১৮ ফেব্ৰুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৪৯তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩১৬টা দিন (অধিবৰ্ষত ৩১৭ দিন) বাকী থাকে।
উল্লেখযোগ্য ঘটনা
- ১৯৮৩ - অসমৰ নগাঁও জিলাৰ নেলীত সংঘটিত হোৱা ছঘণ্টা জুৰি চলা নেলীৰ হত্যাকাণ্ডত মুঠ ২,১৯১ জন লোকৰ প্ৰাণ হানি হৈছিল(বেচৰকাৰী সূত্ৰৰ মতে এই সংখ্যা প্ৰায় ১০,০০০)।
জন্ম
- ১৭৪৫ - আলেছেন্দ্ৰো ভল্টা, ইটালীয়ান পদাৰ্থ বিজ্ঞানী, ৰসায়ন বিজ্ঞানী।
- ১৮৩৬ - ৰামকৃষ্ণ পৰমহংস, ভাৰতৰ সন্ত তথা ধৰ্মাচাৰক।
- ১৯২৪ - হিতেশ ডেকা, অসমীয়া সাহিত্যিক।
- ১৯২৫ - কৃষ্ণা সোব্তি, ভাৰতীয় সাহিত্যিক।
- ১৯২৬ - নলিনী জয়ৱন্ত, ভাৰতীয় অভিনেত্ৰী।
- ১৯৩০ - ত্ৰৈলোক্য দত্ত, অসমীয়া কাৰ্টুনিষ্ট আৰু চিত্ৰশিল্পী।
- ১৯৩১ - টনি মৰিছন, আমেৰিকান সাহিত্যিক আৰু অধ্যাপক।
- ১৯৪৭ - বিজু ফুকন, অসমীয়া চলচ্চিত্ৰ অভিনেতা।
- ১৯৯৬ - অনুপমা পৰমেশ্বৰন, ভাৰতীয় অভিনেত্ৰী।
- ২০০২ - মনু ভাকৰ, ভাৰতীয় শ্বুটাৰ।
মৃত্যু
- ১৫৬৪ - মাইকেলেঞ্জেল', ইটালীৰ ভাস্কৰ্যবিদ, চিত্ৰকৰ, স্থপতিবিদ, কবি আৰু অভিযন্তা।
দিৱস
- স্বাধীনতা দিৱস (গাম্বিয়া)।
- ৰাষ্ট্ৰীয় গণতন্ত্ৰ দিৱস (নেপাল)।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১৮ ফেব্ৰুৱাৰী” প্ৰবন্ধৰ সংশোধন ৩৪৬১২৪ (১৯ ফেব্ৰুৱাৰী ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।