অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

২৯ মে'

১৩২৮ - পঞ্চম ফিলিপে ফ্ৰান্সৰ ৰাজমুকুট গ্ৰহণ কৰে। ১৪৫৩ - কনষ্টাণ্টিনোপল বিজয়: ছুলতান দ্বিতীয় মুহাম্মদৰ নেতৃত্বত উছমানী সেনাই ৫৩ দিন অবৰোধৰ পাছত বাইজেণ্টাইন ৰাজধানী কনষ্টাণ্টিনোপল জয় কৰে আৰু বাইজেণ্টাইন সাম্ৰাজ্যৰ সমাপ্তি ঘটে। ১৭২৭ - দ্বিতীয় পিটাৰ ৰাছিয়াৰ ৰজা হয়।

হালনাগাদ: ২৭ মে’ ২০২৩ ৩০৪ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

ঘটনাৱলী

  • ১৩২৮ - পঞ্চম ফিলিপে ফ্ৰান্সৰ ৰাজমুকুট গ্ৰহণ কৰে।
  • ১৪৫৩ - কনষ্টাণ্টিনোপল বিজয়: ছুলতান দ্বিতীয় মুহাম্মদৰ নেতৃত্বত উছমানী সেনাই ৫৩ দিন অবৰোধৰ পাছত বাইজেণ্টাইন ৰাজধানী কনষ্টাণ্টিনোপল জয় কৰে আৰু বাইজেণ্টাইন সাম্ৰাজ্যৰ সমাপ্তি ঘটে।
  • ১৭২৭ - দ্বিতীয় পিটাৰ ৰাছিয়াৰ ৰজা হয়।
  • ১৯৫৩ - টেনজিং নৰ্গে আৰু এণ্ডমান হিলাৰীয়ে যৌথভাবে পৃথিৱীৰ সৰ্বোচ্চ শৃঙ্গ মাউণ্ট এভাৰেষ্ট জয় কৰে। দুয়োজনৰ ভিতৰত তেনজিং নৰগে প্ৰথমে শৃঙ্গত উঠিছিল।
  • ১৯৬৮- মানচেষ্টাৰ ইউনাইটেড ফুটবল ক্লাবে ইউৰোপীয়ান কাপ জয় কৰে।

জন্ম

  • ১৬৩০ - দ্বিতীয় চাৰ্লচ, ইংলেণ্ড, স্কটলেণ্ড আৰু আয়াৰলেণ্ডৰ ৰজা। (মৃত্য়ুঃ ১৬৮৫)
  • ১৮৫৪ - এ কে গাৰ্নি, আমেৰিকান খৃষ্টান পাদুৰী।
  • ১৮৬৩ - আৰ্থাৰ মোল্ড, ইংৰাজ ক্ৰিকেট খেলুৱৈ।
  • ১৮৬৮ - দ্বিতীয় আব্দুল মজিদ, সৰ্বশেষ উছমানীয় খলিফা।
  • ১৯১৪ - টেনজিং নৰ্গে, ভাৰতীয় পৰ্বতাৰোহী।
  • ১৯১৬ - অতুল চন্দ্ৰ বৰুৱা, সাহিত্যিক আৰু সাহিত্য সমালোচক তথা এগৰাকী চৰকাৰী প্ৰশাসনিক বিষয়া আছিল। ১৯৭৯ চনত শুৱালকুছিত অনুষ্ঠিত হোৱা ৪৬ তম অসম সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশনৰ সভাপতি হিচাপে কাৰ্যনিবাহ কৰিছিল। (মৃত্যু: ২০০১)
  • ১৯১৭ - জন এফ. কেনেডি, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৩৫তম ৰাষ্ট্ৰপতি।
  • ১৯২৯ - দ্বিজেন শৰ্মা, বাংলাদেশী প্ৰকৃতিবিদ।
  • ১৯৪১ - অৰুণাভ সৰকাৰ, বাংলাদেশী কবি, সাহিত্যক, সম্পাদক আৰু মুক্তিযোদ্ধা। (মৃত্যু ২০১৪ চন)
  • ১৯৭৬ - সত্যকাম বৰঠাকুৰ, অসমীয়া কবি, প্ৰবন্ধাৰ, সম্পাদক, অধ্যাপক।

মৃত্যু

  • ১৮২৯ - ছাৰ হামফ্ৰে ডেভি, ইংৰাজ আৱিষ্কাৰক আৰু প্ৰখ্যাত ৰসায়নবিদ, ডেভি চাকি (কাৰ্বন আৰ্ক লেম্প), কেলছিয়াম আৰু পটেছিয়ামৰ আৱিষ্কাৰক।
  • ১৯৭২ - পৃথ্বীৰাজ কাপুৰ, ভাৰতীয় থিয়েটাৰ আৰু বোলছবিৰ অভিনেতা, ভাৰতীয় গণনাট্য সংঘৰ প্ৰতিষ্ঠাতা। (জন্মঃ ০৩/১১/১৯০১)
  • ১৯৭৭ - সুনীতি কুমাৰ চট্টোপাধ্যায়, বঙালী ভাষা ভাষাতাত্ত্বিক পণ্ডিত, সাহিত্যিক আৰু শিক্ষাবিদ।
  • ১৯৭৯ - মেৰী পিকফোৰ্ড, কানাডীয়-আমেৰিকান চলচ্চিত্ৰ অভিনেত্ৰী আৰু প্ৰযোজক। (জন্ম: ১৮৯২ চন)
  • ২০০৪ - আঞ্জু মান আৰা বেগম, একুশে পদক বিজয়ী বাংলাদেশী সঙ্গীতশিল্পী। (জন্ম: ১৯৪২ চন)
  • ২০১৯ - বেণু মিশ্ৰ, ভাৰতীয় চিত্ৰশিল্পী।
  • ২০২০ - বেজান দাৰুৱালা, ভাৰতীয় জ্যোতিষ স্তম্ভলেখক।
  • ২০২২ - যাদৱসেন ডেকা, অসমৰ প্ৰথমখন মহিলা ভ্ৰাম্যমাণ থিয়েটাৰৰ (কল্পনা থিয়েটাৰ) জন্মদাতা, সাংবাদিক, সাহিত্যিক তথা শিক্ষাবিদ।
  • ২০২২ - অন্নদা শইকীয়া, ভাৰতীয় সাহিত্যিক।

দিৱস

  • মূলা গাভৰু দিৱস।
  • সেনাবাহিনী দিৱস (আৰ্জেণ্টিনা)
  • আন্তৰ্জাতিক জাতিসংঘ শান্তিৰক্ষী দিৱস ১

বহিঃসংযোগ

তথ্যসূত্ৰ

  1. ↑ International Day of UN Peacekeepers, 29 May 2009

সম্পৰ্কিত শ্ৰেণী

মে'

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২৯ মে'” প্ৰবন্ধৰ সংশোধন ৩৬৭৩৬১ (২৭ মে’ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।