অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ফ্ৰিড্ৰিচ এংগেল্‌ছ

ফ্ৰিড্ৰিচ এংগেল্‌ছ; ২৮ নৱেম্বৰ ১৮২০ – ৫ আগষ্ট ১৮৯৫) এগৰাকী জাৰ্মান দাৰ্শনিক, সমাজ বিজ্ঞানী, সাংবাদিক আৰু ব্যৱসায়ী। . তেখেতে কাৰ্ল মাৰ্ক্সৰ সৈতে মাৰ্ক্সবাদী সূত্ৰ তৈয়াৰ কৰিছিলে আৰু প্ৰচাৰ কৰিছিলে।

হালনাগাদ: ৫ জুন ২০২০ ২৭০ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

ফ্ৰিড্ৰিচ এংগেল্‌ছ; ২৮ নৱেম্বৰ ১৮২০ – ৫ আগষ্ট ১৮৯৫) এগৰাকী জাৰ্মান দাৰ্শনিক, সমাজ বিজ্ঞানী, সাংবাদিক আৰু ব্যৱসায়ী। .১ তেখেতে কাৰ্ল মাৰ্ক্সৰ সৈতে মাৰ্ক্সবাদী সূত্ৰ তৈয়াৰ কৰিছিলে আৰু প্ৰচাৰ কৰিছিলে। ১৮৪৫ত তেখেতে কণ্ডিচঞ্ছ অৱ দ্য ৱৰ্কিং ক্লাছ ইন ইংলেণ্ড নামৰ গ্ৰন্থ নিজ পৰ্যবেক্ষণ আৰু অধ্যয়নেৰে লিখি উলিয়ালে। ১৮৪৮ত মাৰ্ক্সৰ সৈতে 'কমিউনিষ্ট পাৰ্টিৰ ইস্তাহাৰ' লিখাৰ উপৰিও তেখেতে আন কেইবাখনো গ্ৰন্থত অকলে আৰু কেইবাখনো গ্ৰন্থ মাৰ্ক্সৰ সৈতে লিখিছিল। মাৰ্ক্সৰ দছ কেপিতেল লিখাৰ সময়ত তেখেতেই মাৰ্ক্সক আৰ্থিকভাৱে সহায় কৰিছিল। মাৰ্ক্সৰ মৃত্যুৰ পাছত তেখেতে দ্বিতীয় আৰু তৃতীয় সংস্কৰণ সম্পাদনা কৰিছিল আৰু মাৰ্ক্সৰ 'থিয়ৰী অৱ চাৰ্প্লাছ ভেল্যু'ক তেখেতে দছ কেপিতেল্অৰ চতুৰ্থ ভল্যুম হিচাপে প্ৰকাশ কৰিছিল।২ পৰিয়াল অৰ্থনীতিতো তেখেতৰ অৱদান আছে।

ব্যক্তিত্ব

Friedrich Engels in 1868<sup class=৩" loading="lazy" data-zoom="Friedrich Engels in 1868৩">
Friedrich Engels in 1868৩ছবি: George Lester, Manchester photographer · Public domain

এংগেল্‌ছ আছিল কাব্য, শিয়াল চিকাৰ আৰু বামপন্থী বুদ্ধিজীৱীসকলৰ সৈতে পাৰ্টি কৰাত অভ্যস্ত। তেখেত আছিল এগৰাকী সুখী স্বভাৱৰ ব্যক্তি। .৪

তেখেত ৰুছ, ইটালীয়, পৰ্টুগীজ, আইৰিছ, গেলিক, স্পেনীয়, পলিছ, ফৰাচী, ইংৰাজী, মিলানী আদি বিভিন্ন ভাষ-উপভাষাত পাকৈত আছিল। .৫

কৰ্মৰাজীৰ অংশ

Cover of the 1st Edition of Engels' ''The Origin of the Family, Private Property and the State,'' first published in 1884
Cover of the 1st Edition of Engels' The Origin of the Family, Private Property and the State, first published in 1884ছবি: Friedrich Engels · Public domain

দ্য কণ্ডিচঞ্চ অৱ দ্য ৱৰ্কিং ক্লাছ ইন ইংলেণ্ড (১৮৪৪)

মেঞ্চেষ্টাৰ আৰু ছেলফ'ৰ্ডত থাকোঁতে এংগেল্‌ছ লক্ষ্য কৰা ব্ৰিটেইনৰ শ্ৰমিকসকলৰ অৱস্থাৰ কথা বিৱৰিত।৬

হাৰ ইউজেন ডুহ্ৰিংছ ৰিভ'ল্যুচন ইন চাইঞ্চ (১৮৭৮)

ই আছিল মাৰ্ক্সৰ বিৰোধী ইউজেন দুহ্ৰিঙৰ সমালোচনা কৰা এখন গ্ৰন্থ। পাছলৈ এই গ্ৰন্থৰ কিছু অংশ চ'চিয়েলিজম: ইউট'পিয়ান এণ্ড চইণ্টিফিক নামৰ গ্ৰন্থত প্ৰকাশ হ'ল।

চ'চিয়েলিজম: ইউট'পিয়ান এণ্ড চাইণ্টিফিক (১৮৮০)

এই গ্ৰন্থত ইউট'পিয়ান সমাজবাদী ফৌৰীয়াৰ আৰু অৱেন আদিৰ সমালোচনা কৰাৰ উপৰিও ঐতিহাসিক বস্তুবাদী সমাজবাদী দৃষ্টিৰে পুজিবাদৰ আলোচনা কৰা হৈছে।৭

উৎস

  • Carlton, Grace (1965), Friedrich Engels: The Shadow Prophet, London: Pall Mall Press
  • Carver, Terrell (1989), Friedrich Engels: His Life and Thought, London: Macmillan
  • Green, John (2008), Engels: A Revolutionary Life, London: Artery Publications, ISBN 0-9558228-0-7
  • Henderson, W. O. (1976), The life of Friedrich Engels, London: Cass, 1976. ISBN 0-7146-4002-6
  • Hunt, Tristram (2009), The Frock-Coated Communist: The Revolutionary Life of Friedrich Engels, London: Allen Lane. ISBN 978-0-7139-9852-8
  • Mayer, Gustav (1936), Friedrich Engels: A Biography, (1934; trans. 1936)

তথ্যসূত্ৰ

  1. ↑ Hunt, Tristram. (2009). Marx's General: The Revolutionary Life of Friedrich Engels. Metropolitan/Henry Holt & Co
  2. ↑ Theories of Surplus Value, in Collected Works of Marx and Englels: Volumes 30, 31 and 32 (International Publishers: New York, 1988)
  3. ↑ Manchester Photographers by Gillian Read.
  4. ↑ Engels, Friedrich. Friedrich Engels’ "Confession". Marxists Internet Archive
  5. ↑ Paul Lafargue; Jacques Bonhomme. (15 August 1905). Friedrich Engels. Marxists Internet Archive (from The Social Democrat journal). Marxists Internet Archive
  6. ↑ Griffin, Emma. The 'industrial revolution': interpretations from 1830 to the present
  7. ↑ Engels, Friedrich. (1970). Socialism: Utopian and Scientific. Marx/Engels Selected Works. Progress Publishers

সম্পৰ্কিত শ্ৰেণী

দাৰ্শনিকজাৰ্মানীৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফ্ৰিড্ৰিচ এংগেল্‌ছ” প্ৰবন্ধৰ সংশোধন ২৩৬০৫৪ (৫ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।