এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী
- ১৯৯০ - অসমত চতুৰ্থবাৰলৈ ৰাষ্ট্ৰপতি শাসন বলবৎ। বিধানসভাত অগপৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই সংখ্যাগৰিষ্ঠ সমৰ্থন লাভ কৰা স্বত্বেও চৰকাৰক বৰ্খাস্ত কৰা হৈছিল। নিষিদ্ধ সংগঠন সংযুক্ত মুক্তি বাহিনী, অসমৰ কাৰ্যকলাপৰ বাবে আভ্যন্তৰীণ নিৰাপত্তাৰ প্ৰতি ভাবুকিৰ ফলত বৰ্খাস্ত কৰা হৈছিল। ৰাষ্ট্ৰপতিৰ শাসনকালত, সংযুক্ত মুক্তি বাহিনী, অসম উগ্ৰপন্থীসকলক উচ্ছেদ কৰিবলৈ অপাৰেচন বজৰং আৰম্ভ কৰা হৈছিল। এই ৰাষ্ট্ৰপতি শাসন ৩ জুন ১৯৯০লৈ ২১৪ দিনৰ বাবে অসমত বলবৎ আছিল।
- ২০২২ - ১৯ নৱেম্বৰ ২০২২ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা অৰুণাচল প্ৰদেশৰ হোলেঙীস্থিত ড'নি পল' বিমানবন্দৰ পৰা প্ৰথমখন বিমানৰ ফ্লেগ অব্ কৰা হয়। কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই ফ্লেগ অব্ কৰা এই বিমানখন ক'লকাতা হৈ মুম্বাইলৈ ৰাওনা হয়। উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশৰ এই বিমান বন্দৰ ৰাজ্যখনৰ প্ৰথমটো অসামৰিক বিমানবন্দৰ।
জন্ম
- ১৮২০ - ফ্ৰিড্ৰিচ এংগেল্ছ, জাৰ্মান দাৰ্শনিক, সমাজ বিজ্ঞানী, সাংবাদিক আৰু ব্যৱসায়ী।
- ১৮৬৭ - চন্দ্ৰকুমাৰ আগৰৱালা, অসমীয়া সাহিত্য জগতত “প্ৰতিমাৰ খনিকৰ” নামে খ্যাত ৰোমাণ্টিকতাবাদৰ সূচনা কৰা সাহিত্যিক।
- ১৯১৪ - উমাকান্ত শৰ্মা, অসমীয়া ঔপন্যাসিক, গল্পকাৰ, কবি, নাট্যকাৰ আৰু অনুবাদক।
- ১৯৫১ - বিভূতি নাৰায়ণ ৰায়, ভাৰতীয় সাহিত্যিক, সামাজিক চিন্তক, অনুবাদক আৰু শিক্ষাবিদ।
- ১৯৮৬ - প্ৰতীক বব্বৰ, ভাৰতীয় অভিনেতা আৰু সমৰ শিল্পী।
মৃত্যু
- ১৯৬০ - ৰিছাৰ্ড ৰাইট, আমেৰিকান ঔপন্যাসিক, গল্পকাৰ আৰু কবি।
- ১৯৬২ - কে. চি. দে, ভাৰতীয় গীতিকাৰ, গায়ক তথা অভিনেতা।
দিৱস
- স্বাধীনতা দিৱস (পানামা)।
বাহ্যিক সংযোগ
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউয়ৰ্ক টাইমচ, এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২৮ নৱেম্বৰ” প্ৰবন্ধৰ সংশোধন ৩৩৯১১৫ (২৮ নৱেম্বৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।