অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

৯ জুলাই

১৮১০ - নেপোলিয়নৰ অধীনত হলেণ্ড (নেদাৰলেণ্ড) ফ্ৰান্সৰ অন্তৰ্ভুক্ত হয়॥ ১৮১৬ - আৰ্জেণ্টিনাই স্পেইনৰ পৰা স্বাধীনতা লাভ কৰে। ১৮৭৭ - টেনিছৰ উইম্বলডন প্ৰতিযোগিতাৰ উদ্বোধন হয়। ১৯৫১ - ভাৰতবৰ্ষত পোনপ্ৰথম বাৰৰ বাবে প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা ঘোষণা কৰা হয়।

হালনাগাদ: ৭ জুলাই ২০২২ ১৯১ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

ঘটনাৱলী

  • ১৮১০ - নেপোলিয়ন বোনাপাৰ্টৰ অধীনত হলেণ্ড (নেদাৰলেণ্ড) ফ্ৰান্সৰ অন্তৰ্ভুক্ত হয়॥
  • ১৮১৬ - আৰ্জেণ্টিনাই স্পেইনৰ পৰা স্বাধীনতা লাভ কৰে।
  • ১৮৭৭ - টেনিছৰ উইম্বলডন প্ৰতিযোগিতাৰ উদ্বোধন হয়।
  • ১৯৫১ - ভাৰতত পোনপ্ৰথম বাৰৰ বাবে প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা ঘোষণা কৰা হয়।
  • ১৯৯৯ - অসম চুক্তিৰ আধাৰত নিৰ্মিত অসমৰ চতুৰ্থটো তেল শোধনাগাৰ নুমলীগড় তেল শোধনাগাৰ ৰাষ্ট্ৰৰ সেৱাৰ বাবে মুকলি কৰা হয়।
  • ২০০৬ - সম্পূৰ্ণ ৪৪বছৰৰ পাছত ঐতিহাসিক নাথুলা গিৰিপথ মুকলি কৰা হয়। ১৪,৫০০ ফুট উচ্চতাত অৱস্থিত এই এইগিৰিপথ মুকলি হোৱাৰ লগে লগে চীন-ভাৰতৰ বাণিজ্যিক সম্পৰ্ক স্থাপন হয়।
  • ২০০৬ - জাৰ্মানীত অনুষ্ঠিত বিশ্বকাপ ফুটবলৰ চেম্পিয়ন খিতাপ লাভ কৰে ইটালীয়ে।

জন্ম

  • ১৮১৯ - চিলাই মেছিনৰ মাৰ্কিন উদ্ভাৱক এলায়েছ হাউ (ইংঃ Elias Howe)।
  • ১৯২৫ - গুৰু দত্ত, প্ৰকৃত নাম বসন্ত কুমাৰ শিৱশংকৰ পাডুকোন, ভাৰতীয় বোলছবি পৰিচালক, প্ৰযোজক আৰু অভিনেতা। (মৃঃ ১০/১০/১৯৬৪)
  • ১৯৩১ - অচ্যুত লহকৰ, অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক।
  • ১৯৩৮ - সঞ্জীৱ কুমাৰ, ভাৰতীয় বোলছবি অভিনেতা। (মৃঃ ০৬/১১/১৯৮৫)

মৃত্যু

  • ১৮৫৬ - আমেদিও এভ'গেড্ৰ', ইটালীৰ ৰসায়ন বিজ্ঞানী, এভ'গেড্ৰ' সংখ্যা বা ধ্ৰুৱকৰ আৱিষ্কাৰক।
  • ১৯৬৭ - ফাতিমা জিন্নাহ, পাকিস্তানী দন্ত চিকিৎসক আৰু জীৱনীকাৰ।
  • ১৯৯৪ - ৰাম গগৈ, প্ৰগতিশীল কবি, পথাৰৰ কবি ৰূপে খ্যাত।
  • ২০০২ - মহামহোপাধ্যায় বিশ্বনাৰায়ণ শাস্ত্ৰী, আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন সংস্কৃত পণ্ডিত, প্ৰাক্তন সাংসদ।

দিৱস

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৯ জুলাই” প্ৰবন্ধৰ সংশোধন ৩২৬৯৩১ (৭ জুলাই ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।