অৰুণা ৰায় (Aruna Roy; জন্ম: ২৬ জুন ১৯৪৬) এগৰাকী ভাৰতীয় ৰাজনৈতিক আৰু সমাজকৰ্মী। তেওঁ শংকৰ সিং, নিখিল দে আৰু আনসকলৰ সৈতে 'মজদুৰ কিষাণ শক্তি সংগঠন' প্ৰতিষ্ঠা কৰিছিল। তেওঁ ভিন্নমতৰ অধিকাৰৰ প্ৰশ্নত তেওঁৰ স্পষ্ট স্থিতি১ আৰু সমাজৰ দুৰ্বল শ্ৰেণীৰ বাবে তেওঁৰ কামৰ বাবে জনাজাত। তেওঁ তদানীন্তন সংযুক্ত প্ৰগতিশীল মৰ্চা অৰ্থাৎ ইউপিএ-১ চৰকাৰে স্থাপন কৰা ৰাষ্ট্ৰীয় উপদেষ্টা পৰিষদৰ সদস্য আছিল। তেওঁ ২০০৮ চনৰ পৰা ভাৰতীয় মহিলাৰ ৰাষ্ট্ৰীয় ফেডাৰেচনৰ সভানেত্ৰী পদত অধিষ্ঠিত আছে।
প্ৰাৰম্ভিক জীৱন
১৯৪৬ চনৰ ২৬ জুন তাৰিখে চেন্নাইত অৰুণা ৰায়ৰ জন্ম হৈছিল। তেওঁ দিল্লীত ডাঙৰ দীঘল হৈছিল। তেওঁৰ দেউতাক এজন চৰকাৰী কৰ্মচাৰী আছিল। তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত ইন্দ্ৰপ্ৰস্থ মহাবিদ্যালয়ত ইংৰাজী সাহিত্য অধ্যয়ন কৰিছিল।২৩ তেওঁ ১৯৬৮ চনৰ পৰা ১৯৭৪ চনলৈ ভাৰতীয় প্ৰশাসনিক সেৱাত অসামৰিক কৰ্মচাৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
মজদুৰ কিষাণ শক্তি সংগঠন
ৰায়ে অসামৰিক সেৱাৰ পৰা পদত্যাগ কৰি দৰিদ্ৰ আৰু সামাজিক স্তৰৰ পিছপৰা শ্ৰেণীৰ লোকসকলৰ সৈতে সম্পৰ্কিত বিষয়সমূহত কাম কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁ ৰাজস্থানৰ টিলোনিয়াত সামাজিক কৰ্ম আৰু গৱেষণা কেন্দ্ৰত (এছডব্লিউআৰচি) যোগদান কৰিছিল। ৪৫ ১৯৮৭ চনত তেওঁ নিখিল দে, শংকৰ সিং আৰু অন্যান্যসকলৰ সৈতে মজদুৰ কিষাণ শক্তি সংগঠন প্ৰতিষ্ঠা কৰে।৬
এই সংগঠনে শ্ৰমিকসকলৰ বাবে ন্যায্য আৰু সমান মজুৰিৰ বাবে যুঁজ দি যি ভাৰতৰ তথ্যৰ অধিকাৰ আইন প্ৰণয়নৰ বাবে এক সংগ্ৰামলৈ ৰূপান্তৰিত হৈছিল। অৰুণা ৰায় জনসাধাৰণৰ তথ্য জনাৰ অধিকাৰৰ বাবে ৰাষ্ট্ৰীয় অভিযানৰ (এনচিপিআৰআই) জৰিয়তে ভাৰতত তথ্য জনাৰ অধিকাৰ আন্দোলনৰ এগৰাকী নেত্ৰী। এই আন্দোলনৰ অৱশেষত ২০০৫ চনত তথ্য জনাৰ অধিকাৰ আইন গৃহীত হৈছিল।৭
অভিযান
অৰুণা ৰায় দৰিদ্ৰ আৰু সমাজৰ পিছপৰা লোকসকলৰ অধিকাৰৰ বাবে কেইবাটাও অভিযানৰ শীৰ্ষত আছিল। ইয়াৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণভাৱে তথ্য জনাৰ অধিকাৰ, কাম কৰাৰ অধিকাৰ৮আৰু খাদ্যৰ অধিকাৰ উল্লেখযোগ্য।৯ শেহতীয়াকৈ তেওঁ পেঞ্চন পৰিষদৰ সদস্য হিচাপে অসংগঠিত খণ্ডৰ শ্ৰমিকসকলৰ বাবে সৰ্বজনীন, অ-অৱদানকাৰী পেঞ্চনৰ অভিযানৰ সৈতে জড়িত হৈ আছে১০১১ আৰু এনচিপিআৰআইয়ে হুইচব্ল'লাৰ সুৰক্ষা আইন আৰু অভিযোগ নিষ্পত্তি আইন গৃহীত আৰু প্ৰণয়নৰ বাবেও অভিযানৰ নেতৃত্ব প্ৰদান কৰিছে।১২১৩
তেওঁ ২০০৬ চনলৈকে ৰাষ্ট্ৰীয় উপদেষ্টা পৰিষদৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ২০০৬ চনত এই পদবীৰ পৰা পদত্যাগ কৰিছিল।১৪১৫
বঁটা আৰু সন্মান
মজদুৰ কিষাণ শক্তি সংগঠনৰ সৈতে জড়িত হৈ থাকোঁতে অৰুণা ৰায়ক গ্ৰাম্য শ্ৰমিকসকলৰ সামাজিক ন্যায় আৰু সৃজনশীল বিকাশৰ অধিকাৰৰ বাবে কৰা কামৰ বাবে ১৯৯১ চনৰ টাইমছ ফেলোশ্বিপ বঁটা প্ৰদান কৰা হৈছিল। ২০০০ চনত তেওঁ সমূদায় নেতৃত্বৰ বাবে ৰমন মেগছেছে বঁটা লাভ কৰে।১৬ ২০১০ চনত তেওঁ লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় ৰাজহুৱা প্ৰশাসন, শিক্ষা আৰু ব্যৱস্থাপনাত উৎকৃষ্টতাৰ বঁটা লাভ কৰে।১৭ ২০১১ চনত টাইম আলোচনীয়ে তেওঁক বিশ্বৰ এশজন প্ৰভাৱশালী ব্যক্তিৰ ভিতৰত এগৰাকী হিচাপে নামকৰণ কৰে।১৮ ২০১৭ চনৰ ছেপ্টেম্বৰ মাহত টাইমছ অৱ ইণ্ডিয়াই তেওঁক ১১জন মানৱ অধিকাৰ কৰ্মীৰ ভিতৰত এজন হিচাপে তালিকাভুক্ত কৰে যাৰ জীৱন লক্ষ্য হৈছে আনক এক সন্মানীয় জীৱন প্ৰদান কৰা।১৯ তেওঁক মণ্ট্ৰিয়েলৰ মেকগিল বিশ্ববিদ্যালয়ত ২০১৬ চনত গোলকীয় শাসনৰ অনুশীলনৰ অধ্যাপক হিচাপেও নিযুক্ত কৰা হৈছিল।২০২১
২০১৮ চনত ৰায়ে ভাৰতত তথ্যৰ অধিকাৰ আন্দোলনৰ ইতিহাসক দীৰ্ঘম্যাদী কৰি এখন কিতাপ প্ৰকাশ কৰিছিল। এই কিতাপখনৰ শিৰোনাম আছিল 'দ্য আৰটিআই ষ্টৰী: পাৱাৰ টু দ্য পিপল' আছিল।২২২৩২৪২৫
গ্ৰন্থৰাজি
- Gupta, Indra. (2004). India's 50 Most Illustrious Women. Icon Publications. ISBN 9788188086030
- Bail, S; Bansal, S. (2004). Icons of social change. Puffin Books
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Aruna Roy Speaks on Managing Dissent
- ↑ (30 January 2013). Aruna Roy (Indian activist) -- Encyclopædia Britannica. Encyclopædia Britannica
- ↑ (3 June 2009). DU has a lot on its ladies special platter. India Today
- ↑ Menon, Ritu (2002). Women Who Dared. National Book Trust, India. . pp 169-170
- ↑ Aruna Roy National Resource Center for Women, Govt. of India
- ↑ MKSS As a Role Model, Civil Society Online. Jan 2012
- ↑ Blacked out: government secrecy in the information age, by Alasdair Scott Roberts. Cambridge University Press, 2006
- ↑ Matersfamilias · Saba Naqvi · Aug 24,2015. www.outlookindia.com
- ↑ Right to Food- A Fundamental Right. National Human Rights Commission, India
- ↑ (2013-12-21). Pension Parishad calls off strike. The Hindu
- ↑ Forgotten Brethren · Harsh Mander · Apr 20,2015. www.outlookindia.com
- ↑ (19 December 2013). Aruna Roy seeks early passage of grievance redress, whistleblower bills
- ↑ Roy, Aruna. The Fate of RTI After One Year of Modi is a Bad Omen. The Wire
- ↑ (4 June 2005). NAC reconstituted. The Hindu
- ↑ Daughter Of The Dust · Urvashi Butalia · Oct 16,2006. www.outlookindia.com
- ↑ Ramon Magsaysay Award Citation
- ↑ Thehindu.com
- ↑ Thottam, Jyoti. (2011-04-21). The 2011 Time 100. Time (magazine)
- ↑ Anjali Bisaria. (7 September 2017). 11 Human Rights Activists Whose Life Mission Is To Provide Others With A Dignified Life/. Times Internet
- ↑ Professor of Practice Profile: Aruna Roy. ISID
- ↑ Professors of Practice in Global Governance. ISID
- ↑ New book on RTI an ode to unknown soldiers of the struggle. The Week
- ↑ Book review · 'The RTI Story: Power to the People' a memoir-cum-textual tome. The New Indian Express
- ↑ Raman, Anuradha. (2018-05-12). 'The RTI Story: Power to the People' review: Towards transparency. The Hindu
- ↑ Ahluwalia, Sanjeev. (2018-04-27). Book Review: Read it to know the pain and joy of activism. Deccan Chronicle
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰুণা ৰায়” প্ৰবন্ধৰ সংশোধন ৬৩৯৪৫২ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।