰীয় ভাষাৰ স্থান, দুৰ্নীতি-বিৰোধিতা — দেশপ্ৰেম, পৰিৱেশ, আৰু নিপীড়িত জনগোষ্ঠীৰ স্বাধীনতা সংগ্ৰাম (আফগানিস্তান, পেলেষ্টাইন) আদি বিষয়সমূহ গুৰুত্বসহ উল্লেখ পায়।৫৬ তেওঁৰ কবিতা ইংৰাজী ভাষা, বঙালী ভাষা, স্পেনীছ ভাষা, জাৰ্মান ভাষা, পৰ্তুগীজ ভাষা, থাই ভাষা আৰু তামিল ভাষা ভাষালৈ অনুবাদিত হৈছে। তেওঁৰ কেইবাটাও কবিতা সানি ছুদিন, ইউছাই’লান ইউনুছ আদি সংগীতকাৰৰদ্বাৰা সংগীত ৰূপেও পৰিগণিত হৈছে, যেনে — ‘‘The Art of Embroidery’’, ‘‘Beloved’’, ‘‘Fate of a Woman’’ আদি।

তেওঁ নিয়মিতভাৱে মালয়েছিয়া ৰাষ্ট্ৰীয় লেখক সংঘৰ মাহেকীয়া কবিতা পাঠ অনুষ্ঠানত নিজৰ কবিতা পাঠ কৰে আৰু বাংলাদেশ, ছিংগাপুৰ, ইণ্ডোনেছিয়া, নিকাৰাগুৱাত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় কবিতা উৎসৱতো অংশগ্ৰহণ কৰিছে।৭

সাহিত্য সমালোচক হিচাপে তেওঁৰ নিবন্ধ মালয়েছিয়াৰ বিভিন্ন কাকত-পত্ৰ আৰু সাময়িকীত প্ৰকাশ পাইছে।৮

তেওঁ ‘‘Great Malay Nusantara’’ (Numera)-ৰ সম্মানীয় সচিব, মালয়েছিয়া ৰাষ্ট্ৰীয় লেখক সংঘ আৰু চেলাংগৰৰ লেখক সংঘৰ কাৰ্যনিৰ্বাহী সদস্যা, মালয়েছিয়া অনুবাদক সংঘ, পেৰাকৰ সাংস্কৃতিক কৰ্মী সংঘ, আৰু World Congress of Poets-ৰ সদস্যা।

বঁটা

  • মালয়েছিয়াৰ সাহিত্যিক ভাৰ্চুৱেল সম্প্ৰদায়ৰ বঁটা (২০০৩, ২০০৪)।
  • মালয়েছিয়াৰ মূল সাহিত্য বঁটা (২০০৬/২০০৭)।
  • ৰাজ্যিক সাহিত্য বঁটা পেৰাক (২০১৬), (২০১৮)।
  • মালয় সাহিত্যৰ বিকাশত অৱদান আগবঢ়োৱাৰ বাবে ভাষা আৰু সাহিত্য প্ৰতিষ্ঠানৰ পুৰস্কাৰ (২০১৬)।
  • পৰিৱেশ বিজ্ঞানৰ সুৰক্ষাৰ বিষয়ে শ্ৰেষ্ঠ কবিতাৰ বাবে ৰিভাছ (নিকাৰাগুয়া)ৰ মেয়ৰৰ পুৰস্কাৰ (২০১৮)।
  • বাণ্ডাৰ আমলভৰ কণ্টেম্প্লেৰী লিটাৰেৰী ছ'চাইটিৰপৰা মেৱাদেৱ লৰেল বঁটা ২০১৮, উত্তৰ প্ৰদেশ, ভাৰত।
  • ৫ ছেপ্টেম্বৰ ২০১৫ তাৰিখে দেৱান বাহাছা দন পুস্তাকা অডিটৰিয়াম (ডিবিপি)ত আছিয়ান কবিতা ঘোষণাত মালয়েছিয়াক প্ৰতিনিধিত্ব কৰিছিল।৯

লেখিকাৰ সংকলন

  • ৰাজা ৰাজেশ্বৰী সীতা ৰমন। মেকাৰ বুংগা। চেলাংগৰ: পেনাৰবিটান পুস্তাকা নুছা চিডিএন বিএইচডি, ২০০৬।
  • গাজলী দীন ইহছান নূৰজালি, ৰাজা ৰাজেশ্বৰী সীতা ৰমন, চাই লুন গুয়ান। বাহাছা ইয়াং ছামা। তাঞ্জুং মালিম: ইউ পি এছ আই, ২০১৭।

কবিতা সংকলন

  • এণ্টলজি এণ্টিপেৰাং। লাকাৰণ দন পুইচি। এড° ৰাজা আহমদ আমিনুল্লাহ। ইয়াছান কেচেনিয়ান পেৰাক ২০০৩।
  • প্ৰাহাৰা দি পদাং কাৰ্বালা: কুমপুলান পুইচি কেমানন দন কেমানুচিয়ান মালয়েছিয়া। এড° আৰবাক ওথমান। চেৰডাং: ইউনিভাৰ্চিটি পুত্ৰ মালয়েছিয়া ডান পুস্তাকা নুছা, ২০০৩।
  • আপাছ। এণ্ট'লজি পুইচি পিলিহান কমিউনিটি পেনয়াইৰ। কুৱালালামপুৰ: এছাষ্টেৰা, ২০০৩।
  • পিটাৰনা কাছিহ। পেকান: লেম্বাগা মিউজিয়াম নেগেৰী পাহাং (২০০৪)।
  • গেমা মেম্বেলাহ গেমা ১৪: এণ্টোলজি পুইচি হৰি পুইচি নেচনেল কিম্পট বেলাছ। এড° আমিৰুদ্দিন আলী দান হামজাহ হামদানী। কুৱালালামপুৰ, ২০০৪।
  • ৰাতিব ১০০০ স্যায়াৰ: চেবুয়াহ এণ্টোলজি পুইচি। কুৱালালামপুৰ: গাপেনা, ২০০৫।
  • মেনুস্কিপ লুকা বাংছা। এড° ৰহিমিদিন জাহাৰী। কুৱালালামপুৰ: পাৰ্চাটুয়ান পেনুলিছ নেচনেল মালয়েছিয়া, ২০০৬।
  • এণ্টোলজি পুইচি এজেণ্ডা মেলায়ু। কুৱালালামপুৰ: ইয়াছান কেপেমিম্পিনান ডান ষ্ট্ৰেটেজি মালয়েছিয়া, ২০০৯
  • এণ্টোলজি সাজাক প্ৰীহাটিন পেলেষ্টিন। গেণ্টিং গাজা, গেণ্টিংনিয়া গেণ্টিং। এড° ছামছুদিন ওথমান, এছ.এম. জাকিৰ: [কুৱালালামপুৰ]: পাৰ্চাটুয়ান পেনুলিছ নেচনেল মালয়েছিয়া, ২০০৯।
  • এণ্ট’লজি পুইচি মেংগাবদি মেলেষ্টাৰী (পিএনবি ৩০ টাহুন)। কুৱালালামপুৰ, ২০০৯।
  • মুছিবাহ গেমপা পাডাং। সম্পাদক দাটো 'ড° আহমদ খামাল আব্দুল্লা কেমালা। কুৱালালামপুৰ: ইছাষ্টেৰা / মাৰ্বা, ২০০৯।
  • এণ্টোলজি পুইচি হৰি পেজুয়াং বাহাছা: সুম্পাহ ১৫২.এড° এছ এম জাকিৰ, মত্তৈব নৰ্ডিন, জাফৰ হাজী হামদান, মহম্মদ ইখৰাম ফাধলী হুছিন। কুৱালালামপুৰ: গাবুংগান পাৰ্ছাটুয়ান পেনুলিছ নেচনেল মালয়েছিয়া, ২০১০
  • দাৰী জেণ্ডেলা জামান ইনি। এণ্ট'লজি পুইচি মালয়েছিয়া ডান চিংগাপূৰা (এই যুগৰ উইণ্ড'ৰ পৰা: মালয়েছিয়ান আৰু ছিংগাপুৰৰ কবিতাৰ সংকলন)। শ্বামছুদিন ওচমান, গ্ৱেই লি ছুই, মহম্মদ পিটচাই গনি বিন মহম্মদ আব্দুল আজিজ, টান চি লেই, আৰু সীতা লক্ষ্মীৰদ্বাৰা সংকলিত। কুৱালালামপুৰ: আইটিবিএম (২০১০)।
  • ছায়াৰ পেৰচাহাবাটান দুয়া নেগৰা। ১০০ পেনিয়াৰ ইণ্ডোনেছিয়া-মালয়েছিয়া। বঞ্জাৰ বাৰু: পুস্তকা চেঞ্জা, ২০১৫।

মালয় ভাষালৈ অনুবাদ

  • আমিনুৰ ৰহমান। চিৰন্তন ডায়েৰী (ডায়াৰী আবাদি)। অনুবাদ কৰিছে ৰাজা ৰাজেশ্বৰী সীতা ৰমনে। কুৱালালামপুৰ: সংখ্যা, ২০১৬
  • পুইচি ৬ পেনয়াইৰ বাংলাদেশ আনটুক বাকা পুইচি দুনিয়া Numera (৬ জন বাংলাদেশ কবিৰ কবিতা)। অনুবাদ কৰিছে ৰাজা ৰাজেশ্বৰী সীতা ৰমনে। কুৱালালামপুৰ: সংখ্যা, ২০১৬
  • টাৱাৰিখ ইবু ১০

তথ্যসূত্ৰ

  1. ↑ Syalmizi Hamid. Persembahan puisi bukan Melayu // Kosmo, 2/11/2010
  2. ↑ A Rahim Abdullah. Menyelami pengalaman kemanusiaan dan ketuhanan // Sinar Harian, 6.1.2013
  3. ↑ Mohd Hafiz Ismail. Pelajari budaya bangsa lain melalui sastera // Sinar Harian, 2.5.2016
  4. ↑ Azman Ismail, Nilai Islam dalam Mekar Bunga // Utusan Malaysia, 19.3.2007
  5. ↑ Mohamad Saleeh Rahamad, Rozlan Mohamed Noor. Sastera Teras Negara Bangsa. Kuala Lumpur: ITBM, 2014, p. 124
  6. ↑ Patriotism through poems, songs // New Straits Times, 5.4.2017
  7. ↑ Raja Rajeswari Seetha Raman: Seri Ternama. CD. Kuala Lumpur: RTM (Radio dan Televisyen Malaysia), 2009
  8. ↑ (6 April 2017). Uthaya Sankar SB: K S Maniam and Rani Manicka
  9. ↑ Nuawi, Teks & gambar Ladin. Puisi mengukuhkan ASEAN. Utusan Online
  10. ↑ Yaakub, Nazmi. (20 August 2017). Tawarikh ibu julang perjuangan srikandi (The cradle of the mother is the struggle of the srikandi struggle). BH Online

সম্পৰ্কিত শ্ৰেণী

মালয়েছিয়াকবিঅনুবাদকতামিল ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাজা ৰাজেশ্বৰী ছেঠা ৰমন” প্ৰবন্ধৰ সংশোধন ৬০২৯৩৭ (২৬ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।