মাৰ্চ ২৭ গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি বছৰৰ ৮৬ তম (অধিবৰ্ষত ৮৭ তম) দিন।
ঘটনাৱলী
- ১৯৬১ - আন্তৰ্জাতিক থিয়েটাৰ প্ৰতিষ্ঠানে পোন প্ৰথমবাৰৰ বাবে 'বিশ্ব থিয়েটাৰ দিৱস' পালন কৰে।
জন্ম
- ১৯১৫ - পুষ্পলতা দাস, ভাৰতীয় স্বাধীনতা সংগ্ৰামী, গান্ধীবাদী, সমাজ সংস্কাৰক আৰু ৰাজনৈতিক নেত্ৰী। (মৃত্যু: ২০০৩)
- ১৯২৩ - মহাশয় ধৰমপাল গুলাটি, ভাৰতীয় ব্যৱসায়ী। তেওঁ ভাৰতীয় জনপ্ৰিয় মছলা কোম্পানী এমডিএইছৰ (MDH) প্ৰতিষ্ঠাপক।
- ১৯৮৫ - ৰাম চৰণ তেজা, ভাৰতীয় অভিনেতা, নিৰ্মাতা আৰু উদ্যোক্তা।
- ১৯৯৬ - আয়েশা চৌধুৰী, ভাৰতীয় লেখিকা।
মৃত্যু
- ১৯৬৮ - য়ুৰি গেগেৰিন, ৰুছ দেশৰ য়ুৰি গেগেৰিন প্ৰথম মহাকাশচাৰী ব্যক্তি। প্ৰশিক্ষণৰ সময়ত হোৱা বিমান দুৰ্ঘটনাত তেখেত নিহত হয়।
- ২০১১ - ভৃগুমুনি কাগয়ুং, অসমীয়া সাহিত্যিক।
- ২০১৬ - কান্তা গুপ্তা, কানাডিয়ান গণিত অধ্যাপক।
- ২০১৭ - অৰুণ শৰ্মা, অসমীয়া নাট্যকাৰ, ঔপন্যাসিক, প্ৰবন্ধ লিখক, কবি তথা অনাতাঁৰ শিল্পী।
দিৱস
- বিশ্ব থিয়েটাৰ দিৱস (আন্তৰ্জাতিক)
- সশস্ত্ৰ বাহিনী দিৱস (ম্যানমাৰ)
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২৭ মাৰ্চ” প্ৰবন্ধৰ সংশোধন ৪১৪৮২৫ (২৭ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।