৬ এপ্ৰিল হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৯৬তম (অধিবৰ্ষত ৯৭তম) দিন। বছৰ শেষ হ’বলৈ আৰু ২৬৯ দিন বাকী থাকে।
উল্লেখযোগ্য ঘটনা
- ১৫৮০ - ইংলেণ্ড, ফ্লেণ্ডাৰ্ছ আৰু উত্তৰ ফ্ৰান্সত এটা প্ৰবল ভূমিকম্প।
- ১৮৬৯ - ছেলুলয়ডৰ পেটেণ্ট।
- ১৯১৯ - ভাৰতত মোহনদাস কৰমচান্দ গান্ধীৰ দ্বাৰা সাধাৰণ প্ৰতিবাদৰ আদেশ।
- ১৯৬৫ - প্ৰথম ব্যৱসায়িক উপগ্ৰহ, আৰ্লি বাৰ্ডৰ উৎক্ষেপন।
- ১৯৯৮ - পাকিস্তানৰ দ্বাৰা ভাৰতত প্ৰৱেশ সক্ষম মধ্য দূৰত্বৰ মিছাইলৰ পৰীক্ষণ।
জন্ম
- ১৯২৮ - জেমছ ৱাটছন, ন'বেল বঁটা প্ৰাপ্ত আমেৰিকান জীৱবিজ্ঞানী।
- ১৯৩১ - সুচিত্ৰা সেন, ভাৰত তথা পশ্চিমবঙ্গৰ অন্যতম বিখ্যাত অভিনেত্ৰী।
- ১৯৪৯ - হৰ্ষ্ট লাডৱিগ ষ্টৰমাৰ, ন'বেল বঁটা প্ৰাপ্ত জাৰ্মান চিকিৎসক।
- ১৯৫৬ - দিলীপ ভেংগাস্কাৰ, ভাৰতীয় ক্ৰিকেটাৰ আৰু প্ৰশিক্ষক।
- ১৯৬৪ - ডেভিড উদাৰ্ড, আমেৰিকান লেখক।
- ১৯৭১ - সঞ্জয় সুৰি, ভাৰতীয় অভিনেতা।
- ১৯৯৫ - প্ৰণতি নায়ক, ভাৰতীয় জিমনাষ্ট।
মৃত্যু
- ১৫২৮ - এলব্ৰেখট ড্যুৰাৰ, জাৰ্মান চিত্ৰশিল্পী তথা গণিতজ্ঞ।
- ১৮২৯ - নীলছ্ হেনৰিক্ আবেল, ন'ৰৱেৰ গণিতজ্ঞ।
- ১৯৬১ - জুলেছ বৰডেট, ন'বেল বঁটা প্ৰাপ্ত বেলজিয়ামৰ অনুজীৱবিদ।
- ২০১২ - প্ৰমোদ গগৈ, অসমৰ ৰাজনীতিক।
- ২০২১ - ফাটিমা জাকাৰীয়া, ভাৰতীয় সাংবাদিক।
দিৱস
- টাৰটান দিৱস (আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডা)
- ৰাষ্ট্ৰীয় মাছমৰীয়া দিৱস (ইণ্ডোনেছিয়া)
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৬ এপ্ৰিল” প্ৰবন্ধৰ সংশোধন ৩৫২৬৫৭ (৪ এপ্ৰিল ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।