এ কে গাৰ্নী বা আল্বানাছ কিম্বল গাৰ্নী (Albanus Kimball Gurney) (২৯ মে' ১৮৪৫- ১৯২৯) আমেৰিকাত জন্মগ্ৰহণ কৰা এগৰাকী খৃষ্টান পাদুৰী। মেইন প্ৰদেশৰ কলবী কলেজৰ পৰা শিক্ষা গ্ৰহণ কৰি ১৮৭৪ চনত পাদুৰী জীৱন গ্ৰহণ কৰে আৰু ১৮৭৬ চনত অসমলৈ আহি শিৱসাগৰৰ 'মিছন প্ৰেছ'ৰ দায়িত্ব গ্ৰহন কৰে।১ ১৮৮৩ চনত স্বদেশলৈ উভতি গৈ ২ বছৰ পাছত পুনৰাই অসমলৈ আহে। ১৯০৭ চনত অসমৰপৰা উভতি যায়। মূল হিব্ৰু ভাষা ভাষাৰপৰা বাইবেলৰ 'অল্ড টেষ্টামেণ্ট'ৰ অসমীয়া ভাঙনিৰ কাম শেষ কৰে। ১৯০০ চনৰ শেষৰ ফালে এই ভাঙনিৰ কাম শেষ হয়। ১৯০৩ চনত ৮০৩ পৃষ্ঠাৰ বৃহৎ কলেৱৰৰ 'পুৰণী নিয়ম--Old Testament in Assamese' গ্ৰন্থ ছপা হৈ ওলায়। ইয়াৰ আগতে ১৮৮৬ চনত 'যিহুছুৱা আৰু বিচাৰ কৰ্তাৰ পুথি' আৰু 'ৰুথৰ বিৱৰণ' নাম দি কিছু অংশ প্ৰকাশ কৰিছিল।২ ১৮৭৭ চনত 'এলোকেশী বেশ্যাৰ কাহিনী' নামৰ এম.ই. লেছ্লীৰ সৰু বাংলা উপন্যাস অসমীয়ালৈ ভাঙি প্ৰকাশ কৰে। একেটা চনতে উপন্যাস জাতীয় গ্ৰন্থ 'কামিনীকান্তৰ চৰিত্ৰ' প্ৰকাশ কৰে। ১৮৭৬-৭৯-চনলৈ সম্ভৱত: 'অৰুণোদই'ৰ সম্পাদক আছিল। ১৯০৫ চনৰপৰা ১৯০৭ চনলৈ ডিব্ৰুগড়ৰ পৰা 'দীপ্তি' নামেৰে এখন ধৰ্মালোচনী সম্পাদনা আৰু প্ৰকাশ কৰিছিল।৩
ব্যক্তিগত জীৱন
গাৰ্নীয়ে ভাৰতত থাকোঁতেই ১৮৭৭ চনত কলিকতাত মেৰী ফলেট লৰেঞ্চ (Mary Follet Laurence) নামৰ এগৰাকী মহিলাক বিয়া কৰায় আৰু তেওঁলোকৰ এলিজাবেথ কীলাৰ গাৰ্নী নামৰ এগৰাকী কন্যাৰ জন্ম হয়।৪
সাহিত্যৰাজি
- 'অল্ড টেষ্টামেণ্ট'ৰ অসমীয়া অনুবাদ ‘পুৰণী নিয়ম’২
- এলাকেশী বেশ্যাৰ কথা (১৮৭৭)
- কামিনীকান্তৰ চৰিত্ৰ (১৮৭৭)
- কানি বেহেৰুৱাৰ কথা (১৮৭৮)
- ৰুথ আৰু যোছেফৰ কাহিনী (১৮৮১)
- ফুলমণি আৰু কৰুণাৰ কাহিনী
তথ্যসূত্ৰ
- ↑ শান্তনু কৌশিক বৰুৱা. (২০২১). এ কে গাৰ্নি. সঞ্জীৱন প্ৰকাশন. পৃ. ২৮২
- ↑ সত্যেন্দ্ৰনাথ শৰ্মা. (২০১৩). অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত. সৌমাৰ প্ৰকাশ. পৃ. ২৫৪
- ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী
- ↑ Gurney, Albanus Kimball. American Baptist Historical Society
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এ কে গাৰ্নি” প্ৰবন্ধৰ সংশোধন ৪৬৬০৫৩ (২৬ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।