অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ছাইনা নেহৱাল

ছাইনা নেহৱাল (Saina Nehwal; জন্ম: ১৭ মাৰ্চ, ১৯৯০) ৰাজীৱ গান্ধী খেলৰত্ন বঁটা বিজয়ী এগৰাকী ভাৰতীয় বেডমিণ্টন খেলুৱৈ। এৱেঁই হৈছে অলিম্পিকৰ বেডমিণ্টন প্ৰতিযোগিতাত পদক দখল কৰা ভাৰতৰ প্ৰথম মহিলা তথা ৱৰ্ল্ড জুনিয়'ৰ বেডমিণ্টন চেম্পিয়নশ্বিপত খিতাপ দখল কৰা প্ৰথম গৰাকী মহিলা।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ৬৫৮ শব্দ · ৪ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

ছাইনা নেহৱাল (Saina Nehwal; জন্ম: ১৭ মাৰ্চ, ১৯৯০) মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা বিজয়ী এগৰাকী ভাৰতীয় বেডমিণ্টন খেলুৱৈ। এৱেঁই হৈছে অলিম্পিকৰ বেডমিণ্টন প্ৰতিযোগিতাত পদক দখল কৰা ভাৰতৰ প্ৰথম মহিলা তথা ৱৰ্ল্ড জুনিয়'ৰ বেডমিণ্টন চেম্পিয়নশ্বিপত খিতাপ দখল কৰা প্ৰথম গৰাকী মহিলা। ২০০৯ চনৰ ২১ জুন তাৰিখে, ছাইনা নেহৱালে জাকাৰ্টাত শীৰ্ষ বাছনিৰ খেলুৱৈ চীন দেশৰ ৱাঙ লিনক পৰাস্ত কৰি "ইন্দোনেছিয়ান অপেন" খিতাপ দখল কৰিছিল। এই লক্ষ্যত উপনীত হোৱা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে ছাইনাই নিজৰ নাম ইতিহাসত খোদিত কৰিছিল।

২০১০ চনৰ ২০ জুনত "ছিংগাপুৰ অপেন"ত বিজয়ী হৈ ছাইনাই খেলুৱৈ জীৱনৰ দ্বিতীয়টো ছুপাৰ ছিৰিজ খিতাপ দখল কৰিছিল। একেটা বৰ্ষতে, ২৭ জুন, ২০১০ত "ইন্দোনেছিয়ান অপেন"ৰ খিতাপ দখল কৰি হেট্ৰিক অৰ্জন কৰে। ইয়াৰ ফলত ছাইনা তৃতীয় বাছনি আৰু পিছত দ্বিতীয় বাছনিলৈ উন্নীত হৈছিল। সেই বছৰৰ শেষভাগত ১২ ডিচেম্বৰ, ২০১২ত "হংকং ছুপাৰ ছিৰিজ"ৰ খিতাপো দখল কৰিছিল। সমগ্ৰ ২০১১ বৰ্ষটোত দুৰ্বল প্ৰদৰ্শনৰ পাছত, বছৰটোৰ শেষভাগত ছুপাৰ ছিৰিজৰ ফাইনেলত প্ৰৱেশ কৰি ভাৰতীয় বেডমিণ্টন ইতিহাসৰ প্ৰথম গৰাকী খেলুৱৈ হিচাপে পৰিগণিত হয়। ছেমি ফাইনেলত ছাইনাই দুবাৰ অল ইংলেণ্ড চেম্পিয়ন আৰু পঞ্চম বাছনিৰ টিনে বাউনক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল। ২০১৫ চনৰ ৭ মাৰ্চ তাৰিখে ছাইনাই অল ইংলেণ্ড অ'পেন বেডমিণ্টন চেম্পিয়নশ্বিপৰ ফাইনেলত কেৰ'লিনা মাৰিনৰ হাতত তিনিটা ছেটত পৰাস্ত হয়।১.

ছাইনা নেহৱালে পূৰ্বতে দ্ৰোণাচাৰ্য্য বঁটা বিজয়ী এছ এম আৰিফৰ পৰা আৰু তাৰ পাছত ২০১৪ চনৰ চেপ্তেম্বৰলৈকে পূৰ্বৰ অল ইংলেণ্ড চেম্পিয়ন আৰু ৰাষ্ট্ৰীয় প্ৰশিক্ষক পুল্লেলা গোপিচান্দৰপৰা প্ৰশিক্ষণ লৈছিল। ছাইনা বৰ্তমান ভাৰতৰ জাতীয় চেম্পিয়ন আৰু তেওঁ বৰ্তমান প্ৰাক্তন ভাৰতীয় বেডমিণ্টন চেম্পিয়ন আৰু জাতীয় প্ৰশিক্ষক ইউ বিমল কুমাৰৰ ওচৰত প্ৰশিক্ষণ লৈ আছে। ইণ্ডিয়ান বেডমিণ্টন লীগত ছাইনাই হায়দৰাবাদ হটশ্বট্‌ছ দলৰ হৈ খেলে।২

জন্ম আৰু পৰিয়াল

ছাইনা নেহৱালৰ পৰিয়াল জাত৩ সম্প্ৰদায়ৰ। ১৯৯০ চনৰ ১৭ মাৰ্চ তাৰিখে, ভাৰতৰ হাৰিয়ানাৰ হিছাৰ জিলাৰ অন্তৰ্গত ধিন্দাৰত ছাইনাৰ জন্ম হৈছিল। ছাইনাৰ বেডমিণ্টনৰ পৃথিৱীৰ প্ৰভাৱ পিতৃ ড॰ হৰবীৰ সিঙ আৰু মাতৃ ঊষা নেহৱালৰপৰা পৰিছিল। ছাইনাৰ পিতৃ-মাতৃ দুয়ো পূৰ্বৰ হাৰিয়ানাৰ বেডমিণ্টনৰ শ্ৰেষ্ঠ খেলুৱৈ আছিল।

শৈশৱ

ছাইনাই শৈশৱতে কাৰাটেও শিকিছিল। কিন্তু "ব্ৰাউন বেল্ট" প্ৰাপ্ত ছাইনা নেহৱালে ৮বছৰ বয়সত কাৰাটে শিক্ষা ত্যাগ কৰে। "চৌধাৰী চৰণ সিঙ হাৰয়ানা কৃষি বিশ্ববিদ্যালয়"ৰ বেডমিণ্টন ক'ৰ্টত ছাইনাই বেডমিণ্টন অনুশীলন কৰিছিল।৪

কেৰিয়াৰৰ অভিলেখ

প্ৰতিযোগিতাবছৰফলাফল
Czechoslovakia Junior Open২০০৩
2004 Commonwealth Youth Games২০০৪
Asian Satellite Badminton Tournament২০০৫
2006 Commonwealth Games২০০৬
Philippines Open (badminton)২০০৬
Asian Satellite Badminton Tournament২০০৬
Indian National Badminton Championships২০০৭
National Games of India২০০৭
2008 Chinese Taipei Open Grand Prix Gold২০০৮
Indian National Badminton Championships২০০৮
2008 Commonwealth Youth Games২০০৮
2008 BWF World Junior Championships২০০৮
2008 BWF Super Series Masters finals২০০৮ছেমি-ফাইনেল পৰ্য্যন্ত
2009 Indonesia Super Series২০০৯
2009 BWF World Championships২০০৯কোৱাৰ্টাৰ-ফাইনেল পৰ্য্যন্ত
2009 Indian Open Grand Prix২০১০
2010 All England Super Series২০১০ছেমি-ফাইনেল পৰ্য্যন্ত
2010 Badminton Asia Championships২০১০
2010 India Open Grand Prix Gold২০১০
2010 Singapore Open Super Series২০১০
2010 Indonesia Open Super Series২০১০
2010 BWF World Championships২০১০কোৱাৰ্টাৰ-ফাইনেল পৰ্য্যন্ত
2010 Commonwealth Games২০১০
2010 Hong Kong Super Series২০১০
2011 Swiss Open Grand Prix Gold২০১১
2011 Malaysia Open Grand Prix Gold২০১১
2011 Indonesia Open Super Series Premier২০১১
2011 BWF World Championships২০১১ছেমি-ফাইনেল পৰ্য্যন্ত
2011 BWF Super Series Masters Finals২০১১
2012 Swiss Open Grand Prix Gold২০১২
2012 Thailand Open Grand Prix Gold২০১২
2012 Indonesia Open Super Series Premier২০১২
2012 Summer Olympics2012

২০১১ বৰ্ষ

  • চতুৰ্থ বাছনিৰ ছাইনা নেহৱালে ২০১১ "কোৰিয়া অপেন ছুপাৰ ছিৰিজ"ৰ দ্বিতীয় ৰাউণ্ডৰ পৰা বিদায় লৈছিল।
  • ১১ মাৰ্চত, ২০১১ "অল ইংলেণ্ড ছুপাৰ ছিৰিজ প্ৰিমিয়াৰ"ত জাপানৰ এৰিক' হিৰুছে হাতত পৰাস্ত হৈছিল।
  • দিল্লীত অনুষ্ঠিত হোৱা "ইণ্ডিয়ান অপেন ছুপাৰ ছিৰিজ"ৰ পৰা আগতীয়াকৈ বিদায় লৈছিল।
  • ২০ মাৰ্চত দক্ষিণ কোৰিয়াৰ হুৱেন ছুঙক পৰাস্ত কৰি "ছুইছ অপেন গ্ৰাণ্ড প্ৰিস্ক গ'ল্ড বেডমিণ্টন"ৰ খিতাপ দখল কৰিছিল।
  • ৪ মে'ত তৃতীয় বাছনিৰ খেলুৱৈ চীনৰ ৱাঙ জিনৰ হাতত পৰাস্ত হৈ ২০১১ "মালেয়েছিয়ান অপেন গ্ৰাণ্ড প্ৰিস্ক গ'ল্ড" প্ৰতিযোগিতাত ৰাণাৰ্ছ-আপত ক্ষান্ত আছিল।
  • "থাইলেণ্ড অপেন গি পি গ'ল্ড টুৰ্ণামাণ্ট"ত চীনৰ লী ছুৱেৰুইৰ হাতত কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হৈছিল।
  • "ছিংগাপুৰ অপেন ছুপাৰ ছিৰিজ"ত দ্বিতীয় ৰাউণ্ডৰ পৰা বিদায় লৈছিল।
  • ২৬ জুনত "ইন্দোনেছিয়ান অপেন ছুপাৰ ছিৰিজি প্ৰিমিয়াৰ"ৰ ফাইনেলত চীনৰ ৱাঙ য়িহানৰ হাতত পৰাস্ত হৈ ৰাণাৰ্ছ-আপত ক্ষান্ত আছিল। এনেদৰেই ক্ৰমাগত তৃতীয়টো খিতাপ "ইন্দোনেছিয়ান অপেন ছুপাৰ ছিৰিজি প্ৰিমিয়াৰ" দখলৰ পৰা বঞ্চিত হৈছিল।
  • তৃতীয় বাছনিৰ চীনা খেলুৱৈ ৱাঙ জিনৰ হাতত পৰাজিত হৈ "ৱৰ্ল্ড চেম্পিয়নশ্বিপ"ৰ কোৱাৰ্টাৰ ফাইনেলৰ পৰা বিদায় লৈছিল। ক্ৰমাগত তৃতীয়বাৰৰ কাৰণে এই প্ৰতিযোগিতাৰ শীৰ্ষ আঠগৰাকী খেলুৱৈৰ ভিতৰত উপনীত হৈছিল।
  • ২০১১ "চাইনা মাষ্টাৰছ ছুপাৰ ছিৰিজ"ত শীৰ্ষ বাছনিৰ ৱাঙ জিয়ানৰ হাতত পৰাজিত হৈ কোৱাৰ্টাৰ ফাইনেলৰপৰা বিদায় লৈছিল।
  • ২০১১ "জাপান ছুপাৰ ছিৰিজ"ত ছেমিৰ পৰা বিদায় লৈছিল।
  • ২০১১ "ডেনমাৰ্ক ছুপাৰ ছিৰিজ প্ৰিমিয়াৰ"ত দ্বিতীয় ৰাউণ্ডত টাইৱানৰ টাই জু য়িঙৰ হাতত পৰাজিত হৈছিল।
  • ২০১১ "ফ্ৰান্স ছুপাৰ ছিৰিজ"ৰপৰা আশ্চৰ্য্যজনকভাৱে দ্বিতীয় ৰাউণ্ডৰ পৰা বিদায় লৈছিল।
  • ২০১১ "হঙকঙ ছুপাৰ ছিৰিজ"ত ডেনমাৰ্কৰ টিনে বাউনৰ হাতত ছেমি ফাইনেলত পৰাস্ত হৈছিল।
  • ২০১১ "চাইনা অপেন ছুপাৰ ছিৰিজ"ত প্ৰথম ৰাউণ্ডৰপৰা বিদায় লৈ সকলো ক্ৰীড়াপ্ৰেমীকে নিৰাশ কৰিছিল।
  • ২০১১ বৰ্ষৰ সামৰণিত ডিচেম্বৰ মাহত, "বি ডব্লিউ এফ ছুপাৰ ছিৰিজ মাষ্টাৰছ"ৰ ফাইনেলত প্ৰৱেশ কৰিছিল। ছাইনাই ভাৰতীয় বাডোমিণ্টন ইতিহাসৰ প্ৰথম গৰাকী খেলুৱৈ যি এই লক্ষ্যত উপনীত হৈছিল। কিন্তু দুৰ্ভাগ্যবশতঃ বিশ্বৰ শীৰ্ষ বাছনিৰ চীনা খেলুৱৈ ৱাঙ য়িহানৰ হাতত ছাইনা পৰাস্ত হৈছিল।

২০১২ বৰ্ষ

  • ১৮ মাৰ্চ, ২০১২ত ছাইনাই বিশ্বৰ দ্বিতীয় ৰেংক অধিকাৰী চীনৰ "ৱাঙ ছিছিয়ান"ক পৰাস্ত কৰি ছুইছ অপেনৰ খিতাপ দখল কৰে।
  • ১০ জুন, ২০১২ত ছাইনাই থাইলেণ্ডৰ ৰাটচানক ইন্থাননক পৰাস্ত কৰি থাইলেণ্ড অপেন গ্ৰাণ্ড প্ৰিস্ক গ'ল্ড খিতাপ দখল কৰে।৫
  • ১৭ জুন, ২০১২ত ছাইনা নেহৱালে বিশ্বৰ তৃতীয় ৰেংক অধিকাৰী চীনৰ" লী ছুৱেৰুই"ক ১৩-২১, ২২-২০, ২১-১৯ ত পৰাস্ত কৰি ইন্দোনেছিয়ান অপেন ছুপাৰ ছিৰিজ খিতাপ দখল কৰে।৬৭ এইটো ছাইনাৰ "ইন্দোনেছিয়ান অপেন"ৰ তৃতীয়টো খিতাপ।৮

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (March 8, 2015). Times of India
  2. ↑ Delighted to be in same team as Taufiq Hidayat: Saina Nehwal
  3. ↑ We womens Today. আৰ্কাইভ কপি
  4. ↑ (6 February 2011). Image makeover for super Saina Nehwal. The Times Of India
  5. ↑ Saina Nehwal
  6. ↑ (17 June 2012). Saina Nehwal wins the Indonesia Open
  7. ↑ (14 June 2012). Current Ranking
  8. ↑ (17 June 2012). Saina Nehwal wins her third Indonesia Open title

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ বেডমিণ্টন খেলুৱৈঅলিম্পিকত পদক বিজয়ী ভাৰতীয়মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা বিজয়ীপদ্মশ্ৰী বঁটা বিজয়ীপদ্মভূষণ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছাইনা নেহৱাল” প্ৰবন্ধৰ সংশোধন ৬৩৯৬৭৯ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।