কামৰূপ জিলা
২২ প্ৰবন্ধ
-
কামৰূপ জিলা
কামৰূপ জিলা অসম ৰাজ্যৰ এখন গুৰুত্বপূৰ্ণ প্ৰশাসনিক একক, যাৰ সদৰ আমিনগাঁওত অৱস্থিত। ২০০৩ চনত অবিভক্ত জিলাখন পুনৰ সংগঠিত হৈ কামৰূপ মহানগৰ জিলা পৃথক হোৱাৰ পাছত কামৰূপ জিলাই গুৱাহাটী চাৰিওফালৰ উপকণ্ঠ, গ্ৰামাঞ্চল আৰু নদীঘেঁষা অঞ্চলসমূহক সাঙুৰি লয়।
-
ৰঙিয়া
ৰঙিয়া অসমৰ কামৰূপ জিলাৰ এখন পৌৰচহৰ আৰু ৰঙিয়া মহকুমাৰ সদৰ, যাৰ বিকাশত ৰে’ল সংযোগ আৰু সীমান্তমুখী পথব্যৱস্থাৰ বিশেষ ভূমিকা আছে। ভাৰত-ভূটান সীমান্তলৈ যাতায়াতৰ এক গুৰুত্বপূৰ্ণ দুৱাৰ হোৱাৰ লগতে ই উত্তৰ-পূব সীমান্ত ৰে’লৱে’ৰ এক মাণ্ডলিক মুখ্য কাৰ্যালয় আৰু উল্লেখযোগ্য ৰে’ল জংচন।
-
উত্তৰ গুৱাহাটী
উত্তৰ গুৱাহাটী অসমৰ কামৰূপ জিলাৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰ উপত্যকাৰ এটা সৰু নগৰ, যাৰ ঐতিহাসিক গুৰুত্ব বিশেষকৈ প্ৰাচীন কামৰূপৰ ৰাজনৈতিক কেন্দ্ৰসমূহৰ সৈতে জড়িত। ই মন্দিৰ, শিলালিপি, দুৰ্গ-খাৱৈ আদি স্থাপত্য-অৱশেষেৰে সমৃদ্ধ আৰু আধুনিক কালত শিক্ষানুষ্ঠান আৰু উদ্যোগৰ উপস্থিতিৰ বাবেো পৰিচিত।
-
শুৱালকুছি
শুৱালকুছি (Sualkuchi) অসমৰ কামৰূপ জিলাৰ অন্তৰ্গত এখন লোকপিয়ল নগৰ। ই গুৱাহাটীৰ পৰা প্ৰায় ৩৫ কিলোমিটাৰ দূৰত ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰপাৰে অৱস্থিত। শুৱালকুছিত অসংখ্য হাতেবোৱা কাপোৰৰ উদ্যোগ থকা বাবে ইয়াক "অসমৰ মানচেষ্টাৰ" (Manchester of Assam) বুলি কোৱা হয়।
-
শৰাইঘাট দলং
শৰাইঘাট দলং (Saraighat Bridge) অসমৰ গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত প্ৰথমখন ৰে'লপথযুক্ত দলং। দলংখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল ১৯৫৮ চনৰ জানুৱাৰী মাহত। সা-সামগ্ৰী কঢ়িওৱাৰ বাবে দলংখন ১৯৬২ চনৰ অক্টোবৰ মাহত মুকলি কৰা হয়।
-
বাইহাটা চাৰিআলি
বাইহাটা চাৰিআলি অসমৰ কামৰূপ জিলাত অৱস্থিত এটা সৰু উন্নয়নশীল অঞ্চল। ঠাইখন গুৱাহাটীৰ জালুকবাৰীৰ পৰা উত্তৰে প্ৰায় ৩০ কিলোমিটাৰ আঁতৰত অৱস্থিত। গুৱাহাটীৰ কাষৰীয়া এই ঠাইখন শৈক্ষিক, বাণিজ্যিক, যাতায়তৰ দিশৰ পৰা এটা গুৰুত্বপূৰ্ণ অঞ্চল।
-
পলাশবাৰী
পলাশবাৰী (Pron:ˌpəlæsˈbɑːrɪ) (Palasbari) অসমৰ কামৰূপ জিলাৰ অন্তৰ্ভুক্ত এখন ঠাই৷
-
মদন কামদেৱ দেৱালয়
মদন কামদেৱ দেৱালয় হৈছে অসমৰ কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ পৰা তিনি কিলোমিটাৰ আঁতৰৰ দেৱানগিৰি পাহাৰত অৱস্থিত এখন দেৱালয়। সুন্দৰ নৈসৰ্গিক শোভা আৰু চৌদিশে সিঁচৰতি হৈ থকা অসংখ্য শৈল স্থাপত্য আৰু ভাস্কৰ্যৰ ভগ্নাৱশেষৰ বাবে এই দেৱালয় অসমৰ এটা উল্লেখযোগ্য পৰ্যটন কেন্দ্ৰ।
-
কৈহাটীৰ ঢুলীয়া
কৈহাটীৰ ঢুলীয়া অসমৰ ঐতিহ্য বহনকাৰী এক আপুৰুগীয়া কৃষ্টি। ই সম্পূৰ্ণৰূপে লৌকিক আৰু অতি জনপ্ৰিয় অনুষ্ঠান। ঢুলীয়া অনুষ্ঠানটিত ভাগ লোৱা লোকসকলৰ অভিনয় কৌশল আৰু হাস্য-ব্যংগ অভিনয়েই অনুষ্ঠানটিৰ মুখ্য আকৰ্ষণ। কৈহাটীৰ ঢুলীয়া কামৰূপীয়া ঢুলীয়াৰ অংশবিশেষ। কৈহাটীৰ স্থানীয় ভাষাত ঢুলীয়াক ভাইৰা বোলা হয়।
-
অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান, গুৱাহাটী
অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান, গুৱাহাটী বা চমুকৈ এইম্ছ গুৱাহাটী অসমৰ কামৰূপ জিলাৰ চাংসাৰিত অৱস্থিত এখন ৰাজহুৱা চিকিৎসা প্ৰতিষ্ঠান। ২০১৭ চনৰ ২৬ মে’ তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াৰ আধাৰশিলা স্থাপন কৰিছিল।
-
কমলপুৰ বিধানসভা সমষ্টি
কমলপুৰ বিধানসভা সমষ্টি (ইংৰাজী: Kamalpur Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ খন একক জনপ্ৰতিনিধিত্বমূলক বিধানসভা সমষ্টিৰ ভিতৰৰ এখন। ই কামৰূপ জিলাত অৱস্থিত আৰু ই দৰং–ওদালগুৰি (লোকসভা সমষ্টি)ৰ এটা অংশ।
-
ছমৰীয়া বিধানসভা সমষ্টি
ছমৰীয়া বিধানসভা সমষ্টি (Chamaria Assembly constituency) উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। এই সমষ্টিটো ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ অধীনত নতুনকৈ গঠন কৰা হৈছিল। এই সমষ্টিটো কামৰূপ জিলাত অৱস্থিত আৰু ই গুৱাহাটী লোকসভা সমষ্টিৰ এটা অংশ।
-
পলাশবাৰী বিধানসভা সমষ্টি
পলাশবাৰী বিধানসভা সমষ্টি (ইংৰাজী: Palasbari Assembly constituency) হৈছে ভাৰতৰ অসম বিধানসভাৰ ১২৬ টা সমষ্টিৰ ভিতৰত অন্যতম। এই সমষ্টিটো অসমৰ কামৰূপ জিলাত অৱস্থিত। ই গুৱাহাটী লোকসভা সমষ্টিৰ এটা অংশ।
-
পোৱামক্কা
পোৱামক্কা (Powa Makkah) অসমৰ কামৰূপ জিলাৰ হাজোৰ গৰুড়াচল পাহাৰৰ শিখৰত অৱস্থিত মুছলমান সকলৰ পৱিত্ৰস্থান। চুফী সাধক শ্বেখ জালালুদ্দিন ওৰফে গিয়াচুদ্দিন আউলীয়াই কেইবাজনো আউলীয়াক লগত লৈ ইয়াত ইছলাম ধৰ্মৰ বাণী প্ৰচাৰ কৰিছিল। তেওঁৰ মৃত্যু সেই স্থানত তেওঁৰ মাজাৰ প্ৰতিষ্ঠা কৰা হয়।
-
ৰঙিয়া জংচন ৰেল ষ্টেচন
ৰঙিয়া জংচন হৈছে বাৰাউনী-গুৱাহাটী ৰেলপথৰ নিউ বঙাইগাঁও-গুৱাহাটী শাখাত আৰু ৰঙিয়া-ৰঙাপাৰা-ডেকাৰগাঁও/মুৰ্কংচেলেক পথত থকা এটি জংচন ৰেলৱে ষ্টেচন। ই কামৰূপ জিলাৰ ৰঙিয়া মহকুমাত অৱস্থিত। ই ৰঙিয়া আৰু ইয়াৰ নিকটৱৰ্তী অঞ্চল সমূহৰ মুখ্য ৰেলৱে ষ্টেচন।
-
মণিকৰ্ণেশ্বৰ দেৱালয়
মণিকৰ্ণেশ্বৰ দেৱালয় (Manikarneswar Devalaya) কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰৰ মণিশৈল পাহাৰৰ ওপৰত অৱস্থিত ঐতিহাসিক দেৱালয়। এই দেৱালয় ভগৱান শিৱৰ প্ৰতি উৎসৰ্গিত। ইটাৰে নিৰ্মিত এই মন্দিৰটো স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ ৰাজত্বকালত তৰাসদৃশ শিলৰ মূল ভেটিৰ ওপৰত পুনৰ নিৰ্মাণ কৰা হৈছিল।
-
শিলসাঁকো
শিলসাঁকো আছিল কামৰূপৰ হাজোৰ বৰনদীৰ ওপৰত থকা এখন প্ৰাচীন শিলৰ দলং। সময়ৰ লগে লগে নদীখনে নিজৰ গতিপথ সলনি কৰাৰ লগে লগে এতিয়া দলংখন আবদ্ধ হৈ পৰিছে এটা সৰু হ্ৰদৰ মাজত। প্ৰাচীন আৰু মধ্যযুগীয় যুগত ই আছিল এক গুৰুত্বপূৰ্ণ ট্ৰেনজিট পথ।
-
ৰঙিয়া সমজিলা
ৰঙিয়া সমজিলা (ইংৰাজী: Rangia Co-District) হৈছে ভাৰতৰ অসম ৰাজ্যৰ কামৰূপ জিলাৰ এটা প্ৰশাসনিক সমজিলা। ইয়াৰ মুখ্য কাৰ্যালয় ৰঙিয়াত অৱস্থিত। এই সমজিলা জিলাৰ ভিতৰত এটা বিশেষ অঞ্চলৰ প্ৰশাসন আৰু ৰাজহ সংগ্ৰহৰ বাবে দায়বদ্ধ।
-
কামৰূপী সংস্কৃতি
কামৰূপী সংস্কৃতি বুলিলে ঔপনিৱেশিক যুগৰ কামৰূপ জিলাৰ লোকসকলে অনুসৰণ কৰা সাংস্কৃতিক মূল্যবোধক বুজোৱা হয়।
-
ক্লক টাৱাৰ, ৰঙিয়া
ক্লক টাৱাৰ ৰঙিয়া হৈছে ভাৰতৰ অসম ৰাজ্যৰ ৰঙিয়াত অৱস্থিত এটা ক্লক টাৱাৰ। টাৱাৰৰ বিভিন্ন দিশত চাৰিটা ঘড়ী আছে। ই বৰলীয়া নদীৰ ওচৰত অৱস্থিত। চহৰখনৰ সৌন্দৰ্য্য বৃদ্ধিৰ বাবে ৰঙিয়া পৌৰসভাই এই টাৱাৰটো নিৰ্মাণ কৰিছে। ই অসমৰ আটাইতকৈ ওখ ঘড়ী স্তম্ভ। টাৱাৰটোৱে দিনটোৰ প্ৰতিটো ঘণ্টাত এটা ঘণ্টা বাজে।
-
সাতপখলী
সাতপখলী (Satpakhali) অসমৰ কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত এখন আদৰ্শ গাঁও। ২০১৪ চনত গুৱাহাটী লোকসভা সমষ্টিৰ তেতিয়াৰ সাংসদ বিজয়া চক্ৰৱৰ্তীয়ে সাংসদ আদৰ্শ গ্ৰাম যোজনাৰ অধীনত সাতপখলীক এখন আদৰ্শ গাঁও হিচাপে নিৰ্বাচন কৰে। জনশ্ৰুতিমতে, গাঁওখনৰ দক্ষিণে বৰভিঠা নামেৰে ঠাইত সাতটা পখলী আছিল।
-
সুঁৱৰি
সুঁৱৰি বা স'ৰি দক্ষিণ কামৰূপৰ এটি এদিনীয়া বসন্ত উৎসৱ। এই উৎসৱৰ আটাইতকৈ উল্লেখযোগ্য আকৰ্ষণ হ'ল দধি মথন ভাওনাৰ অভিনয়। শিশু কৃষ্ণৰ বাবে নন্দজায়া যশোদাৰ দধিমথন,কানাইৰ চাতুৰী প্ৰভৃতি এই উৎসৱৰ জৰিয়তে জনসাধাৰণে স্মৰণ কৰাৰ সুযোগ পায় বাবে ইয়াৰ নাম সুঁৱৰি (সংস্কৃতত স্মৰণিকা)।