শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ (৮৪-তম) অধিৱেশন লখিমপুৰ জিলা জিলাৰ ঢকুৱাখনাত ৫ ফেব্ৰুৱাৰী, ২০১৫ তাৰিখৰপৰা ৮ ফেব্ৰুৱাৰী, ২০১৫ তাৰিখলৈ নৰহৰি আতা ক্ষেত্ৰত ঢকুৱাখনা জিলা শাখাৰ উদ্যোগত অনুষ্ঠিত হয়।
কাৰ্য্যসূচী
৫ ফেব্ৰুৱাৰী
ঢকুৱাখনাৰ সৰলা পথাৰত আৰম্ভ হোৱা শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ৮৪ সংখ্যক বাৰ্ষিক অধিৱেশন ভাগি আৰম্ভ হ্য় পুৱা প্ৰাতঃ প্ৰসঙ্গ আৰু পৰিৱেশ নিকাকৰণ কাৰ্য্যসূচীৰে। অধিৱেশনস্থলীৰ নামঘৰ মুকলি কৰে ৰমাকান্ত টাইডে। অধিৱেশনস্থলীলৈ যোৱা "মহেন্দ্ৰ কন্দলি" পথটো মুকলি কৰে লখিমপুৰ জিলা জিলাৰ উপায়ুক্ত গৌৰৱ বথ্ৰাই। তেওঁ লগতে প্ৰৱেশ পথৰ এখন তোৰণো মুকলি কৰে। ধেমাজি জিলাৰ উপায়ুক্ত অজিত বৰদলৈয়ে অধিৱেশন স্থলীৰ মূল তোৰণ ভাগি মুকলি কৰে। মূল মণ্ডপ ভাগি মুকলি কৰে অসম নাট্য সন্মিলনৰ উপ-সভাপতি ছৈয়দ নাজিম আহমেদ ডাঙৰীয়াই। তাৰ পৰৱৰ্তী কাৰ্য্যসূচী হিচাপে নাম সমাৰোহ আৰু সজাতীয় সাংস্কৃতিক সমাৰূহ অনুষ্ঠিত হ্য়। এই অনুষ্ঠানটো মুকলি কৰে বিশিষ্ট অভিনেতা নন্দ কিশোৰ মহেশ্বৰীয়ে।১
তথ্যসূত্ৰ
- ↑ "Annual session of Srimanta Sankardev Sangha begins" পৃষ্ঠা নং ৯ The Assam Tribune
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ঢকুৱাখনা অধিৱেশন (২০১৫)” প্ৰবন্ধৰ সংশোধন ৫২৭৩৯০ (২৫ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।