চৰাইদেউ জিলা
৬ প্ৰবন্ধ
-
চৰাইদেউ জিলা
চৰাইদেউ জিলা অসমে ২০১৫ চনত গঠন কৰা এখন তুলনামূলক নতুন প্ৰশাসনিক জিলা, যাৰ ঐতিহাসিক কেন্দ্ৰবিন্দু প্ৰাচীন আহোম ৰাজধানী চৰাইদেউ। আহোম যুগৰ স্মৃতিচিহ্ন, বিশেষকৈ মৈদাম-সংস্কৃতি আৰু ৰাজপথসমূহৰ বাবে জিলাখন অসমৰ ইতিহাস-ঐতিহ্য অধ্যয়নত গুৰুত্বপূৰ্ণ।
-
সোণাৰি
সোণাৰি (Sonari) অসমৰ চৰাইদেউ জিলাৰ অন্তৰ্গত, চাহ বাগানেৰে পৰিৱেষ্টিত এখন সৰু নগৰ আৰু চৰাইদেউ মহকুমাৰ সদৰ। ৱাৰ্ডৰ সংখ্যা ১৩ টা।
-
চলাপথাৰ বৌদ্ধ বিহাৰ আৰু সাংস্কৃতিক কেন্দ্ৰ
চলাপথাৰ বৌদ্ধ বিহাৰ (Chalapathar Buddhist Monastery) হৈছে থাই স্থাপত্য শৈলীৰে নিৰ্মিত বৌদ্ধ মন্দিৰ আৰু অসমৰ আটাইতকৈ পুৰণি বৌদ্ধ মঠসমূহৰ অন্যতম। চলাপথাৰ বৌদ্ধ বিহাৰ অসম ৰাজ্যৰ চৰাইদেউ জিলাৰ চলাপথাৰ শ্যাম গাঁৱত অৱস্থিত। এই বৌদ্ধ বিহাৰৰ স্থাপন কৰা হৈছিল ১৯০১ চনত।
-
সাপেখাতী
সাপেখাতী,, ভাৰতৰ অসম ৰাজ্যৰ চৰাইদেউ জিলাৰ অন্তৰ্গত এখন গাঁও। ২০১১ চনৰ ভাৰতীয় লোকপিয়ল অনুসৰি গাঁওখনৰ মুঠ জনসংখ্যা আছিল ১,২১২ জন। সাপেখাতী দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত সংঘটিত হোৱা এটা বিমান দুৰ্ঘটনাৰ বাবেও ঐতিহাসিকভাৱে উল্লেখযোগ্য।
-
চলা সংৰক্ষিত বনাঞ্চল
চলা সংৰক্ষিত বনাঞ্চল (Chala Reserve Forest) বা চলাপথাৰ সংৰক্ষিত বনাঞ্চল (Chalapathar Reserve Forest) হৈছে অসমৰ চৰাইদেউ জিলাৰ চলাপথাৰ শ্যাম গাঁৱত অৱস্থিত এখন সংৰক্ষিত বনাঞ্চল। শিৱসাগৰ বন বিভাগৰ অধীনৰ চলা সংৰক্ষিত বনাঞ্চলখন প্ৰায় ৬৮৩ হেক্টৰ মাটিকালিৰে বিস্তৃত হৈ আছে।
-
ভজো
ভজো (ইংৰাজী: Bhojo) অসমৰ চৰাইদেউ জিলাৰ সোণাৰি মহকুমাৰ অন্তৰ্গত এখন গাঁও। গাঁওখনৰ নাম ২০১১ চনৰ লোকপিয়লৰ নথিত ভজো গাঁও হিচাপে উল্লেখ কৰা হৈছে। গাঁওখন সোণাৰি চহৰৰপৰা প্ৰায় ৫–৬ কিলোমিটাৰ দূৰত অৱস্থিত। ভজো অঞ্চলটো ইয়াত থকা ভজো ৰে’ল ষ্টেচনৰ বাবে বিশেষভাৱে পৰিচিত।