সুমতী (ইংৰাজী: Sumathi) তামিলনাডুৰ মাদুৰাইৰ এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ দুবছৰ বয়সৰ পৰাই অভিনয় আৰম্ভ কৰিছিল। তেওঁ বহু মালয়ালম, তামিল, তেলুগু, কানাড়া, আৰু হিন্দী ভাষাৰ ছবিত অভিনয় কৰিছিল।
ব্যক্তিগত জীৱন
সুমতীৰ জন্ম হৈছিল ভাৰতৰ তামিলনাডুৰ এখন চহৰ মাদুৰাইত। তেওঁৰ পিতৃ আৰু মাতৃ মূলতঃ মাদুৰাইৰ আছিল। তেওঁৰ দেউতাকে ফটো ষ্টুডিঅ’ আৰু ছপাশালৰ দৰে কেইবাটাও ব্যৱসায় পৰিচালনা কৰিছিল। তেওঁ মাক, সুমতীৰ লগতে তেওঁৰ সাতজন ভাতৃ আৰু তিনিজনী ভগ্নীৰ যত্ন লোৱা এগৰাকী গৃহিণী আছিল। তেওঁৰ জ্যেষ্ঠ ভাতৃ মাষ্টৰ প্ৰভাকৰ প্ৰথমে চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰিছিল।১২
১৯৬৬ চনত সুমতী আৰু প্ৰভাকৰে নিজৰ সপোন বাস্তবায়িত কৰিবলৈ পেহীয়েকৰ লগত থাকিবলৈ লয়। এগৰাকী পৰিচালকে প্ৰবীণ অভিনেতা ভাৰত গোপীৰ সৈতে মালয়ালম ছবিত অভিনয় কৰিবলৈ এটি সৰু কেঁচুৱা বিচাৰি ফুৰাৰ সময়তে সুমতীয়ে ছবি জগতত প্ৰৱেশ কৰিছিল।
সুমতীয়ে বিয়া হৈ তেওঁলোকৰ কন্যা আৰু পুত্ৰৰ সৈতে আমেৰিকাত বসবাস কৰিবলৈ লয়৷
কৰ্মজীৱন
৬০ৰ দশকৰ শেষৰ ফালে গোপীৰ কন্যাৰ চৰিত্ৰত অভিনয় কৰি শিশু অভিনেত্ৰী হিচাপে বেবী সুমতীয়ে চলচ্চিত্ৰ জীৱন আৰম্ভ কৰিছিল। ১৯৭৭ চনত মুক্তি পোৱা মালয়ালম ভাষাৰ ভাৰতীয় ছবি সত্যবান সাবিত্ৰীত অভিনয় কৰিছিল৷৩
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুমতী (অভিনেত্ৰী)” প্ৰবন্ধৰ সংশোধন ৬৪০২৮৪ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।