অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

বেদ

বেদ (वेद) হৈছে হিন্দুধৰ্মৰ সৱাতোতকৈ পুৰণি ধৰ্ম গ্ৰন্থ। বেদ শব্দৰ অৰ্থ হৈছে জ্ঞান, ভাৰতীয় বিশ্বাস অনুযায়ী বেদসমূহ অপৌৰুষেয়, ইয়াৰ কোনো ৰচক নাই। পৰম্পৰা অনুসৰি ব্যাস মুনি হৈছে বেদৰ সংকলক, তেখেতে চাৰিপ্ৰকাৰৰ মন্ত্ৰক একেলগ কৰি বেদ সংকলন কৰিছিল।

হালনাগাদ: ১৯ জুন ২০২০ ১৯০ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

বেদ (वेद) হৈছে হিন্দুধৰ্মৰ সৱাতোতকৈ পুৰণি ধৰ্ম গ্ৰন্থ। বেদ শব্দৰ অৰ্থ হৈছে জ্ঞান, ভাৰতীয় বিশ্বাস অনুযায়ী বেদসমূহ অপৌৰুষেয়, ইয়াৰ কোনো ৰচক নাই। পৰম্পৰা অনুসৰি ব্যাস মুনি হৈছে বেদৰ সংকলক, তেখেতে চাৰিপ্ৰকাৰৰ মন্ত্ৰক একেলগ কৰি বেদ সংকলন কৰিছিল।১২ চাৰিখন বেদৰ নাম হৈছে ঋকবেদ, যজুৰ্বেদ, সামবেদ আৰু অথৰ্ববেদ।৩৪ ইয়াৰ ভিতৰত ভিতৰত সকলোতকৈ পুৰণি বেদখন হ'ল ঋকবেদ। প্ৰতিখন বেদকেই সংহিতা (মন্ত্ৰ আৰু প্ৰাৰ্থনা), ব্ৰাহ্মণ (উৎসৱ, পূজাবিধি আৰু উছৰ্গাৰ নিয়ম), আৰণ্যক আৰু উপনিষদ (ধ্যান, দৰ্শন আৰু আধ্যাত্মিক জ্ঞান)-ত ভাগ কৰা হৈছে।৩৫৬ কিছুমান পণ্ডিতে উপাসনা নামৰ এটা পঞ্চম শ্ৰেণীও যোগ দিছে।৭৮

বেদক শ্ৰুতি বুলিও জনা যায়,৯ যিয়ে বেদক স্মৃতি নামৰ আন ধৰ্মগ্ৰন্থৰ পৰা পৃথক কৰে। নৈষ্ঠিক ভাৰতীয় ধৰ্মতাত্ত্বিকসকলে বেদ প্ৰাচীন ঋষিসকলৰ গভীৰ সাধনাৰ ফল বুলি অভিহিত কৰে আৰু এই পাঠসমূহ প্ৰাচীন সময়ৰ পৰা খুব সাবধানেৰে সংৰক্ষণ কৰি অহা হৈছে।১০১১ হিন্দু মহাকাব্য মহাভাৰতৰ মতে বেদৰ ৰচয়িতা হৈছে ব্ৰহ্মা।১২ বৈদিক মন্ত্ৰসমূহত সেইসমূহ ঋষিসকলৰ দ্বাৰা খুব পাৰদৰ্শিতাৰে ৰচনা কৰা বুলি কোৱা হৈছে।১১

ব্যুৎপত্তি

সংস্কৃত শব্দ বেদৰ অৰ্থ হৈছে জ্ঞান।১৩ বেদ শব্দটো 'বিদ' ধাতুৰ পৰা আহিছে যাৰ অৰ্থ হৈছে 'জানিবলৈ'। বেদ শব্দটো কিছু ক্ষেত্ৰত যেনে ঋকবেদৰ ১০৯৩১১ নং মন্ত্ৰত সম্পত্তি লাভ কৰা বুজাইছে।১৪ আকৌ আন ক’ৰবাত ঝাৰু বা আন দৈৱোপচাৰৰ বাবে প্ৰয়োজনীয় ঘাঁহৰ মুঠিক নিৰ্দেশ কৰিছে।১৫

সময়ৰেখা

বেদসমূহ সবাতোকৈ পুৰণি পবিত্ৰ গ্ৰন্থসমূহৰ অন্তৰ্ভুক্ত।১৬১৭ সংহিতাসমূহ প্ৰায় ১৭০০-১১০০ খ্ৰীষ্টপূৰ্বৰ।

তথ্যসূত্ৰ

  1. ↑ Holdrege, Barbara A. (2012). Veda and Torah: Transcending the Textuality of Scripture. SUNY Press. পৃ. 249, 250. ISBN 9781438406954
  2. ↑ Dalal, Roshen. (2014-04-15). The Vedas: An Introduction to Hinduism's Sacred Texts. Penguin UK. ISBN 9788184757637
  3. ↑ Gavin Flood (1996), An Introduction to Hinduism, Cambridge University Press,, pp. 35–39
  4. ↑ Bloomfield, M. The Atharvaveda and the Gopatha-Brahmana, (Grundriss der Indo-Arischen Philologie und Altertumskunde II.1.b.) Strassburg 1899; Gonda, J. A history of Indian literature: I.1 Vedic literature (Samhitas and Brahmanas); I.2 The Ritual Sutras. Wiesbaden 1975, 1977
  5. ↑ A Bhattacharya (2006), Hindu Dharma: Introduction to Scriptures and Theology,, pp. 8–14; George M. Williams (2003), Handbook of Hindu Mythology, Oxford University Press,, p. 285
  6. ↑ Jan Gonda (1975), Vedic Literature: (Saṃhitās and Brāhmaṇas), Otto Harrassowitz Verlag
  7. ↑ A Bhattacharya (2006), Hindu Dharma: Introduction to Scriptures and Theology,, pp. 8–14
  8. ↑ Barbara A. Holdrege (1995), Veda and Torah: Transcending the Textuality of Scripture, State University of New York Press,, pp. 351–357
  9. ↑ Apte 1965, পৃ. 887
  10. ↑ Sheldon Pollock (2011), Boundaries, Dynamics and Construction of Traditions in South Asia (Editor: Federico Squarcini), Anthem,, pp. 41–58
  11. ↑ Hartmut Scharfe (2002), Handbook of Oriental Studies, Brill Academic,, pp. 13–14
  12. ↑ Seer of the Fifth Veda: Kr̥ṣṇa Dvaipāyana Vyāsa in the Mahābhārata Bruce M. Sullivan, Motilal Banarsidass, pp. 85–86
  13. ↑ p. 1015
  14. ↑ p. 1017 (2nd Column)
  15. ↑ p. 1017 (3rd Column)
  16. ↑ Sagarika Dutt. (2006). India in a Globalized World. Manchester University Press. পৃ. 36. ISBN 978-1-84779-607-3
  17. ↑ Gabriel J. Gomes. (2012). Discovering World Religions. iUniverse. পৃ. 54. ISBN 978-1-4697-1037-2

সম্পৰ্কিত শ্ৰেণী

বেদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বেদ” প্ৰবন্ধৰ সংশোধন ২৩৯০৩৬ (১৯ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।