সন্ত্ৰাসবাদী আক্ৰমণ
১২ প্ৰবন্ধ
-
পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণ, ২০২৫
২০২৫ চনৰ ২২ এপ্ৰিলত ভাৰত প্ৰশাসিত জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ পেহেলগামৰ সমীপৰ বৈসাৰণ ঘাঁহনিত সন্ত্ৰাসবাদীৰ আক্ৰমণত কমেও ২৮জন পৰ্যটকৰ মৃত্যু হোৱাৰ লগতে ২০জনতকৈ অধিক লোক আহত হয়।
-
পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণ, ২০১৯
১৪ ফেব্ৰুৱাৰী ২০১৯ত, জম্মু শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাই পথত ভাৰতীয় সুৰক্ষা কৰ্মীক কঢ়িয়াই নিয়া বাহনৰ ওপৰত হোৱা এই সন্ত্ৰাসবাদী আক্ৰমণত ৪০ জন ভাৰতীয় কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ কৰ্মী নিহত হয়।
-
ইণ্ডিয়ান এয়াৰলাইনছ ফ্লাইট ৮১৪
ইণ্ডিয়ান এয়াৰলাইনছৰ বিমান ৮১৪, (Indian Airlines Flight 814) সাধাৰণতে আইচি ৮১৪ নামেৰে জনাজাত। এইখন আছিল ইণ্ডিয়ান এয়াৰলাইন্সৰ এয়াৰবাছ এ৩০০ যিখন ১৯৯৯ চনৰ ২৪ ডিচেম্বৰত হৰকত-উল-মুজাহিদীনৰ পাঁচজন সদস্যই হাইজেক কৰিছিল।
-
২০০৮ চনৰ অসমৰ বোমা বিস্ফোৰণ
২০০৮ অসম বোমা বিস্ফোৰণ ২০০৮ চনৰ ৩০ অক্টোবৰৰ দুপৰীয়া ভাগত গুৱাহাটী আৰু পশ্চিম অসমৰ প্ৰতিবেশী অঞ্চল সমূহত সংঘটিত হৈছিল। প্ৰতিবেদনসমূহৰ মতে প্ৰায় ১৮টা বোমাৰ বিস্ফোৰণ ঘটে, যাৰ ফলত কমেও ৬১জন মানুহ নিহত হয় আৰু ৪৭০জনতকৈয়ো অধিক মানুহ আহত হয়।
-
১১ ছেপ্টেম্বৰৰ আক্ৰমণ
২০০১ চনৰ ১১ ছেপ্টেম্বৰৰ এই আক্ৰমণক ৯/১১ (9/11) বুলিও কোৱা হয়৷ যি আছিল ২০০১ চনত সন্ত্ৰাসবাদী সংগঠন অল কায়দাই আমেৰিকাৰ বিৰুদ্ধে কৰা চাৰিটা সমন্বিত ইছলামিক সন্ত্ৰাসবাদী আত্মঘাতী আক্ৰমণ।
-
২০০৪ চনৰ ধেমাজিৰ বোমা বিস্ফোৰণ
২০০৪ চনৰ ধেমাজিৰ বোমা বিস্ফোৰণ ২০০৪ চনৰ ১৫ আগষ্ট তাৰিখে স্বাধীনতা দিৱসত অসমৰ ধেমাজিত হৈছিল। ধেমাজি মহাবিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত স্বাধীনতা দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰা শিশুৰ ওপৰত চলোৱা এই বোমা বিস্ফোৰণৰ দায়িত্ব সংযুক্ত মুক্তি বাহিনী, অসমে লৈছিল। এই বোমা বিস্ফোৰণত ১৮ মানুহ নিহত আৰু ৪০ জন আহত হৈছিল।
-
২০০৯ চনৰ অসমৰ বোমা বিস্ফোৰণ
২০০৯ চনৰ অসমৰ ধাৰাবাহিক বোমা বিস্ফোৰণ ২০০৯ চনৰ ৬ এপ্ৰিলত গুৱাহাটীৰ মালিগাঁৱকে ধৰি অসমৰ চাৰিটা অঞ্চলত সংঘটিত হৈছিল। অসমৰ পৰা নিৰ্বাচিত ৰাজ্যসভা সাংসদ তথা ভাৰতৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ অসম আগমণৰ পূৰ্বে এই ঘটনা ঘটিছিল। সেই সময়ত ২০০৯ চনৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনৰ প্ৰচাৰ অভিযান চলি আছিল।
-
২০২৫ ভাৰত–পাকিস্তানৰ সংঘাত
২০২৫ চনৰ ২৩ এপ্ৰিলত ভাৰত আৰু পাকিস্তানৰ মাজত এক সংঘাতৰ উত্থান ঘটিছিল, যাৰ সূচনা হৈছিল ২০২৫ চনৰ পহলগাম আক্ৰমণক লৈ। জম্মু-কাশ্মীৰৰ বৈছাৰণ উপত্যকাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ফলত ২৫জন হিন্দু পৰ্যটক, এজন খ্ৰীষ্টান পৰ্যটক আৰু এজন স্থানীয় মুছলমানকে ধৰি ২৭জন লোকৰ মৃত্যু হোৱাৰ লগতে ২০ জনতকৈ অধিক লোক আহত…
-
ক্ৰকাছ চিটি হলত আক্ৰমণ
২০২৪ চনৰ ২২ মাৰ্চত মস্কোৰ পশ্চিম প্ৰান্তৰ ৰাছিয়াৰ ক্ৰাছনোগৰ্স্কৰ ক্ৰকাছ চিটি হলৰ সংগীত স্থানত সংঘটিত হৈছিল ক্ৰকাছ চিটি হল আক্ৰমণ। চাৰিজন বন্দুকধাৰীয়ে কনচাৰ্টলৈ যোৱা লোকসকলক লক্ষ্য কৰি সমন্বিতভাৱে গণ গুলীচালনা আৰু চেলেং আক্ৰমণ চলায়। লগতে জ্বলন্ত যন্ত্ৰ ব্যৱহাৰ কৰি সভাস্থলীত জুই লগাই দিয়ে।
-
নৱেম্বৰ ২০১৫-ৰ পেৰিছ আক্ৰমণ
{{Infobox civilian attack |title = পেৰিছ আক্ৰমণ, নৱেম্বৰ,২০১৫ |image = Parisattacks.png |width = 300 |caption = আক্ৰমণৰ স্থানসমূহ |location = পেৰিছ, ফ্ৰান্স চেইন্ট ডেনিছ, ফ্ৰান্স ১: ষ্টেডি দি ফ্ৰান্স ২: ৰিউ বিছাট আৰু ৰিউ এলিবাৰ্ট (লা কেৰিলন, লা পেটিঁ কম্বোডি) ৩: ৰিউ ডি লা ফন্টেইন ও-ৰই পথৰ লা কাছা…
-
ভাৰতীয় সংসদ ভৱন আক্ৰমণ, ২০০১
২০০১ চনৰ ১৩ ডিচেম্বৰত জেঈশ-ই-মহম্মদৰ পাঁচজন সন্ত্ৰাসবাদীয়ে ভাৰতৰ নতুন দিল্লীত অৱস্থিত ভাৰতৰ সংসদত সন্ত্ৰাসবাদী আক্ৰমণ চলাইছিল। পাঁচোটা সন্ত্ৰাসবাদীয়ে নিৰাপত্তাৰক্ষীৰ হাতত নিহত হয়।
-
২০২৫-দিল্লী কাৰ বিস্ফোৰণ
২০২৫ চনৰ ১০ নৱেম্বৰত ভাৰতৰ দিল্লীৰ লালকিল্লাৰ সমীপত গাড়ী বোমা বিস্ফোৰণ সংঘটিত হয়। এই বোমা বিস্ফোৰণত কমেও ১৩ জন লোক নিহত হোৱাৰ লগতে ২০ জনতকৈ অধিক লোক আহত হয়। দিল্লী আৰক্ষীয়ে অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ বিধান আৰোপ কৰি গোচৰৰ তদন্তৰ সৈতে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা জড়িত হৈ পৰে।