সীতা দেৱী (Sita Devi,১৯১৪–২০০৫) এগৰাকী ভাৰতীয় চিত্ৰশিল্পী, তেওঁ বিশেষকৈ মধুবনী চিত্ৰশিল্পৰ সৈতে জড়িত। মধুবনী চিত্ৰশিল্পৰ তেওঁ এগৰাকী প্ৰখ্যাত শিল্পী আৰু এই চিত্ৰকৰ্মৰ বাবে ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰা ভাৰতৰ প্ৰথম শিল্পীসকলৰ ভিতৰৰ এগৰাকী, ১৯৮১ চনত তেওঁ পদ্মশ্ৰী আৰু ১৯৮৪ চনত বিহাৰ ৰত্ন সন্মান লাভ কৰিছিল। তেওঁ বিহাৰ ৰাজ্যৰ জিতৱাৰপুৰ গাঁৱত স্থানীয় বিকাশৰ বাবে সজাগতা সৃষ্টিত প্ৰভাৱশালী ভূমিকা গ্ৰহণ কৰিছিল আৰু অৰ্থনৈতিক বিকাশৰ বাবে উৎসাহিত কৰাৰ প্ৰচেষ্টাৰ অংশ ৰূপে তেওঁ স্থানীয় বাসিন্দা, বিশেষকৈ মহিলাসকলক মধুবানী কলা শিকাইছিল। সীতা দেৱীৰ চিত্ৰসমূহ ইয়াৰ নিজস্ব শৈলী আৰু ইয়াত ব্যৱহৃত ৰঙৰ বাবে প্ৰশংসিত হৈছে। ভাৰতৰ লগতে এই চিত্ৰসমূহ ফ্ৰান্স, আমেৰিকা যুক্তৰাষ্ট্ৰ, যুক্তৰাজ্য আৰু জাপানৰ সংগ্ৰহালয়ত আৰ্কাইভ কৰা হৈছে।
সংক্ষিপ্ত জীৱনী
১৯১৪ চনত, বিহাৰৰ চাহাৰচাৰ ওচৰৰ এখন গাঁৱত সীতা দেৱীৰ জন্ম হৈছিল, আৰু বিয়াৰ পিছত তেওঁলোক জিতৱাৰপুৰ গাঁৱলৈ গুচি গৈছিল।১তেওঁ এটি মহাপাত্ৰ ব্ৰাহ্মণ পৰিয়ালৰ সদস্য আছিল।১ নিৰক্ষৰ আছিল যদিও সৰুতে তেওঁ স্থানীয় কুমাৰৰ পৰা বাকী থকা ৰং ব্যৱহাৰ কৰি ছবি আঁকিবলৈ শিকিছিল আৰু নিজৰ ঘৰৰ দেৱালসমূহত স্থানীয় পৰম্পৰাগত মধুবানী শৈলীত ছবি আঁকি ৰং কৰিছিল। ২০০৫ চনত মধুবানীত তেওঁৰ মৃত্যু হয়।২
কৰ্মপঞ্জী
সীতা দেৱী বিহাৰৰ সেই প্ৰথম শিল্পীসকলৰ ভিতৰত এগৰাকী আছিল, যি ‘দেৱালত ম্যুৰাল অংকন’ কৰাৰ সাংস্কৃতিক অনুশীলনক কাগজত কৰা কামলৈ পৰিৱৰ্তন কৰিছিল; যাৰ ফলত তেওঁ অঁকা মধুবানী চিত্ৰসমূহ বিক্ৰী কৰিবলৈ তেওঁ সক্ষম হৈছিল।৩ বিহাৰৰ স্থানীয় বাসিন্দাসকল যেতিয়া ৰাজ্যজুৰি হোৱা খৰাঙৰ বলি হয়, তেওঁলোকৰ বিত্তীয় অভাৱক প্ৰতিহত কৰিবলৈ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নিৰ্দেশত চৰকাৰী বিষয়াসকলে তেওঁলোকক তেওঁলোকৰ চিত্ৰ বিক্ৰী কৰিবলৈ উৎসাহিত কৰিছিল।৪এই উৎসাহৰ ফল স্বৰূপে সীতা দেৱীকে আদি কৰি কেইবাগৰাকী শিল্পীয়ে নিজৰ চিত্ৰকলা বিক্ৰী কৰিছিল। বিহাৰৰ এই পাৰম্পৰিক কলাক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দাঙি ধৰি সৰ্বভাৰতীয় দৃষ্টি আকৰ্ষণ কৰা আগশাৰীৰ শিল্পী গৰাকী আছিল সীতা দেৱী। ১৯৬৯ চনত, বিহাৰ চৰকাৰে তেওঁৰ এই অৱদানৰ বাবে তেওঁক ৰাজ্যিক বঁটাৰে সন্মানিত কৰে, লগতে ভাৰতৰ অন্যতম সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰীকে ধৰি আন কেইবাটাও বঁটা তেওঁ লাভ কৰে।২
বঁটা আৰু সন্মান
- ১৯৬৯: মধুবানী চিত্ৰশিল্পৰ বাবে বিহাৰ ৰাজ্য চৰকাৰৰ বঁটা২৫
- ১৯৭৬: সেইসময়ৰ ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলি আহমেদৰ পৰা "Master Craftsman" বঁটা৪
- ১৯৮১: শিল্প চৰ্চাৰ বাবে ভাৰত চৰকাৰৰ পদ্মশ্ৰী৬
- ১৯৮৪: বিহাৰ ৰত্ন সন্মান২৫
তথ্যসূত্ৰ
- ↑ (2015-10-23). In village where Madhubani paints, art and Nitish Kumar smile at each other. The Indian Express
- ↑ Dutta, Ambarish. (December 14, 2005). Madhubani art legend dead. The Tribune, Chandigarh, India - Nation
- ↑ Tripathi, Shailaja. (2013-11-22). Madhubani beyond the living rooms. The Hindu
- ↑ 'Nirala', Narendra Narayan Sinha. (2010). MADHUBANI: A CONTEMPORARY HISTORY (1971-2011). Proceedings of the Indian History Congress. পৃ. 1243–1250
- ↑ (2013-02-11). Sita Devi: A Legendary Mithila Artist. State of the Art
- ↑ Padma Awards · Interactive Dashboard. www.dashboard-padmaawards.gov.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সীতা দেৱী” প্ৰবন্ধৰ সংশোধন ৩৮৩১২৩ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।