অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বেজান দাৰুৱালা

বেজান দাৰুৱালা (Bejan Daruwalla; ১১ জুলাই ১৯৩১ – ২৯ মে’ ২০২০) এগৰাকী ভাৰতীয় জ্যোতিষ স্তম্ভলেখক। তেখেতে আহমেদাবাদত ইংৰাজীৰ অধ্যাপক হিচাপেও কাম কৰিছিল। পাৰ্ছী বংশোদ্ভৱ হোৱা সত্ত্বেও তেখেত হিন্দু দেৱতা গণেশৰ নিষ্ঠাবান ভক্ত আছিল।

হালনাগাদ: ১১ জুলাই ২০২৫ ১১৪ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

বেজান দাৰুৱালা (Bejan Daruwalla; ১১ জুলাই ১৯৩১ – ২৯ মে’ ২০২০) এগৰাকী ভাৰতীয় জ্যোতিষ স্তম্ভলেখক। তেখেতে আহমেদাবাদত ইংৰাজীৰ অধ্যাপক হিচাপেও কাম কৰিছিল। পাৰ্ছী বংশোদ্ভৱ হোৱা সত্ত্বেও তেখেত হিন্দু দেৱতা গণেশৰ নিষ্ঠাবান ভক্ত আছিল। তেখেতৰ জ্যোতিষ পদ্ধতিসমূহ হ'ল বৈদিক জ্যোতিষ, পশ্চিমীয়া জ্যোতিষ, আই-চি (I-Ching), টেৰত ৰিডিং (Tarot reading), কাবালা (Kabalah) আৰু হস্তৰেখা.

সমগ্ৰ পৃথিৱীৰে বহুতো বাতৰিকাকত, আলোচনী, টেলিভিছন ছেনেল আৰু প্ৰকাশন গোষ্ঠীৰ সৈতে দাৰুৱালা জড়িত হৈ আছিল। জ্যোতিষ শিক্ষা আৰু প্ৰসাৰৰ কামত বেজান দাৰুৱালা সক্ৰিয়ভাৱে জড়িত হৈ আছিল আৰু বহুতৰে জীৱনক প্ৰভাৱিত কৰিব পাৰিছিল। গ্ৰহ-নক্ষত্ৰৰ স্থানৰ বিস্তৃত বিশ্লেষণ আৰু পৃথিৱীত ইয়াৰ প্ৰভাৱৰ বিষয়ে কৰা ভবিষ্যদ্বাণীৰ বাবে গোটেই বিশ্বৰে তেখেতে বিশ্বাস অৰ্জন কৰিছিল।

মৃত্যু

২৯ মে’, ২০২০ ৰ দিনা বেজান দাৰুৱালা গুজৰাটৰ আহমেদাবাদত স্বৰ্গী হয়।১২

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (2020-05-29). Bejan Daruwalla Renowned astrologer passes away at 89 · INDIA. EMEA Tribune News · Pakistan News · India News · Europe News · World News
  2. ↑ (2020-05-29). Renowned astrologer Bejan Daruwalla passes away at 89; Guj CM tweets condolences. The Economic Times

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বেজান দাৰুৱালা” প্ৰবন্ধৰ সংশোধন ৫২৩৪০৫ (১১ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।