ঽ (অৱগ্ৰহ) (সংস্কৃত ভাষা: ऽ) হৈছে এটা চিহ্ন যি সংস্কৃত আৰু বহুতো ভাৰতীয় ভাষাত अ (অ') স্বৰৰ লোপ বা সংক্ষেপ চিহ্নিত কৰিবলৈ ব্যৱহৃত হয়। উদাহৰণস্বৰূপে, शिवोऽहम (শিবোঽহম্) অৰ্থাৎ ‘‘মই শিৱ’’।
অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা), বঙালী ভাষা, হিন্দী ভাষা আদি ভাষাসমূহত এই চিহ্ন কেতিয়াবা স্বৰ দীৰ্ঘ কৰাৰ ক্ষেত্ৰতো ব্যৱহৃত হয় — যেনে, माँऽऽऽ (‘মা-আ-আ-আ’) অথবা कूऽल (কুঽল/কু'ল) (ইংৰাজী “cool”ৰ ধ্বনি অনুকৰণ)।
হিন্দী সাহিত্যৰ ছন্দৰ ক্ষেত্ৰত এই চিহ্ন কেতিয়াবা দীঘল স্বৰ বা ব'ল্ড আখৰ ৰূপে দেখুৱাবলৈও ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে, ছন্দঃ শব্দৰ দুটা দীঘল অক্ষৰ “ऽऽ” ৰূপে প্ৰকাশ কৰা হয়।
অৱগ্ৰহৰ ইউনিক'ড
অৱগ্ৰহ চিহ্ন ইউনিক'ডত বিভিন্ন ব্ৰাহ্মী লিপিৰ বাবে পৃথক কোড পইণ্টত সংৰক্ষিত।১২৩৪৫৬
| + অৱগ্ৰহ চিহ্ন Unicode অনুসৰি | চিহ্ন | Unicode সংখ্যা | সম্পূৰ্ণ Unicode নাম |
| ऽ | U+093D | দেৱনাগৰী sign avagraha | |
| ꣱ | U+A8F1 | combining Devanagari sign avagraha | |
| ꣷ | U+A8F7 | Devanagari sign chandrabindu avagraha | |
| ঽ | U+09BD | বাংলা sign avagraha | |
| ઽ | U+0ABD | গুজৰাটী ভাষা sign avagraha | |
| ଽ | U+0B3D | ওড়িয়া sign avagraha | |
| ఽ | U+0C3D | তেলুগু sign avagraha | |
| ಽ | U+0CBD | কন্নড় ভাষা sign avagraha | |
| ഽ | U+0D3D | মালয়ালম ভাষা sign avagraha | |
| ྅ | U+0F85 | তিব্বতী sign paluta | |
| 𑓄 | U+114C4 | তিৰহুতা sign avagraha |
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঽ” প্ৰবন্ধৰ সংশোধন ৫৪৬৪৭১ (৩১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।