অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ৰোমান সাম্ৰাজ্য

ৰোমান সাম্ৰাজ্য (Imperium Rōmānum, পৌৰাণিক আৰু মধ্যযুগীয় গ্ৰীক ভাষা: Βασιλεία τῶν Ῥωμαίων Basileia tōn Rhōmaiōn) হৈছে ৰোমান স্বৰাজোত্তৰ কালৰ সভ্যতা। ৰোমান সাম্ৰাজ্যখন এজন সম্ৰাটৰ নেতৃত্বত থকা চৰকাৰৰ দ্বাৰা পৰিচালিত হৈছিল আৰু ৰোমান সাম্ৰাজ্যৰ শাসনাধীন অঞ্চলসমূহ মেডিটেৰেনিয়ান সাগৰৰ চাৰিওফালে ইউৰোপ,…

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৩ ৮০০ শব্দ · ৪ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

ৰোমান সাম্ৰাজ্য (Imperium Rōmānum, পৌৰাণিক আৰু মধ্যযুগীয় গ্ৰীক ভাষা: Βασιλεία τῶν Ῥωμαίων Basileia tōn Rhōmaiōn) হৈছে ৰোমান স্বৰাজোত্তৰ কালৰ সভ্যতা। ৰোমান সাম্ৰাজ্যখন এজন সম্ৰাটৰ নেতৃত্বত থকা চৰকাৰৰ দ্বাৰা পৰিচালিত হৈছিল আৰু ৰোমান সাম্ৰাজ্যৰ শাসনাধীন অঞ্চলসমূহ মেডিটেৰেনিয়ান সাগৰৰ চাৰিওফালে ইউৰোপ, আফ্ৰিকা আৰু এছিয়ালৈকে বিস্তৃত আছিল। ইয়াৰ আগেয়ে গৃহযুদ্ধ আৰু ৰাজনৈতিক সংঘাতৰ ফলত ৰোমত বিৰাজমান ৫০০ বছৰীয়া ৰোমান প্ৰজাতন্ত্ৰত প্ৰবল অস্থিৰতাৰ সৃষ্টি হয়। এই কালছোৱাত জুলিয়াচ ছীজাৰক স্থায়ী ডিক্টেটৰ বা ন্যায়পালিকা হিচাপে নিযুক্তি দিয়া হয়। খ্ৰী:পূ: ৪৪-ত তেওঁক কেইজনমান ষড়যন্ত্ৰকাৰীয়ে হত্যা কৰে। ফলস্বৰূপে গৃহযুদ্ধ আৰু হত্যালীলা অব্যাহত থাকে। ছীজাৰৰ তোলনীয়া পুত্ৰ অক্টাভিয়ানে খ্ৰী:পূ: ৩১-ত এক্টিয়ামৰ যুদ্ধত মাৰ্ক এণ্টনী আৰু ক্লিঅ’পেট্ৰাক পৰাজিত কৰে। ইয়াৰ পিছত অক্টেভিয়ান অদমনীয় হৈ উঠে আৰু খ্ৰী:পূ: ২৭ ত ৰোমান ছিনেটে তেওঁক আনুষ্ঠানিকভাৱে অসীম ক্ষমতা দিয়াৰ লগতে অগষ্টাছ উপাধি প্ৰ্দান কৰে। ইয়াৰ লগে লগে ৰোমান প্ৰজাতন্ত্ৰৰো যৱনিকা পৰে।

ৰোমান প্ৰজাতন্ত্ৰ প্ৰায় ৫০০ বছৰ ধৰি প্ৰচলিত আছিল। ইয়াৰে প্ৰথম দুটা শতিকা ৰাজনৈতিক সুস্থিৰতা আৰু সমৃদ্ধিৰ কাৰণে জনাজাত। এই কালছোৱাক ৰোমান শান্তিৰ যুগ হিচাপে অভিহিত কৰা হয়। অক্টেভিয়ানৰ বিজয়ৰ পিছৰ কালছোৱাত ৰোমান সাম্ৰাজ্যৰ পৰিসৰৰ নাটকীয় পৰিৱৰ্তন ঘটে। ৪১ চনত কেলিগুলাৰ হত্যাৰ পিছত ছিনেটে পুনৰ প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠাৰ কথা বিবেচনা কৰে। কিন্তু ইতিমধ্যে প্ৰেইট’ৰিয়ান দেহৰক্ষী বাহিনীয়ে ক্ল’ডিয়াচক সম্ৰাট ঘোষণা কৰে। ক্ল’ডিয়াচৰ নেতৃত্বত ৰোমানসকলে ব্ৰিটানিয়াক নিজ সাম্ৰাজ্যৰ ভিতৰুৱা কৰে। অক্টেভিয়ানৰ পিছত এইটোৱে আছিল সৰ্ববৃহৎ ৰাজ্য বিস্তাৰৰ ঘটনা। ক্ল’ডিয়াচৰ পৰৱৰ্তী সম্ৰাট নীৰোৱে ৬৮ চনত আত্মহত্যা কৰাৰ লগে লগে পুনৰ ৰাজনৈতিক অস্থিৰতাৰ উদ্ভৱ হয়। গৃহযুদ্ধ আৰু বিদ্ৰোহৰ (ইহুদী-ৰোমান যুদ্ধ) লগতে চাৰিজন সেনাধ্যক্ষক সম্ৰাট ঘোষণা কৰা হয়। ৬৯ চনত ইয়াৰে ভেচপাছিয়ানে বিজয় সাব্যস্ত কৰে আৰু ফ্লেভিয়ান ৰাজবংশৰ প্ৰতিষ্ঠা কৰে। তেওঁৰ পুত্ৰ পৰৱৰ্তী সম্ৰাট টাইটাছে ৰোমৰ বিখ্যাত ক'ল'ছিয়াম নিৰ্মাণ কৰে। টাইটাছৰ পিছত ভ্ৰাতৃ ড’মিটিয়ান ৰোমান সিংহাসনত বহে আৰু দীৰ্ঘকাল ৰাজত্বৰ পিছত হত্যাৰ বলি হয়। ইয়াৰ পিছত ছিনেটে পাঁচজন সম্ৰাটক বাছনি কৰে। ইয়াৰে দ্বিতীয়জন সম্ৰাট ট্ৰাজানৰ শাসনকালতে ৰোমান সাম্ৰাজ্যই সৰ্বোচ্চ শিখৰ লাভ কৰে।

ক’ম’ডাছৰ ৰাজত্বকালত অস্থিৰতা আৰু পতনোন্মুখ গতি পুনৰ আৰম্ভ হয় আৰু ১৯২ চনত তেওঁ হত্যাৰ বলি হয়। ইয়াৰ পিছত ছেপ্টিমাচ চেভেৰাছ সম্ৰাট হয়। আলেকজেণ্ডাৰ চেভেৰাছৰ হত্যাৰ পিছত ৰোমান ৰাজনৈতিক ক্ষেত্ৰখনত প্ৰবল অস্থিৰতাৰ সৃষ্টি হয় আৰু ৰোমান ছিনেটে মাত্ৰ ৫০ বছৰৰ ভিতৰত ২৬ জন লোকক সম্ৰাট ঘোষণা কৰে। ডিঅ’ক্লেটিয়ানৰ শাসনকালত দেশখন চাৰিতা ভাগত ভাগ কৰি প্ৰত্যেকটো ভাগতে একোজন নিৰ্দিষ্ট শাসনকৰ্তা নিয়োগ কৰা হয় আৰু ইয়াৰ ফলস্বৰূপে দেশলৈ পুনৰ সুস্থিৰতা ঘূৰি আহে। প্ৰথম কনষ্টেণ্টাইনৰ শাসনকালত গৃহযুদ্ধ নিৰ্মূল কৰা হয় আৰু প্ৰতিদ্বন্দ্ব্ব্বীসকলক পৰাভূত কৰি তেওঁ একচ্ছত্ৰী সম্ৰাট হিচাপে অধিষ্ঠিত হয়। কনষ্টেণ্টাইনে ৰোমান ৰাজধানী বিজেণ্টাইনলৈ স্থানান্তৰ কৰে আৰু তেওঁৰ সন্মানাৰ্থে কনষ্টাণ্টিন’পল হিচাপে ঠাইখনৰ নতুন নামকৰণ কৰা হয়। তেওঁ খ্ৰীষ্টিয়ান ধৰ্ম গ্ৰহণ কৰে যি পিছলৈ ৰাষ্ট্ৰধৰ্ম হিচাপে থিতাপি লয়। সাম্ৰাজ্যৰ পূৰ্বীয় অঞ্চলটো বিশ্বৰ এক অগ্ৰণী শক্তি হিচাপে পৰিগণিত হয়।১২৩ একত্ৰ ৰোমান সাম্ৰাজ্যৰ শেষৰজন সম্ৰাট প্ৰথম থিয়’ড’চিয়াছৰ মৃত্যুৰ পিছত ক্ষমতাৰ অপব্যৱহাৰ, গৃহযুদ্ধ, বহিৰাগতৰ আগ্ৰাসন, অৰ্থনৈতিক মন্দাৱস্থা আদি কাৰণত ৰোমান সাম্ৰাজ্যৰ আধিপত্য ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰে। ৪৮০ চন মানতে সাম্ৰাজ্যৰ পশ্চিম অংশৰ পতন হোৱাৰ বিপৰীতে ১৪৫৩ চনত ইয়াৰ পূব প্ৰান্তৰো পতন ঘটে।

ৰোমান সাম্ৰাজ্য অৰ্থনৈতিক, সাংস্কৃতিক, ৰাজনৈতিক আৰু সামৰিক ক্ষেত্ৰত সেই সময়ৰ আটাইতকৈ শক্তিশালী আৰু সমৃদ্ধিশালী সাম্ৰাজ্যসমূহৰ অন্যতম আছিল। ই আছিল ধ্ৰুপদী কালৰ বৃহত্তম সাম্ৰাজ্যসমূহৰ এখন। চৰম শিখৰত থকা কালত ইয়াৰ মাটিকালি আছিল ৫০ লাখ বৰ্গ কিলোমিটাৰ৪৫ আৰু প্ৰায় ৭ কোটি লোকেৰে ই বিশ্বৰ জনসংখ্যাৰ ২১% ক ধাৰণ কৰি আছিল। ৰোমান সাম্ৰাজ্যৰ বিস্তৃতি আৰু স্থায়িত্বই লেটিন আৰু গ্ৰীক ভাষা, সংস্কৃতি, ধৰ্ম, আৱিষ্কাৰ, স্থাপত্য, দৰ্শন, আইন আৰু চৰকাৰ গাঁথনিৰো বিস্তৃতি আৰু স্থায়িত্ব নিশ্চিত কৰিছিল।

শিল্পকলা

শিল্পকলাৰ দিশত ৰোমানসকল যথেষ্ট আগবঢ়া আছিল। ৰোমান স্থাপত্য, বিজয় স্মাৰক বা মুদ্ৰাসমূহত খোদিত চিত্ৰসমূহ সম্ৰাটসকলৰ দৰ্শনৰ এক প্ৰতিফলন হিচাপে নাইবা ঐতিহাসিকভাৱে গুৰুত্বপূৰ্ণ বুলি সততে বিশ্লেষণ কৰা হয়।৬ সৰ্বজনীন স্নানাগাৰসমূহত উচ্চখাপৰ প্ৰাচীৰ চিত্ৰ, ৰোমান মোজাইক, ভাস্কৰ্য আৰু আভ্যন্তৰীন সাজ-সজ্জা দেখিবলৈ পোৱা গৈছিল।৭ ধৰ্মীয় কাম-কাজ, সৎকাৰ কৰ্ম, বেপাৰ-বণিজ আৰু ঘৰুৱাভাৱে ব্যৱহাৰ্য সামগ্ৰীসমূহত বিভিন্নধৰণৰ কলাত্মক কৌশলৰ পয়োভৰ দেখা যায়।৮ কলা অনুৰাগী আধ্যৱন্ত লোকসকলে নিজ নিজ ঘৰত চিত্ৰ, ভাস্কৰ্য আৰু অন্যান্য আলংকৰিক আচবাব ৰাখিছিল।৯ ৰোমানসকলৰ ওপৰত পৌৰাণিক গ্ৰীক শিল্পকলাৰ স্পষ্ট প্ৰভাৱ বিদ্যমান।১০

কলাৰ যথেষ্ট আদৰ থকা স্বত্বেও প্ৰখ্যাত ৰোমান আৰু গ্ৰীক শিল্পীসকলৰ সামাজিক মৰ্যাদা উচ্চখাপৰ নাছিল। তেওঁলোকে শিল্পীসকলক সাধাৰণ বনুৱাৰ দৰেই গণ্য কৰিছিল। একে সময়তে আকৌ উচ্চ মানবিশিষ্ট কৰ্মৰ বাবে প্ৰয়োজন হোৱা কৌশলক দৈৱ-উপহাৰ হিচাপে গণ্য কৰা হৈছিল।১১

উৎস

  • Frank Frost Abbott. (1901). A History and Description of Roman Political Institutions. Elibron Classics. ISBN 0-543-92749-0
  • J. A. Crook, Law and Life of Rome, 90 BC–AD 212, 1967 (ISBN 0-8014-9273-4).
  • Arther Ferrill, The Fall of the Roman Empire: The Military Explanation, Thames and Hudson, 1988 (ISBN 0-500-27495-9).
  • Goldsworthy, Adrian. The Complete Roman Army, Thames and Hudson, 2003 (ISBN 0-500-05124-0).
  • Benjamin Isaac, "The Limits of Empire: the Roman Army in the East" Oxford University Press, 1992 (ISBN 0-19-814926-3).
  • Andrew Lintott, Imperium Romanum: Politics and administration, 1993 (ISBN 0-415-09375-9).
  • Edward Luttwak, The Grand Strategy of the Roman Empire, Johns Hopkins University Press, 1976/1979 (ISBN 0-8018-2158-4).
  • Ritti, Tullia; Grewe, Klaus; Kessener, Paul. (2007). A Relief of a Water-powered Stone Saw Mill on a Sarcophagus at Hierapolis and its Implications. Journal of Roman Archaeology. পৃ. 138–163
  • Schnitter, Niklaus. (1978). Römische Talsperren. Antike Welt. পৃ. 25–32
  • Smith, Norman. (1970). The Roman Dams of Subiaco. Technology and Culture. পৃ. 58–68
  • Smith, Norman. (1971). A History of Dams. Peter Davies. পৃ. 25–49. ISBN 0-432-15090-0

তথ্যসূত্ৰ

  1. ↑ Norman A. Stillman The Jews of Arab Lands pp 22 Jewish Publication Society, 1979 ISBN 0827611552
  2. ↑ International Congress of Byzantine Studies Proceedings of the 21st International Congress of Byzantine Studies, London, 21–26 August 2006, Volumes 1–3 pp 29. Ashgate Pub Co, 30 sep. 2006 ISBN 075465740X
  3. ↑ J.H. Breasted Ancient Times a History of the Early World pp 675. Рипол Классик ISBN 117400312X
  4. ↑ Taagepera, Rein. (1979). Size and Duration of Empires: Growth-Decline Curves, 600 B.C. to 600 A.D. Social Science History. Duke University Press. পৃ. 118
  5. ↑ Turchin, Peter; Adams, Jonathan M.; Hall, Thomas D. (December 2006). East-West Orientation of Historical Empires. Journal of world-systems research. পৃ. 219–229
  6. ↑ Rachel Meredith Kousse, Hellenistic and Roman Ideal Sculpture: The Allure of the Classical (Cambridge University Press, 2008), p. 1; Lea Stirling, "Art, Architecture, and Archaeology in the Roman Empire," in A Companion to the Roman Empire, pp. 75–76
  7. ↑ Stirling, "Art, Architecture, and Archaeology in the Roman Empire," pp. 82–83
  8. ↑ Elaine K. Gazda, introduction to Roman Art in the Private Sphere: Architecture and Décor of the Domus, Villa, and Insula (University of Michigan Press, 1991, 1994), pp. 1–3
  9. ↑ Paul Zanker, Pompeii: Public and Private Life, translated by Deborah Lucas Schneider (Harvard University Press, 1998, originally published 1995 in German), p. 189
  10. ↑ Kousse, Hellenistic and Roman Ideal Sculpture, pp. 4–5, 8
  11. ↑ Lauren Hackworth Petersen, "Crafts and Artisans," in The Oxford Encyclopedia of Ancient Greece and Rome, pp. 312–313

সম্পৰ্কিত শ্ৰেণী

প্ৰাচীন বিশ্ব

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰোমান সাম্ৰাজ্য” প্ৰবন্ধৰ সংশোধন ৩৮৩৬০১ (২৯ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।