এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী
- লোকসেৱা সম্প্ৰসাৰণ দিৱস। ১৯৪৮ চনৰ আজিৰ দিনটোতে মহাত্মা গান্ধীয়ে আবেলি ৩ বজাত আকাশবাণীৰ জৰিয়তে শৰণাৰ্থীসকলক সম্বোধন কৰিছিল।
- ১৯৬৪ - সৈনিক স্কুল, গোৱালপাৰাৰ আধাৰশিলা স্থাপন কৰা হৈছিল।
- ১৯৯৬ - কবি অৱনী চক্ৰৱৰ্তী নিৰুদ্দেশ হৈছিল।
- ২০০৬ - বাংগালোৰ চহৰৰ নাম সলনি কৰি বেংগালুৰু কৰা হয়।
জন্ম
- ১৮৯৬ - চালিম আলি, এজন ভাৰতীয় পক্ষীবিদ। তেওঁক ভাৰতৰ পক্ষীমানৱ হিচাপে অভিহিত কৰা হয়। তেওঁ ভাৰতত পোন প্ৰথমবাৰৰ বাবে পক্ষীকুলৰ সংঘবদ্ধ সমীক্ষা কৰিছিল আৰু চৰাই সম্বন্ধীয় বহুতো গ্ৰন্থ প্ৰণয়ন কৰিছিল।
- ১৯১০ - ছিলভাৰিন স্বেৰ, ভাৰতীয় সমাজকৰ্মী, শিক্ষাবিদ আৰু অসামৰিক সেৱা বিষয়া।
- ১৯১১ - অমলপ্ৰভা দাস, ভাৰতীয় গান্ধীবাদী সমাজ কৰ্মী। তেওঁ গুৱাহাটীৰ শৰণীয়া পাহাৰত অৱস্থিত কস্তুৰবা গান্ধী আশ্ৰম প্ৰতিষ্ঠা কৰিছিল। ১৯৫৪ চনৰ পৰা ভাৰত চৰকাৰে আৰম্ভ কৰা তৃতীয় সৰ্বোচ্চ অসামৰিক পদ্মশ্ৰী সন্মান অমলপ্ৰভা দাসে সমাজসেৱাৰ বাবে লাভ কৰিছিল। তেৱেই পদ্মশ্ৰী সন্মান লাভ কৰা প্ৰথম অসমীয়া মহিলা। ১৯৮১ চনত তেওঁ যমুনালাল বাজাজ বঁটা লাভ কৰে। ভাৰত চৰকাৰে তেওঁক আকৌ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ আগবঢ়াইছিল, পিছে তেওঁ এই বঁটা স্বীকাৰ নকৰিলে।
- ১৯১৪ - দীননাথ শৰ্মা, অসমীয়া সাহিত্য আলোচনী "আৱাহন"ৰ প্ৰতিষ্ঠাপক সম্পাদক আৰু এগৰাকী চিকিৎসক। (মৃত্যু: ৪ জুন, ১৯৭৮)
- ১৯১৮ - যতীন্দ্ৰনাথ গোস্বামী, সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি।
- ১৯৩৫ - মহানন্দ শৰ্মা, অসমৰ অভিনেতা, আবৃত্তিকাৰ, নাট্যকাৰ আৰু পৰিচালক।
- ১৯৪০ - আমজাদ খান, এজন ভাৰতীয় চলচ্চিত্ৰ অভিনেতা আৰু প্ৰযোজক আছিল। আমজাদ খানে তেওঁৰ প্ৰায় বিশ বছৰৰ কেৰিয়াৰত ১৩২ খনতকৈও অধিক চলচ্চিত্ৰত কাম কৰিছিল। তেওঁ বেছিভাগ হিন্দী চলচ্চিত্ৰত খলনায়কৰ চৰিত্ৰৰ বাবে জনপ্ৰিয়তা অৰ্জন কৰিছিল। এই চৰিত্ৰসমূহৰ ভিতৰত আটাইতকৈ বিখ্যাত ১৯৭৫ চনৰ কালজয়ী হিন্দী চলচ্চিত্ৰ শোলেত "গব্বৰ সিং" আৰু ১৯৭৮ চনৰ মুকাদ্দাৰ কা সিকন্দৰত "দিলাৱাৰ" চৰিত্ৰ দুটি আছিল।
- ১৯৬৪ - মাইকেল ক্ৰেমাৰ, আমেৰিকান উন্নয়ন অৰ্থনীতিবিদ।
মৃত্যু
- ১৯৪৬ - মদন মোহন মালৱীয়, স্বাধীনতা সংগ্ৰামী। ১৯১৬ চনত তেওঁ কাশী হিন্দু বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰে। মদন মোহন মালৱীয় ১৯১৯ৰ পৰা ১৯৩৮লৈ কাশী হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আছিল।
- ২০১৮ - প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য, বিশিষ্ট ভাষাতত্ত্ববিদ। ১৯২৫ চনত নলবাৰীত জন্ম গ্ৰহণ কৰিছিল।
- ২০২২ - পুলক গগৈ, প্ৰখ্যাত চিত্ৰশিল্পী তথা চলচ্চিত্ৰ পৰিচালক। তেখেতে মুঠ ৯খন অসমীয়া চলচ্চিত্ৰৰ পৰিচালনা কৰিছিল। ইয়াৰ ভিতৰত খোজ, শ্ৰীমতী মহিমাময়ী, সেন্দূৰ, সূৰুজ, মমতাজ আদি চিনেমা উল্লেখযোগ্য।
দিৱস
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১২ নৱেম্বৰ” প্ৰবন্ধৰ সংশোধন ৪৪৪১২০ (১২ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।