অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কবিয়ুৰ পোন্নাম্মা

কবিয়ুৰ পোন্নাম্মা (ইংৰাজী: Kaviyoor Ponnamma; ১০ ছেপ্টেম্বৰ ১৯৪৫ – ২০ ছেপ্টেম্বৰ ২০২৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী৷ তেওঁ মালয়ালম চলচ্চিত্ৰ আৰু দূৰদৰ্শনত অভিনয় কৰিছিল। চলচ্ছিত্ৰ জগতত প্ৰৱেশ কৰাৰ পূৰ্বে তেওঁ নাটকত অভিনয় কৰি কৰ্মজীৱন আৰম্ভ কৰিছিল।

হালনাগাদ: ১৩ মাৰ্চ ২০২৫ ১৬৪ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

কবিয়ুৰ পোন্নাম্মা (ইংৰাজী: Kaviyoor Ponnamma; ১০ ছেপ্টেম্বৰ ১৯৪৫ – ২০ ছেপ্টেম্বৰ ২০২৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী৷ তেওঁ মালয়ালম চলচ্চিত্ৰ আৰু দূৰদৰ্শনত অভিনয় কৰিছিল। চলচ্ছিত্ৰ জগতত প্ৰৱেশ কৰাৰ পূৰ্বে তেওঁ নাটকত অভিনয় কৰি কৰ্মজীৱন আৰম্ভ কৰিছিল। দূৰদৰ্শনৰ ধাৰাবাহিক আৰু বিজ্ঞাপনতো তেওঁ অভিনয় কৰিছিল আৰু কিছু সংখ্যক ছবিত নেপথ্য গায়িকা হিচাপেও কণ্ঠদান কৰিছিল।

পোন্নাম্মাই দ্বিতীয় শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে চাৰিবাৰৰ কেৰেলা ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। তেওঁৰ ভগ্নী কবিয়ুৰ ৰেনুকাও এগৰাকী অভিনেত্ৰী আছিল। প্ৰায় এক দশকজুৰি তেওঁৰ অভিনয় জীৱনত প্ৰায় সকলো অভিনেতাৰ মাতৃ হিচাপে অভিনয় কৰিছিল সেয়ে তেওঁক "সকলো অভিনেতাৰ মাতৃ" বুলি কোৱা হয়।১ মাত্ৰ ২০ বছৰ বয়সতে তেওঁ থমমেণ্টে মাক্কাল (Thommente Makkal, ১৯৬৫) ছবিখনত বয়সস্থ অভিনেতা সত্যান আৰু মধুৰ মাতৃৰ চৰিত্ৰত অভিনয় কৰিছিল। বিশেষকৈ মোহনলালৰ মাতৃ হিচাপে অভিনয় কৰি তেওঁ সমালোচকৰ প্ৰশংসা লাভ কৰিছিল।২৩৪৫

ব্যক্তিগত জীৱন আৰু মৃত্যু

১৯৬৯ চনত চলচ্চিত্ৰ প্ৰযোজক মণিস্বামীৰ সৈতে পোন্নাম্মাৰ বিবাহ হয়। তেওঁলোকৰ কন্যা বিন্ধু বিয়া হৈ আমেৰিকাত বাস কৰে।৬ দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত ২০১১ চনত মণিস্বামীৰ মৃত্যু হয়।

২০২৪ চনৰ ২০ ছেপ্টেম্বৰত কেৰেলাৰ কোচিৰ লিচি হাস্পতালত ৭৯ বছৰ বয়সত কৰ্কট ৰোগত আক্ৰান্ত হৈ পোন্নাম্মাৰ মৃত্যু হয়।৭৮৯১০

তথ্যসূত্ৰ

  1. ↑ Unforgettable mothers of silver screen. Mathrubhumi
  2. ↑ (16 May 2019). Did you know that Kaviyoor Ponnamma played her first mother character at the age of 22?. The Times of India
  3. ↑ (7 September 2006). Mother of all roles. The Hindu
  4. ↑ (21 September 2024). Last and best of mother figures in Mollywood. The New Indian Express
  5. ↑ (21 September 2024). A 60-year legacy of love, kindness in Malayalam cinema. The New Indian Express
  6. ↑ (17 July 2005). Mother of all actors. The Hindu
  7. ↑ അമ്മയായി കൊതി തീര്‍ന്നില്ല - articles, infocus interview - Mathrubhumi Eves. mathrubhumi.com
  8. ↑ Daily, Keralakaumudi. Actress who made a mark with her mother roles; Kaviyoor Ponnamma no more. Keralakaumudi Daily. Kerala Kaumudi
  9. ↑ Veteran actor Kaviyoor Ponnamma laid to rest with state honours. Onmanorama
  10. ↑ Mohanlal, Mammootty pay last respects to Kaviyoor Ponnamma—the 'mother' of Malayalam cinema. onmanorama

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনয় শিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কবিয়ুৰ পোন্নাম্মা” প্ৰবন্ধৰ সংশোধন ৪৯১০৬৩ (১৩ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।